আলফা স্বাধীনে ধন দাবী কৰা নাই, অসমৰ থলগিৰীক ধন নিদিবলৈ আহ্বান

অএনজিচিৰ বিষয়া-কৰ্মচাৰীক অপহৰণ আৰু অপহৰণৰ প্ৰয়াস কৰাৰ মাজতে আলফা স্বাধীনৰ পেডত একাংশ ব্যৱসায়ীক ধন দাবী পত্ৰ প্ৰদান কৰি ধন দাবী কৰি আদায় দিবলৈ ভাবুকি দিয়াৰ অভিযোগ উঠিছে৷ বিশেষকৈ যোৰহাট জিলাত ধন দাবীৰ ঘটনাই আতংকৰ সৃষ্টি কৰিছে৷ অসমৰ সংবাদমাধ্যমত আলফা স্বাধীনে ধন দাবীৰ বাতৰি প্ৰকাশৰ পাছতে আজি আলফা স্বাধীনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ এক বিবৃতি যোগে ধন দাবীৰ ঘটনাৰ সৈতে আলফা স্বাধীন জড়িত নহয় বুলি দাবী কৰিছে৷ আলফা স্বাধীনে ধন দাবীৰ ঘটনাক নস্যাৎ কৰি আলফা স্বাধীনৰ নামত ছদ্মবেশী লোক জড়িত বুলি অভিযোগ কৰিছে৷ অজ্ঞাত অসীম অসম নামৰ লোকজনে আলফা স্বাধীনৰ নাম লৈ ধন দাবী কৰাটো আলফা স্বাধীনৰ দৃষ্টিগোচৰ হোৱা বুলি কৈ সেইজনলোক আলফা স্বাধীনৰ সৈতে জড়িত নহয় বুলি কয়৷ সহ-প্ৰচাৰ সম্পাদক ঈশান অসমে সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত আলফা স্বাধীনে কয় যে যোৰহাটৰ ব্যৱসায়ীক সন্থাৰ লগতে থলগিৰী অসমবাসীক জনাব খোজো যে আলফা স্বাধীনৰ বিত্ত বিভাগত অসীম অসম বুলি কোনো লোক নাই৷ লগতে ধন দাবীৰ কোনো পত্ৰ আলফা স্বাধীনে প্ৰেৰণ কৰা নাই৷ পূৰ্বেও আলফা স্বাধীনৰ নাম লৈ দুৰ্বৃত্তই ধন দাবীৰ উদাহৰণ থকাৰ লগতে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ উদাহৰণ থকা বুলি কৈ অসীম অসম নামৰ ছদ্মবেশীজনক সহযোগ নকৰিবলৈ যোৰহাটৰ বিভিন্ন ব্যৱসায়ীক অনুষ্ঠান, প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীক আহ্বান জনাই আলফা স্বাধীনে৷ খবৰ মতে, উজনি অসমৰ যোৰহাট জিলাৰ বচ বচা ব্যৱসায়ীক আলফা স্বাধীনৰ নামত কেপ্টেইন অসীম অসমৰ স্বাক্ষৰিত দাবী পত্ৰ প্ৰেৰণ কৰা হৈছে। ডাক যোগে প্ৰেৰণ কৰা ধন দাবীৰ পত্ৰসমূহত ৩-৪ লাখ টকাকৈ দাবী কৰা হৈছে। দাবী কৰা ধন ইথাৰিয়াম ক্ৰিপ্ট কাৰেন্সিৰ জৰিয়তে নিৰ্দিষ্ট কৰি দিয়া ক্ৰিপ্ট ৱালেটত প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। দাবী কৰা ধন ২৭ অক্টোবৰৰ ভিতৰত আদায় দিবলৈ দাবী পত্ৰখনত নিৰ্দেশ দিয়া হৈছে। এনেদৰে দীৰ্ঘদিনৰ মূৰকত আলফা স্বাধীন সক্ৰিয় হোৱাত ব্যৱসায়ীসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে। ইতিমধ্যে যোৰহাট আৰক্ষীৰ কাষ চাপিছে ব্যৱসায়ীসকল৷ যোৰহাট আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

  • Related Posts

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

    গৌৰৱ গগৈৰ প্ৰেৰণাৎসূত বটল নিক্ষেপ? ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ গোলাঘাটত বটল নিক্ষেপৰ ঘটনাক লৈ ৰাজ্যজুৰি বিজেপিৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নানা অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে