আজিৰে পৰা আৰম্ভ হৈছে নামনি অসমৰ ঐতিহাসিক নলবাৰীৰ হৰি মন্দিৰৰ ৰাস মহোৎসৱ৷ বিগত প্ৰায় কেইবা সপ্তাহ ধৰি প্ৰস্তুতিৰ অন্তত আজি নলবাৰী ৰাস মহোসৱৰ কাৰ্যসূচী আৰম্ভ হ’ব৷ নলবাৰীৰ ৰাস আজি মুকলি কৰিব ৰামায়ণ ধাৰাবাহিকত ৰামৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গভিল৷ ৰামৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গভিল আৰু সীতাৰ চৰিত্ৰত অভিনয় কৰা দীপিকা চিখলিয়া আজি গুৱাহাটী বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে ৰাস উদযাপন সমিতিয়ে আদৰণি জনায়৷ বিশেষ বাহনেৰে গুৱাহাটীৰ পৰা নলবাৰী ৰাসলৈ আদৰি নিয়ে৷ জনপ্ৰিয় ধাৰাবাহিক ৰামায়ণৰ ৰামৰ চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেতা অৰুণ গোভিল আৰু দীপিকা চিখলিয়াই নলবাৰী পৰিদৰ্শন বঙলাৰ পৰা হৰি মন্দিৰলৈ বর্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰি অনা হ’ব।
গুৱাহাটীৰ বাৰত ড্ৰাগছ বিক্ৰী, বাৰ-ৰেষ্টুৰেণ্টত বাধ্যতামূলক চিচিটিভি, থাকিব লাগিব অতিৰিক্ত চালক
গুৱাহাটী মহানগৰ প্ৰশাসন, আবকাৰী বিভাগ আৰু গুৱাহাটী আৰক্ষীৰ চকু খোল খাইছে৷ শেহতীয়াকৈ দীপাৱলীৰ নিশা খানাপাৰাত দুৰ্ঘটনাত পতিত হৈ দীপিত দে’ আৰু কনামিকা বসুমতাৰী নামৰ যুৱক-যুৱতীৰ মৃত্যু হয়৷ সেই নিশা এখন…