

কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদক লৈ চৰ্চাৰ মাজতে বিজেপিৰ নেতা-মন্ত্ৰীসকল কংগ্ৰেছৰ কথাক লৈ মূৰ ঘামোৱা পৰিলক্ষিত হৈছে৷ এতিয়া কথাই কথাই কংগ্ৰেছৰ বিষয় টানি আনি বিজেপিৰ মন্ত্ৰীয়ে মন্তব্য দিয়া পৰিলক্ষিত হৈছে৷ এইবাৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীক লৈ মন্ত্ৰী পীয়ুষ হাজৰিকাই মন্তব্য প্ৰদান কৰি ভূপেন বৰাক আক্ৰমণ কৰিছে৷ মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে কংগ্ৰেছে আকাশত চাং পতাৰ দৰে কথা কৈ লাভ নাই। প্ৰথম কথা হ’ল তেওঁলোকৰ চৰকাৰ হ’ব লাগিব, তেতিয়াহে ভূপেন বৰা মুখ্যমন্ত্ৰী হ’ব পাৰিব। মন্ত্ৰী হাজৰিকাই আৰু কয় যে শুনি আছো ভূপেন বৰা সমষ্টি বদলাইছে। লুৰীণজ্যোতি গগৈও সমষ্টি বদলাব। তেওঁলোকৰ নিজৰ জিকাৰে ঠিক নাই। নিজৰ যদি জিকাৰ ঠিক থাকে সমষ্টি বদলাই ফুৰে নেকি মন্ত্ৰীগৰাকীয়ে ওলোটাই প্ৰশ্ন কৰে। মন্ত্ৰীগৰাকীয়ে পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ হ’ব বুলি দাবী কৰি কয় যে আমি ৰাইজৰ কাম কৰিছো, ৰাইজক সুশাসন দিছো৷ আমি আকৌ চৰকাৰ গঠন কৰিম। হিমন্ত বিশ্ব শৰ্মা আকৌ মুখ্যমন্ত্ৰী হ’ব। বিৰোধী ঐক্যমঞ্চৰ নাম সলনিক লৈও বিৰোধী ঐক্যমঞ্চক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে জ্যোতিষীৰ কথা মতে হয়তো তেওঁলোকে নাম বদলাইছে৷ নাম যিয়েই নহওক তেওঁলোকক কোনেও ৰক্ষা কৰিব নোৱাৰে৷ মানুহে আমাক ৰক্ষা কৰিব।