
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা মাটি গৌতম আদানীক দিয়াৰ সিদ্ধান্তৰ আমি তীব্ৰ বিৰুদ্ধিতা কৰিছোঁ। এই মাটি ট্ৰাইবেল বেল্টৰ অন্তৰ্গত — ই সাধাৰণ জনতাৰ হক, কেতিয়াও কোনো পুঁজিপতিক দিয়া নহ’ব।”
গগৈয়ে স্থানীয় লোকৰ পৰা পৰিস্থিতিৰ বুজ লয় আৰু কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে ‘মামা-মামী, আদানী-আম্বানীক’ মাটি দিয়াৰ ব্যৱস্থা কৰিছে, কিন্তু সাধাৰণ ৰাইজ মাটিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে।
তেওঁ বিস্ফোৰকভাৱে কয়, “মামীয়ে মাটি পাইছে, মামাই মাটি পাইছে, আদানীয়ে পাইছে, আম্বানীয়ে পাইছে — কিন্তু গাঁওখনৰ কৃষকে, খেতিয়কে, বেয়া-বেচিকে মাটি পায় নে?” তেওঁ লগতে চৰকাৰৰ আঁচনি বিতৰণৰ ক্ষেত্ৰতো অসাম্যৰ অভিযোগ উত্থাপন কৰি কয়, “অৰুণোদয়ত ১২০০ টকা দিব, আৰু মুখ্যমন্ত্ৰী-মন্ত্ৰী-বিধায়কসকলৰ পৰিয়ালে ১০-৩০ লাখ টকা পাব? ইয়ে কিমান ন্যায়সঙ্গত?”
বাসবাৰীত উচ্ছেদৰ আশংকা আৰু ভূমি দানৰ বিষয়ে প্ৰতিদিনেই বড়ো জনগোষ্ঠীয়ে চলাই থকা প্ৰতিবাদৰ মাজতেই গৌৰৱ গগৈয়ে জনসাধাৰণৰ মাজলৈ ওলাই আহে। তেওঁ কয়, “এইটো কেৱল ভূমিৰ বিষয় নহয় — এইটো হৈছে আত্মসম্মান, অধিকাৰ আৰু ভৱিষ্যতৰ লড়াই।”
বিটিচি নিৰ্বাচনত মাটি হ’ব মূল ইস্যু
গৌৰৱ গগৈয়ে ঘোষণা কৰে যে অহা বিটিচি নিৰ্বাচনত কংগ্ৰেছে মাটিৰ অধিকাৰক মূল ইস্যু হিচাপে লৈ আগবাঢ়িব। তেওঁ কয়, “বিজেপিয়ে কেৱল ৰাজনৈতিক আৰু ধন-সম্পদ বিত্তীয় গোটৰ স্বাৰ্থ ৰক্ষা কৰিছে। আমি কংগ্ৰেছ, ৰাইজৰ দল — আমি ৰাইজৰ অধিকাৰ আৰু আশা-আকাংক্ষা আগবঢ়াম।”
চৰকাৰৰ তীব্ৰ সমালোচনা, মুখ্যমন্ত্ৰীক ‘ভগৱানৰ আশীৰ্বাদ’
মুখ্যমন্ত্ৰীয়ে তেওঁক লৈ সদায় ব্যক্ত কৰা সমালোচনাৰ প্ৰত্যুত্তৰত গগৈয়ে সংযম বজাই ৰাখি কয়, “সবকো সন্মতি দে ভগবান, সকলোৰে মঙ্গল হওঁক।” ইয়াৰ দ্বাৰা তেওঁ এক নৈতিক উচ্চতা প্ৰকাশ কৰে।
ভৱিষ্যৎ প্ৰতিশ্ৰুতি আৰু জনতাৰ আশা
গগৈয়ে কয়, কংগ্ৰেছ আজি জনতাৰ মাজতেই সঞ্জীৱিনী শক্তি বিচাৰি আহিছে। তেওঁ কয়, “এইবাৰ কষ্ট কৰিব লাগিব। বিটিচি নিৰ্বাচনত কংগ্ৰেছ চূড়ান্তভাৱে প্ৰস্তুত। প্ৰতিটো সমষ্টিৰ বাবে প্ৰাৰ্থী সাজু। হাতৰ চিনতেই হ’ব আমাৰ আশাৰ প্ৰতীক।”
সাংস্কৃতিক সংযোগ আৰু আধ্যাত্মিকতা
তেওঁ পর্বতঝোৰাৰ ঐতিহ্যবাহী মা মহামায়া মন্দিৰত পূজা-অৰ্চনা কৰি কয়, “মাৰ আশীৰ্বাদৰ শক্তিৰে আমি লৰিম, ৰাইজৰ জীৱন শান্তিময় হওঁক।”
জনসাধাৰণৰ অভূতপূৰ্ব আদৰণি
গৌৰৱ গগৈৰ কোকৰাঝাৰ আগমনত ৰে’ল ষ্টেচনত ব্যাপক জনসমাগম হয়। “গৌৰৱ গগৈ জিন্দাবাদ” ধ্বনিতে মুখৰিত হয় সমগ্ৰ অঞ্চল। দলীয় কাৰ্যালয়ত তেওঁ দলীয় বৈঠকত অংশ লয় আৰু কয়, “সমষ্টিত এজনহে টিকট পাব, কিন্তু আমি সমষ্টিবাসীৰ ওচৰত হাতৰ চিনৰ বাবে যাব।”