আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ গৌতম আদানীৰ বিৰুদ্ধে হাজাৰ হাজাৰ কোটি টকাৰ ঘোটালা সংঘটিত কৰা আৰু ৰাজহুৱা সম্পত্তি দখল কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে কংগ্ৰেছ দলে৷ ৬২ বছৰীয়া গৌতম আদানিৰ বন্দৰ, বিমানবন্দৰৰ, শক্তি, খনন আদিকে ধৰি বিগত ১০ বছৰত ব্যৱসায়িক সাম্ৰাজ্য গঢ়ি তুলিছে৷ এছিয়াৰ অন্যতম ধনীৰ তালিকাত আছে আদানী৷ ইয়াৰ পূৰ্বে অবৈধ চেল কোম্পানীৰ জড়িয়তে শ্বেয়াৰ মাৰ্কেটত কাৰচাজি কৰি বিনিয়োগকাৰীক আকৃষ্ট কৰাৰ অভিযোগ আনিছিল আমেৰিকাৰ গৱেষক সংস্থা হিণ্ডেনবাৰ্গে৷ এইবাৰ আমেৰিকা যুক্ত ৰাষ্ট্ৰই বিনিয়োগকাৰীক মিছা তথ্যৰে প্ৰলোভিত কৰি বণ্ডৰ জড়িয়তে ধন সংগ্ৰহ কৰাৰ অভিযোগত আমেৰিকা যুক্তৰাষ্ট্ৰত গোচৰ ৰুজু হৈছে গৌতম আদানীৰ বিৰুদ্ধে৷ কেৱল গোচৰেই নহয় গ্ৰেপ্তাৰি পৰোৱানা জাৰি কৰা হৈছে৷ গৌতম আদানিৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপিত হৈছে৷ নিউয়ৰ্কত দাখিল কৰা অপৰাধমূলক অভিযোগত এছিয়াৰ অন্যতম ধনী ব্যক্তি ৬২ বছৰীয়া আদানিৰ বাবে আঘাত হিচাপে গণ্য কৰা হৈছে৷ কিন্তু আদানি গ্ৰুপে অভিযোগ অস্বীকাৰ কৰিছে আৰু ভিত্তিহীন বুলি অভিহিত কৰিছে। জানিব পৰা মতে, আদানি গ্ৰীণ এনাৰ্জি লিমিটেড ভাৰত চৰকাৰৰ ১২ গিগাৱাট সৌৰ শক্তি প্ৰকল্প লাভ কৰিবলৈ এই প্ৰৱঞ্চনা কৰিছিল। সৌৰ শক্তি প্ৰকল্পৰ কাম লাভ কৰিবলৈ ভাৰত চৰকাৰৰ বিষয়াক প্ৰায় ২২০০ কোটি টকা ঘোচ লৈছিল৷ বিষয়াক ঘোচ দিয়া টকা আমেৰিকাৰ বিনিয়োগকাৰীৰ পৰা বণ্ড যোগে সংগ্ৰহ কৰিছিল৷ কিন্তু বিষয়াক ঘোচ দিয়াটো সঁচা নে? সৌৰ শক্তি প্ৰকল্পৰ কাম আদানী গ্ৰুপে সঁচাকৈ লাভ কৰিছিল নে? কিন্তু আমেৰিকাৰ বিনিয়োগকাৰীক ভুৱা তথ্য দি প্ৰৱঞ্চনা কৰিছিল সেয়া সঁটা প্ৰমাণিত হৈছে৷ গৌতম আদানিৰ বিৰুদ্ধে বিনিয়োগকাৰীসকলক প্ৰৱঞ্চনা কৰাৰ অভিযোগ আছে। গৌতম আদানিক উৎকোচ আৰু প্ৰৱঞ্চনা গোচৰত নিউয়ৰ্কত অভিযুক্ত কৰা হৈছে। গৌতম আদানি আৰু আন ৭ জনৰ বিৰুদ্ধে আমেৰিকাৰ বিনিয়োগকাৰীক প্ৰৱঞ্চনা কৰা আৰু চৰকাৰী বিষয়াক উৎকোচ দিয়াৰ অভিযোগ কেৱল অভিযুক্ত কৰাই নহয় গ্ৰেপ্তাৰি পৰোৱানা জাৰি কৰা হৈছে৷ গৌতম আদানিক নিউয়ৰ্কৰ ফেডাৰেল আদালতে সৌৰ চুক্তিৰ বাবে ২,১০০ কোটি টকা উৎকোচ দিয়া আৰু আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীসকলক বিপথে পৰিচালিত কৰাৰ বাবে দোষী সাব্যস্ত কৰিছে। কিন্তু আদানি এণ্টাৰপ্ৰাইজে ৬০০ নিযুত ডলাৰৰ বণ্ড বাতিল কৰে৷ আমেৰিকা তদন্তকাৰী কৰ্তৃপক্ষই জাৰি কৰা তথ্য মতে, আদানি আৰু তেওঁৰ ভতিজা সাগৰ আদানিকে ধৰি আন ৭ জনে ভাৰত চৰকাৰৰ বিষয়াসকলক প্ৰায় ২৬৫ নিযুত ডলাৰ উৎকোচ দিয়ে৷ ফলত ভাৰতৰ সৰ্ববৃহৎ সৌৰ প্ৰকল্প লাভ কৰিব আৰু তাৰ পৰা ২০ বছৰত ২ বিলিয়ন ডলাৰ লাভ হ’ব বুলি আশ্বস্ত কৰিছিল আমেৰিকাৰ বিনিয়োগকাৰীক। আদানি আৰু আদানি গ্ৰীণ এনাৰ্জীৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া বিনীত জৈনে আমেৰিকাৰ বিনিয়োগকাৰীক প্ৰৱঞ্চনা কৰি ৩ বিলিয়ন ডলাৰৰ অধিক ঋণ আৰু বণ্ড সংগ্ৰহ কৰিছিল৷ গৌতম আদানিক ব্যক্তিগতভাৱে ‘দ্য বিগ মেন’ৰ কোড নম্বৰেৰে সম্বোধন কৰিছিল৷ এই সমস্ত দুৰ্নীতিৰ তথ্য মজুত আছে বুলি কয় আমেৰিকা কৰ্তৃপক্ষই৷

  • Brahmaputra Times

    Related Posts

    ঝাৰখণ্ডৰ নিৰ্বাচনত সৰ্বশক্তিৰে জঁপিয়াই পৰাৰ পিছতো কিয় পৰাজিত হ’ল বিজেপি…

    ৰাজ্য়ৰ পাঁচটা সমষ্টিত বিজেপি আৰু মিত্রজোঁটৰ অভূতপূৰ্ব সাফল্যৰ পাছতো সুখী হ’ব নোৱাৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । ইয়াৰ মূলতে হৈছে ঝাৰখণ্ডৰ নিৰ্বাচনী ফলাফল । বিজেপি নেতৃত্বাধীন এ ডি এয়ে মহাৰাষ্ট্ৰত…

    নৰেন্দ্ৰ মোডীলৈ গোলকীয় শান্তি বঁটা…

    মেৰিলেণ্ডৰ স্লিগো ছেভেন্থ-ডে এডভেণ্টিষ্ট চাৰ্চত শুকুৰবাৰে এক অনুষ্ঠানত এটা নতুনকৈ গঠিত বেচৰকাৰী সংগঠন ”ইণ্ডিয়ান আমেৰিকান মাইনোৰিটিজ এছ’চিয়েচন” (AIAM)- এ আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰে। এই সংগঠনৰ উদ্দেশ্য হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    ঝাৰখণ্ডৰ নিৰ্বাচনত সৰ্বশক্তিৰে জঁপিয়াই পৰাৰ পিছতো কিয় পৰাজিত হ’ল বিজেপি…

    ঝাৰখণ্ডৰ নিৰ্বাচনত সৰ্বশক্তিৰে জঁপিয়াই পৰাৰ পিছতো কিয় পৰাজিত হ’ল বিজেপি…

    নৰেন্দ্ৰ মোডীলৈ গোলকীয় শান্তি বঁটা…

    নৰেন্দ্ৰ মোডীলৈ গোলকীয় শান্তি বঁটা…

    ৱয়নাডত প্ৰিয়ংকা গান্ধীলৈ ৰাইজৰ বিপুল সঁহাৰি…

    ৱয়নাডত প্ৰিয়ংকা গান্ধীলৈ ৰাইজৰ বিপুল সঁহাৰি…

    ঝাৰখণ্ডত পুনৰ ইণ্ডিয়াৰ চৰকাৰ

    • By editor
    • November 23, 2024
    • 4 views

    মহাৰাষ্ট্ৰত পুনৰ এনডিএৰ চৰকাৰ

    • By editor
    • November 23, 2024
    • 8 views

    ভাৰতীয় নৌসেনাৰ চাবমেৰিনৰ খুন্দাত ধৰাশায়ী ১৩ জনীয়া মাছমৰীয়া নাৱ…

    ভাৰতীয় নৌসেনাৰ চাবমেৰিনৰ খুন্দাত ধৰাশায়ী ১৩ জনীয়া মাছমৰীয়া নাৱ…