উজনিৰ মুখ্যমন্ত্ৰীৰ সভাত প্ৰতিবাদ কৰাৰ পৰিকল্পনা, ধৰ্মৰাজ শৰ্মাক আটক

আজি ঢলা শদিয়া দলঙৰ সমীপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভা অনুষ্ঠিত হ’ব। দিনৰ ১ বজাত ঢলা শদিয়া দলঙৰ সমীপত অনুষ্ঠিত হ’বলগীয়া  সভাৰ পূৰ্বে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাক আটক কৰাৰ অভিযোগ উত্থাপন হৈছে। কৃষক মুক্তিৰ নেতা ধৰ্মৰাজ শৰ্মাক পুৱা ৭ বজাতেই লেখাপানী থানাৰ আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাত তিনিচুকীয়া মহিলা সমাজে মাইক্ৰ ফাইনেঞ্চৰ ঋণ মাফ, স্মাৰ্ট মিটাৰ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ দাবীত আন্দোলন কৰাৰ সিদ্ধান্ত লৈছিল। এই আন্দোলন নিঃশেষ কৰিবলৈ আটক কৰা বুলি জানিব পৰা গৈছে।

সংগঠনৰ নেতা উমানন্দ মৰাণে কয়”এয়া গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাবে কিমান যোগাত্মক পৰিৱেশ সেইয়া অতিকৈ চিন্তনীয়। কেৱল আন্দোলন গঢ়ি তোলা হ’ব বুলি সংবাদ মাধ্যমৰ জড়িয়তে দাবী কেইটা তুলি ধৰাটো অপৰাধ হ’ব পাৰে নে ??   শ্ৰদ্ধাৰ ৰাইজ বেছি নিলিখো। দাবী সতীৰ্থ কমৰেড তথা জিলা সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক ধৰ্মৰাজ শৰ্মা ডাঙৰীয়াক  অতি শীঘ্ৰে বিনাচৰ্তে মুক্তিৰ দাবী জনালো।”

Related Posts

ভাৰত-পাকিস্তান উত্তেজনা: জম্মু, ৰাজস্থান, পঞ্জাৱত পাকিস্তানৰ ড্ৰোন-মিছাইল আক্ৰমণ

ভাৰতৰ দ্বাৰা পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত সন্ত্রাসবাদী ঘাঁটিত কৰা আক্ৰমণৰ ঠিক পিছতে বৃহস্পতিবাৰে পাকিস্তানে জম্মু, ৰাজস্থান আৰু পঞ্জাৱৰ কেইবাটাও অঞ্চলত ড্ৰোন আৰু মিছাইল আক্ৰমণ চলায়। ভাৰতে তৎক্ষণাত নিজৰ বায়ু-প্ৰতিৰক্ষা…

পাকিস্তানৰ মিছাইল আক্ৰমণ বিফল, পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেম ধ্বংস কৰিলে ভাৰতে

পেহেলগামত ২২ এপ্ৰিল তাৰিখে হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণত ২৬ গৰাকী নিৰীহ পৰ্যটকৰ মৃত্যু হোৱাৰ প্ৰত্যাঘাত স্বৰূপে ভাৰতীয় সেনাই ৬ মে’ৰ নিশা পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৯টা স্থানত লক্ষ্যভেদী এয়াৰ…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু