আপ ত্যাগ ঋষিৰাজ কৌণ্ডিন্যৰ

আম আদমী পাৰ্টীৰ অসম ৰাজ্যিক সমিতি মোক্ষম আঘাত অব্যাহত আছে৷ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ পিছতে এইবাৰ কাৰ্যকৰী সভাপতি ঋষিৰাজ কৌণ্ডিন্যই দল ত্যাগৰ ঘোষণা কৰিছে৷ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অব্যাহত থকাৰ সময়তে আপ অসমৰ ৰাজ্যিক আয়োজক সম্পাদক ঋষিৰাজ কৌণ্ডিন্যই সকলো দলৰ পদৰ পৰা পদত্যাগ পত্ৰ প্ৰদান কৰিছে। এইগৰাকী ঋষিৰাজ কৌণ্ডিন্যই বিগত ২০২৪ চনৰ লোকসভা নিৰ্বাচনত শোণিতপুৰত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাজিত হয়৷ কৌণ্ডিন্যই দলৰ নেতৃত্বত পদত্যাগ পত্ৰ প্ৰদান কৰি আনুষ্ঠানিকভাৱে পদত্যাগ ঘোষণা কৰি কয় যে মোক দায়িত্ব বিভিন্ন দিয়াৰ অৰ্পণ কৰাত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছো৷ দায়িত্বসমূহ নিষ্ঠাৰে পালন কৰিছিলো। অৱশ্যে, মই দলৰ দায়িত্ব পালন অব্যাহত ৰাখিবলৈ অক্ষম। সেয়েহে, এই পত্ৰখনৰ জৰিয়তে, মই ৰাজ্যিক উপ-সভাপতি, ৰাজ্যিক কাৰ্যবাহী সদস্য আৰু প্ৰাথমিক সদস্যপদকে ধৰি আন সকলো দলৰ দায়িত্বৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰিছো। ক’বলৈ গ’লে অসমত ক্ৰমে অস্তিত্বহীন হৈ পৰিছে আম আদমী পাৰ্টী৷ দিল্লীত দলটোৱে বেয়াকৈ পৰাজিত হোৱাৰ পিছতে সমগ্ৰ দেশৰ নেতাসকলে দল ত্যাগ কৰাৰ লগতে অসমত নেতাসকলে দল ত্যাগ কৰিবলৈ আৰম্ভ কৰিছে৷ অসমত শেহতীয়াকৈ কেইবাগৰাকী নেতা-নেত্ৰীয়ে দলত্যাগৰ সময়তে আজি ৰাজ্যিক সমিতিৰ সভাপতিয়ে দলত্যাগ কৰিছে৷ ৰাজ্যিক সমিতিৰ সভাপতি মনোজ ধানোৱাৰ আৰু ৰাজ্যিক মহিলা সমিতিৰ সভানেত্ৰী মাছুমা বেগমেও দল ত্যাগ কৰিছে৷

  • Related Posts

    “কংগ্ৰেছে ভাৰতবাসীক ক্ষমা খুজিব লাগিব”, জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ উপলক্ষে বিজেপিৰ ‘যুৱ সংসদ’

    ১৯৭৫ চনৰ ২৫ জুন তাৰিখে কংগ্ৰেছ চৰকাৰৰ অধীনত দেশত জৰুৰীকালীন অৱস্থা আৰোপৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি আজি অসম প্ৰদেশ বিজেপি যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ উদ্যোগত গুৱাহাটীৰ…

    “খিলঞ্জীয়াৰ মাটি পুঁজিপতিক গতাব”, ভূমি আইন সংশোধনৰ প্ৰস্তাৱক লৈ প্ৰশ্ন লুৰীণজ্যোতি গগৈৰ

    অসমত খিলঞ্জীয়া ৰাইজৰ পুৰুষ-পূৰ্বেৰে ৰক্ষা কৰি অহা ভূমি এতিয়া পুঁজিপতি গোষ্ঠীৰ হাতলৈ দিয়াৰ চেষ্টাত চৰকাৰ লিপ্ত হৈছে — এনে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদ (অজাপ)। আজি গুৱাহাটীত অনুষ্ঠিত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ