আদানিৰ কেলেংকাৰিৰে আছে গোপন সম্পৰ্ক, ক’লা ধন বিলাবৰ বাবে ঝাৰখণ্ডলৈ গৈছিল হিমন্ত বিশ্ব শৰ্মাঃ

আমেৰিকাৰ আদালতে উৎকোচৰ কেলেংকাৰিত অভিযুক্ত কৰা গৌতম আদানি কাণ্ডক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই৷ গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি ভূপেন কুমাৰ বৰাই গৌতম আদানীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে৷ এই কেলেংকাৰীত অভিযুক্ত গৌতম আদানী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গোপন সম্পৰ্ক থকা বুলি দাবী কৰি যুটীয়া সংসদীয় কমিটীৰ দ্বাৰা তদন্তৰ দাবী জনায়৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিচনে গৌতম আদানিক ২০০০ হাজাৰ কোটি টকাৰ কেলেংকাৰিত অভিযুক্ত কৰিছে। উচ্চতম ন্যায়ালয়েও গৌতম আদানিৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে। কিন্তু মুকলি আকাশৰ তলত আছে গৌতম আদানি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতিকৈ ঘনিষ্ঠ হোৱাৰ বাবেই আদানিৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হোৱা নাই। আমেৰিকাই গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা আৰু ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৌতম আদানিৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে৷ কিয়নো আদানি নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ। সৌৰ প্ৰকল্পৰ দ্বাৰা উৎপাদিত বিদ্যুৎ ক্ৰয়ৰ বাবে চৰকাৰক মেনেজ কৰিবলৈ গৌতম আদানীয়ে ৰাজ্যিক বিষয়াসকলক ২০০০ কোটি টকা উৎকোচ দিছিল বুলি উল্লেখ কৰি ভূপেন কুমাৰ বৰাই কয়, ‘‘আদানিৰে প্ৰত্যক্ষ লেন-দেন থকা বুলি আদালতত তথ্য থকা বুলি কোৱা হৈছে৷ কিন্তু এতিয়ালৈকে আদানিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। আদানিৰ টকাৰেই বিজেপিয়ে ৰাজ্যসমূহত চৰকাৰ ভঙা-পতা কৰে৷ বিভিন্ন ৰাজ্যৰ নিৰ্বাচনত সেই টকা ব্যয় কৰে।’ গৌতম আদানিৰ উৎকোচ কেলেংকাৰিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও জড়িত থকাৰ অভিযোগ উত্থাপন কৰি ভূপেন বৰাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ তথা দেশৰ সবাতকৈ বেছি দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী। এইগৰাকী মুখ্যমন্ত্ৰীৰ গৌতম আদানিৰ সহযোগী কোম্পানী আজুৰ পাৱাৰৰ সৈতে সম্পৰ্ক আছে৷ কোম্পানীৰ আঁৰৰ মানুহজন গৌতম আদানী। অসমত আজুৰ গ্ৰুপে ৯০ মেগাৱাট সৌৰশক্তি প্ৰকল্প আৰম্ভ কৰিছে। লক্ষণীয় বিষয় যে পূৰ্বতেই আদানি গ্ৰুপৰ পৰা এক মেগাৱাট বিদ্যুৎ ক্ৰয় কৰাৰ বাবদ ২৫ লাখ টকা ঘোচ দিয়াৰ ঘটনা পোহৰলৈ আহিছিল। আনহাতে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত গৌতম আদানী অসমলৈ আহিছিল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ ধৰিছিল। ইয়াৰ পাছত ২০২২ চনৰ জুলাই মাহত আজুৰ গ্ৰুপে অসমত ৯০ মেগাৱাট সৌৰশক্তি প্ৰকল্পৰ কাম আৰম্ভ কৰিছিল। অসম চৰকাৰে আদানী গ্ৰীণ আৰু আজুৰ গ্ৰুপৰে চুক্তি কৰিছিল। চুক্তি অনুসৰি ২৫ বছৰৰ বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে সৌৰশক্তি ক্ৰয় কৰিব। অৰ্থাৎ অসমৰ ৰাইজে ২৫ বছৰৰ বাবে আদানীৰ পৰা অধিক মূল্যত সৌৰশক্তি ক্ৰয় কৰিব লাগিব। ভূপেন বৰাই অসমত আজুৰ গ্ৰুপৰ সৌৰশক্তি প্ৰকল্পক তদন্তৰ আওতালৈ অনাৰ দাবী জনায় কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৈঠালাংছুত জনজাতি লোকৰ বসতি থকা ৭০০০ বিঘা ভূমি গৌতম আদানিক দিব বিচাৰিছে। চিমেণ্ট ফেক্টৰীৰ বাবে গৌতম আদানিক ভূমিখিনি দিব। অসমত আদানিৰ এই দুয়োটা দুৰ্নীতিৰ কংগ্ৰেছ দলে যুটীয়া সংসদীয় কমিটীৰ তদন্ত দাবী কৰে। আদানিক গ্ৰেপ্তাৰৰো দাবী জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে৷ ভূপেন কুমাৰ বৰাই ঝাৰখণ্ডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায় চাৰি মাহ ব্যস্ত থকা কাৰ্যক সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মাক পাৰ্ট টাইম মুখ্যমন্ত্ৰীও আখ্যা দিয়ে৷ মুখ্যমন্ত্ৰীয়ে অইন ৰাজ্যত মাহৰ পাছত মাহ ধৰি বহি আছে৷ ভাষণ দিবলৈ নহয়, অসমত দুৰ্নীতিৰে ঘটা ক’লা ধন নি তাত বিজেপিক জিকাবলৈ ব্যৱহাৰ কৰা হৈছে বুলি গুৰুতৰ অভিযোগ আনে বৰাই৷ ইফালে কাইলৈ ঘোষণা কৰিবলগীয়া উপ-নিৰ্বাচনৰ ফলাফলক লৈ যথেষ্ট আশাবাদী হৈ আছে বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

  • Brahmaputra Times

    Related Posts

    বিহালী জয়ৰ পিছতে গৌৰৱ গগৈক আক্ৰমণ পীয়ুষ-জয়ন্তমল্লৰ

    চামগুৰি সমষ্টিত বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মা জয়ী হোৱাত ৰকিবুল হুছেইনক আক্ৰমণৰ লক্ষ্য কৰি লয় জয়ন্ত মল্লবৰুৱাই৷ অসমত বংশবাদ কেতিয়াও নচলে বুলি ৰকিবুল হুছেইনক কটাক্ষ কৰি বংশবাদ আৰম্ভ কৰাজনৰ দিনতে এতিয়া কংগ্ৰেছৰ…

    দুই সমষ্টি মিলি আপৰ ভোটৰ সংখ্যা ২১৫১টা

    দিল্লী আৰু পঞ্জাৱত চৰকাৰ চলাই থকা ৰাষ্ট্ৰীয় দল স্বীকৃত আম আদমী পাৰ্টীয়ে অত্যুৎসাহী সিদ্ধান্ত লৈ অসমত অনুষ্ঠিত উপ-নিৰ্বাচনত দুই সমষ্টিত প্ৰাৰ্থী থিয় কৰাইছিল যদিও দুয়োটা সমষ্টিতে অতি লজ্জাজনকভাৱে পৰাজিত হৈছে৷…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    ঝাৰখণ্ডৰ নিৰ্বাচনত সৰ্বশক্তিৰে জঁপিয়াই পৰাৰ পিছতো কিয় পৰাজিত হ’ল বিজেপি…

    ঝাৰখণ্ডৰ নিৰ্বাচনত সৰ্বশক্তিৰে জঁপিয়াই পৰাৰ পিছতো কিয় পৰাজিত হ’ল বিজেপি…

    নৰেন্দ্ৰ মোডীলৈ গোলকীয় শান্তি বঁটা…

    নৰেন্দ্ৰ মোডীলৈ গোলকীয় শান্তি বঁটা…

    ৱয়নাডত প্ৰিয়ংকা গান্ধীলৈ ৰাইজৰ বিপুল সঁহাৰি…

    ৱয়নাডত প্ৰিয়ংকা গান্ধীলৈ ৰাইজৰ বিপুল সঁহাৰি…

    ঝাৰখণ্ডত পুনৰ ইণ্ডিয়াৰ চৰকাৰ

    • By editor
    • November 23, 2024
    • 4 views

    মহাৰাষ্ট্ৰত পুনৰ এনডিএৰ চৰকাৰ

    • By editor
    • November 23, 2024
    • 9 views

    ভাৰতীয় নৌসেনাৰ চাবমেৰিনৰ খুন্দাত ধৰাশায়ী ১৩ জনীয়া মাছমৰীয়া নাৱ…

    ভাৰতীয় নৌসেনাৰ চাবমেৰিনৰ খুন্দাত ধৰাশায়ী ১৩ জনীয়া মাছমৰীয়া নাৱ…