আছুৰ প্ৰাক্তন সম্পাদকৰ হাতত হেণ্ডকাফ, শংকৰজ্যোতি বৰুৱাক ন্যায়িক জিম্মালৈ প্ৰেৰণ

অসম আৰক্ষীৰ বিৰুদ্ধে পুনৰ এবাৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰাৰ অভিযোগ উঠিছে। এইবাৰ ডিব্ৰুগড় সদৰ আৰক্ষীয়ে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক সামান্য দাবী-ধমকিৰ গোচৰত গ্ৰেপ্তাৰ কৰি আদালতলৈ লৈ যোৱাৰ সময়ত হেণ্ডকাফ লগাই নিয়াৰ দৃশ্য জনসাধাৰণৰ দৃষ্টিগোচৰ হোৱাত, ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ সোঁত বৈছে।

উল্লেখযোগ্য যে, ভাৰতীয় সংবিধানৰ ২১নং অনুচ্ছেদ অনুসৰি উচ্চতম ন্যায়ালয়ে এক ৰায়যোগে স্পষ্টকৈ কৈছে যে অভিযুক্তক হেণ্ডকাফ লগোৱাৰ পূৰ্বে দণ্ডাধীশৰ অনুমতি আবশ্যক, আৰু ই একান্ত গম্ভীৰ তথা বিপজ্জনক অপৰাধীৰ ক্ষেত্ৰতেই প্ৰযোজ্য। কিন্তু শংকৰজ্যোতি বৰুৱাৰ দৰে এজন সমাজিক- ৰাজনৈতিক ব্যক্তিত্বৰ ক্ষেত্ৰত এই ধৰণৰ আচৰণে আৰক্ষীৰ মানৱাধিকাৰ উলংঘা কৰাৰ স্পষ্ট ছবি।

এই ঘটনাৰ পটভূমিত দুলীয়াজানত দুটা ফৈদৰ মাজত হোৱা সংঘৰ্ষ আৰু মাৰপিটৰ সময়ত শংকৰজ্যোতি বৰুৱা উপস্থিত থাকিলেও, তেওঁ নিজে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল বুলি কোৱা হৈছে। তথাপিও আৰক্ষীয়ে এগৰাকী মহিলাৰ এজাহাৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ একাধিক গুৰুতৰ ধাৰা যোগ কৰি তেওঁক গ্ৰেপ্তাৰ কৰে। যদিও প্ৰথম গোচৰত জামিন লাভ কৰে বৰুৱাই, দুলীয়াজান থানাত ৰুজু ৮৯/২০২৫ নম্বৰৰ দ্বিতীয় গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰা হয়।

এই ঘটনাৰ প্ৰতিবাদত মুখ খুলিছে বহু বিশিষ্ট ব্যক্তি। অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সামাজিক মাধ্যমত তীব্ৰ প্ৰতিবাদ জনাই আৰক্ষীৰ পৰা স্পষ্টীকৰণ বিচাৰিছে। জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামী, লেখক-চিন্তাবিদ ময়ূৰ বৰা, সাংবাদিক ললিত গগৈ, নৱনীল বৰুৱাৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ বেদব্ৰত বৰাই আৰক্ষীৰ এই আচৰণক “অমানৱীয়” আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিপৰীত বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে, এই ঘটনাক শংকৰজ্যোতি বৰুৱাৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বীয়ে উদ্দেশ্যমূলক নাটক বুলি আখ্যা দিছে আৰু তেওঁক মানসিকভাৱে হাৰাশাস্তি কৰাৰ চেষ্টাও চলিছে বুলি অভিযোগ কৰিছে তেওঁৰ সমৰ্থকে।

ঘটনাৰ মূল উৎস, দুলীয়াজানৰ বি.এন. সিং মালিকানাধীন ইণ্ডিয়ান অইল পেট্ৰল পাম্পত দুটা গোটৰ মাজত হোৱা সংঘাত। স্বত্বাধিকাৰে বিত্তীয় লেনদেনৰ ভিত্তিত সাহি নামৰ যুৱকক নতুনকৈ পাম্পটো দিবলৈ লোৱাৰ পাছত ৰীতেশ সিং সমৰ্থকসকলে সংঘাত সৃষ্টিৰ বাবে উপস্থিত হয়। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত সক্ষম হলেও, ইয়াৰ পাছতে ৰাজনৈতিক ৰূপ লৈ ঘটনা অধিক জটিল হয়।

ইতিমধ্যে ৰীতেশ সিঙে আদালতত গোচৰ তৰাৰ লগতে ২০২৭লৈ বৈধ লীজ কাগজ থকা বুলি দাবী কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত চলি আছে যদিও, শংকৰজ্যোতি বৰুৱাৰ হেণ্ডকাফ পৰিধানৰ দৃশ্যই এতিয়া ৰাজ্যত আইনী নীতিমালা, মানৱাধিকাৰ আৰু ৰাজনৈতিক অভিপ্ৰায়ৰ নতুন বিতৰ্কৰ জন্ম দিছে।

  • Related Posts

    ১৫ জুনত এডিআৰইৰ মৌখিক পৰীক্ষা, ৫ জুনত টেটৰ ফলাফল

    কালি নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ আহে৷ ফেচবুক লাইভত আহি কেইবাটাও ঘোষণা কৰিছে৷ এডিআৰই আৰু টেট পৰীক্ষাৰ ফলাফল ঘোষণাক লৈ বিশেষ মন্তব্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ মুখ্যমন্ত্ৰীয়ে পিজিটি আৰু…

    বহিৰাগতক ৰক্ষণা-বেক্ষণ দি সন্ত্ৰাসবাদীৰ দৰে অসমীয়াৰ হাতত হেণ্ডকাফঃ এজেৱাইছিপি

    সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক ৰাজহুৱা স্থানত হাতত হেণ্ডকাফ লগাই ঘুৰাই-ফুৰোৱা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ