আম্বেদকাৰৰ প্ৰতিমূৰ্তি ঢকা দেৱাল ভাঙিবলৈ মুখ্যমন্ত্ৰীলৈ পত্ৰ

সংবিধান প্ৰণেতা বাবাচাহেব আম্বেদকাৰৰ দিছপুৰ সবিচালয়ত থকা প্ৰতিমূৰ্তি ৰাইজে শ্ৰদ্ধা জনাব পৰাকৈ মুকলি কৰি দিব লাগে বুলি বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত শইকীয়াই উল্লেখ কৰে যে দেশৰ সংবিধান ৰচয়িতাজনৰ পূৰ্ণাংগ মূৰ্তিটো হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অহাৰ পিছতে ওখ দেৱাল দি ৰাইজে নেদেখাকৈ ঢাকি দিয়া হৈছে। বাবাচাহেব আম্বেদকাৰৰ প্ৰতি এয়া চূড়ান্ত অপমান বুলি উল্লেখ কৰি তেওঁ কয় যে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকা সময়ত বাবাচাহেব আম্বেদকাৰৰ নামত এক গৱেষণা প্ৰতিষ্ঠান আৰম্ভ কৰিব বুলি ৰাজহুৱাভাৱে ঘোষণা কৰিছিল। কিন্তু সেই ঘোষণা অসাৰ হৈ পৰিল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে তাতকৈ বেছি অপমানজনকভাৱে আম্বেদকাৰৰ প্ৰতিমূৰ্তিটোকে ঢাকি দিয়াৰ ব্যৱস্থা কৰিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ লিখা পত্ৰখনত শইকীয়াই আম্বেদকাৰৰ প্ৰতিমূৰ্তি ৰাজহুৱা কৰা আৰু তেখেতৰ নামত এটা গৱেষণা প্ৰতিষ্ঠান আৰম্ভ কৰাৰ দাবী উত্থাপন কৰে। ইফালে, শইকীয়াই বৰ্তমানৰ চৰকাৰখনে বিগত বৰ্ষটোত ঘোষণা কৰা প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ কৰে। ১ লাখ ৫৫ হাজাৰ কোটি টকা ঋণৰ বোজা লোৱা চৰকাৰখনে এই ধনৰাশি কি কামত ব্যৱহাৰ কৰিছে সেই কথা ৰাজহুৱা কৰিব লাগে বুলি দাবী উত্থাপন কৰি কয় যে কেৱল ফ্লাই অভাৰ নিৰ্মাণ কৰিলেই ৰাইজৰ মৌলিক সমস্যা সমাধান নহয়। একেদৰে চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰি সেইসকল দুখীয়া ৰাইজক পঞ্চায়ত নিৰ্বাচনত প্ৰতিনিধি হিচাপে নিৰ্বাচিত হ’বলৈ নিদিয়াৰ যি ভয়ংকৰ ষড়যন্ত্ৰ কৰিছে সেয়া ধনী মানুহৰ হাতলৈ শাসনভাৰ অনাৰ ষড়যন্ত্ৰ বুলি শইকীয়াই উল্লেখ কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে শেহতীয়াকৈ মুকলি কৰা জাননীত পঞ্চায়ত নিৰ্বাচনত হিতাধিকাৰীসকলে অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি উল্লেখ কৰিছিল। এই জাননী অগণতান্ত্ৰিক বুলিও শইকীয়াই উল্লেখ কৰে। ইফালে, অসমত সাধাৰণ শ্ৰেণীৰ নাগৰিকৰ ওপৰত নিৰ্যাতন বৃদ্ধি হোৱাত উদ্বেগ প্ৰকাশ কৰি আৰক্ষীক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰা বুলি অভিযোগ কৰে। ৰঙিয়াৰ এটা দৰিদ্ৰ পৰিয়ালৰ প্ৰতিনিধি ধৰ্মেন্দ্ৰ নাথক নৃশংসভাৱে হত্যা কৰাৰ পিছত আৰক্ষীয়ে সঠিকভাৱে তদন্ত নকৰা আৰু কেৱলমাত্ৰ ভাৰপ্ৰাপ্ত বিষয়াজনকহে শাস্তিমূলক বদলি কৰাটোত আশ্চৰ্য প্ৰকাশ কৰি ধৰ্মেন্দ্ৰ নাথৰ হত্যাৰ লগত জড়িত অভিযুক্তক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়। অসমত সকলো পৰ্যায়তে অপৰাধ বৃদ্ধি পাইছে বুলি উল্লেখ কৰি শইকীয়াই কয় যে নাৰীজনিত অপৰাধ অসমত সৰ্বাধিক যদিও আৰক্ষীৰ হেমাহিৰ বাবে অভিযুক্তসকল সাৰি যাবলৈ সক্ষম হৈ আহিছে। ইফালে, ২০২১ চনৰ মে’ মাহৰ ২০২২ চনৰ আগষ্ট পৰ্যন্ত অসমত ১৭১টা আৰক্ষীৰ দ্বাৰা এনকাউণ্টাৰ হোৱা বুলি উল্লেখ কৰি শইকীয়াই কয় যে আৰক্ষীৰ এনকাউণ্টাৰত ইতিমধ্যে ৫৬জন লোকৰ মৃত্যু হৈছে আৰু ১৪৫ জন গুৰুতৰভাৱে আহত হৈছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অসম সন্তান উজ্জ্বল ভূঞাই চৰকাৰৰ দ্বাৰা সংঘটিত এনে ঘটনা বে-আইনী বুলি উল্লেখ কৰিছে। সাধাৰণ মানুহৰ ভীতিগ্ৰস্ত কৰিবৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনে আইন বহিৰ্ভূত হত্যাৰ লগত জড়িত বুলি তেখেতে উল্লেখ কৰে। শইকীয়াই অসমৰ ২৫ খন জিলাত জলবায়ু পৰিৱৰ্তনৰ বিষয়টো উল্লেখ কৰি এই জলবায়ু পৰিৱৰ্তনে চাহখেতিত ব্যাপক প্ৰভাৱ পেলাব বুলি কয় আৰু অসমৰ অৰ্থনীতিত ক্ষুদ্ৰ চাহখেতিয়কসকলে যি বৰঙণি আগবঢ়াই আহিছে ইয়াৰ দ্বাৰা সেয়া ক্ষতিগ্ৰস্ত হ’ব বুলি উল্লেখ কৰে। চীনৰ বৃহৎ নদীবান্ধ সন্দৰ্ভত ব্ৰহ্মপুত্ৰৰ ওপৰত পৰিব পৰা প্ৰভাৱ ৰাজহুৱা কৰিবলৈকো শইকীয়াই চৰকাৰৰ প্ৰতি আহ্বান জনায়। সংবাদমেলৰ আঁত ধৰে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই।

  • Related Posts

    সাংবাদিকক বিনাচৰ্তে মুক্তিৰ দাবী ভূপেন বৰাৰ

    চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ নামত থকা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰি পৰিৱেশন কৰাৰ পিছত এজন সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনা গণতন্ত্ৰৰ পৰিপন্থী। সংবাদ পৰিৱেশন কৰাৰ স্বাধীনতা সাংবাদিকৰ পূৰামাত্ৰাই…

    গীত-কবিতাৰে জীপাল জ্যোতিপ্ৰসাদৰ জ্যোতিতীৰ্থ ভৱন, পোনাকণ বৰুৱাৰ ওপজা দিন পালন

    আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান আৰু জীৱনজোৰা সাধনাৰ স্মৃতি বিজড়িত তামোলবাৰী চাহ বাগিচাৰ জ্যোতি তীৰ্থ ভৱনত চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই ব্যতিক্ৰৰ্মী ওপজা দিন পালন কৰে৷ সুধীসমাজ, জ্যেষ্ঠ নাগৰিক, শুভকাংক্ষী, দলীয় সতীৰ্থ,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…