আজিৰে পৰা ৫ দিনীয়াকৈ আৰম্ভ অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন, কি কি বিধেয়ক উত্থাপন কৰিব চৰকাৰে?

গুৱাহাটীঃ আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন। আজিৰে পৰা আৰম্ভ হোৱা এই পাঁচদিনীয়া অধিৱেশনৰ অন্ত পৰিব ৩০ আগষ্টত। বিধান সভাৰ অধিৱেশনৰ বাবে সাজু হৈছে শাসক-বিৰোধী উভয়ে।

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনটোত ১১খন বিধেয়ক উত্থাপন হ’ব। ইয়াৰে ৮খন সংশোধনী বিধেয়ক। তিনিখন বিধেয়ক উত্থাপন হ’ব। নতুন ৩খন বিধেয়ক ক্ৰমে ‘দি আছাম ৰিপিলিং বিল ২০২৪’, ‘আছাম ভেটেৰীনেৰী এণ্ড ফিছাৰী ইউনিভাৰ্ছিটি বিল ২০২৪’, দি আসাম আৰবান ৱাটাৰ বডিজ প্ৰিভেঞ্চন এণ্ড কনজাৰভেশ্যন বিল ২০২৪’।

উল্লেখ্য যে শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনটোত গৃহ, কৰ্মচাৰী, লোক নিৰ্মাণ, নিৰ্বাচন, ৰূপান্তৰ আৰু উন্নয়ন, মুখ্যমন্ত্ৰী সচিবালয়, ৰাজনৈতিক, প্ৰশাসনীয় সংস্কাৰ আৰু প্ৰশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, জনজাতি বিশ্বাস আদি বিভাগৰ আলোচনা হ’ব।

২২ আগষ্ট, ২৭, ২৮, ২৯ আৰু ৩০ আগষ্টলৈ চলিব এইবাৰৰ অধিৱেশন। সকলো সদস্যই বিচাৰিলে অধিৱেশনৰ দিন বাঢ়িব পাৰে বুলি জনায় অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে। বিভিন্ন প্ৰশ্নৰে সদন উত্তাল কৰিবলৈ সাজু হৈছে বিৰোধী বিধায়কসকলো। শাসকীয় কেবাজনো বিধায়কেও দিছে ৰাজ্যৰ বিভিন্ন অভাৱ অভিযোগ সম্পৰ্কীয় বহু প্ৰশ্ন।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, আইন শৃংখলা পৰিস্থিতিৰ অৱনতি, শিৱসাগৰত খিলঞ্জীয়া-বহিৰাগতৰ সংঘাত, গুৱাহাটীৰ কৃত্ৰিম বানপানী আদি বিষয় সদনত উত্থাপন কৰিম বুলি প্ৰকাশ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

পাঁচগৰাকী সদস্য ক্ৰমে পৰিমল শুক্লবৈদ্য, ৰকিবুল হুছেইন, ফণীভূষণ চৌধুৰী, ৰঞ্জিত দত্ত আৰু জয়ন্ত বসুমতাৰী লোকসভালৈ নিৰ্বাচিত হোৱাৰ বাবে এই অধিৱেশনত তেওঁলোকৰ আসনসমূহ খালী হৈ থাকিব। আন কেবাজনো সদস্য অসুস্থাতাত ভূগি থকাৰ বাবেও তেওঁলোকে আহিব নোৱাৰিব অধিৱেশনলৈ।

ইফালে বিধানসভা অধিৱেশনৰ প্ৰথম দিনটোতে আজি বিধানসভাৰ চৌহদত স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বিধায়ক অখিল গগৈয়ে।

  • Related Posts

    জাতিৰ আৱেগ ভাগ্যদেৱী থিয়েটাৰৰ বিদায় — এটা যুগৰ অন্ত

    অসমীয়াৰ হৃদয়ত ‘ভ্ৰাম্যমান থিয়েটাৰ’ শব্দটো উচ্চাৰণ হ’লেই যিটো নামটো মুকলি মনৰে ওলাই আহে, সেইটো হৈছে থিয়েটাৰ ভাগ্যদেৱী। ৰাস, পূজা, বিহু—সকলো উৎসৱ-অনুষ্ঠানত নাটক চাই উৎসৱ পুৰ্ণ কৰাৰ অভ্যাস আছিল অসমবাসীৰ। আৰু…

    ৯ লাখৰো অধিক ভক্তৰ সমাগম, নিজম পৰিল নীলাচল

    বিশ্বৰ ৫১ খন শক্তিপীঠৰ অন্যতম কামাখ্যা দেৱালয় চৌহদত ২২ জুনৰ দিনা বিয়লি ২ বাজি ৫৬ মিনিটত কামাখ্যা দেৱালয়ৰ পৰম্পৰা অনুসৰি প্ৰবৃত্তিৰে আৰম্ভ হোৱা পাঁচদিনীয়া অম্বুবাচী মহাযোগৰ বৃহস্পতিবাৰে পুৱতি নিশা ৩…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ