
ভূপেন কুমাৰ বৰাই চিচিপথাৰ, ধেমাজি, চিলাপথাৰ, চিমেন চাপৰিত আজি ভূপেন কুমাৰ বৰাই নিৰ্বাচনী প্ৰচাৰ চলায়৷ কেইবাটাও নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে ভূপেন বৰাই৷ দলীয় নেতা-কৰ্মীৰ সৈতে আলাপ-আলোচনাত মিলিত হৈ উত্তৰ অসমৰ পৰিস্থিতি প্ৰত্যক্ষ কৰি উৎসাহী হোৱা বুলি কয়৷ ইপিনে আজি অখিল গগৈয়ে গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াক লৈ কেইবাটাও গুৰুতৰ অভিযোগ আনি ভূপেন বৰাই অখিল গগৈয়ে গৌৰৱ গগৈক তীব্ৰ আক্ৰমণ কৰি গৌৰৱ গৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে লগলাগি বিৰোধীৰ মিত্ৰতা হ’ব নিদিয়া বুলি অভিযোগ উত্থাপন কৰাৰ পিছতে প্ৰত্যুত্তৰ দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ বিৰোধীৰ ঐক্যৰ পৰিৱেশ বিনষ্ট হোৱাৰ অভিযোগ উত্থাপন কৰি ভূপেন বৰাই গোৰৱ গগৈ আৰু দেবব্ৰত শইকীয়াক বিজেপিৰ সৈতে লগলগা বুলি অনা অভিযোগক দুৰ্ভাগ্যজনক বুলি কয়৷ ফেচবুক লাইভযোগে অখিল গগৈক উদ্দেশ্যে আৰু ভূপেন বৰাই কয় যে বিৰোধী ঐক্যৰ প্ৰতি মোৰ আন্তৰিক প্ৰয়াস আছে৷ কিন্তু তাৰ কাৰণে পৰিৱেশ লাগিব৷ সেই পৰিৱেশ অনিষ্ট হোৱা যেন অনুভৱ হৈছে৷ ভূপেন বৰাই দুদিন পূৰ্বৰ বিৰোধীৰ বৈঠকৰ কথা মনত পেলাই কয় যে আমাৰ দলৰ দুজন নেতা গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াই অখিল গগৈয়ে বিজেপিৰ এজেণ্ট বুলি ক’বলৈ কুণ্ঠাবোধ কৰা নাই৷ গৌৰৱ গগৈৰ সংসদৰ ভূমিকা অসমেই নহয় দেশৰ জনগণে জানে৷ জনতাৰ কণ্ঠ দাঙি ধৰিছে৷ দেৱব্ৰত শইকীয়াক বিধানসভাৰ পৰা চোঁচোৰাই বাহিৰলৈ উলিয়াই পঠিয়াইছিল৷ কংগ্ৰেছ দলে আপোচ বিহীন জাতীয় স্বাৰ্থত নিৰৱচ্ছিন্ন সংগ্ৰাম কৰি আহিছো৷ সেই সংগ্ৰামখনৰ চাৰ্টিফিকেট এজন লোকৰ পৰা এজন নেতাৰ পৰা আমি নিবিচাৰো৷ অসমৰ ৰাইজে সেই চাৰ্টিফিকেট দিব৷ অসমৰ বহু বুদ্ধিজীৱি, জনগণে আমাক কৈছিল যে বিজেপিৰ সাম্প্ৰদায়িক, বিভাজনকামী ৰাজনীতিৰ বিৰুদ্ধে এখন ঐক্যবদ্ধ সংগ্ৰামৰ প্ৰয়োজন আছে৷ বিজেপি বিৰোধী ৰাজনীতিক দলৰ মাজত একতা কৰিবলৈ কংগ্ৰেছে প্ৰয়াস কৰিছে৷ ১৬ বিৰোধী ঐক্যৰ সভাপতি হৈছিলো৷ কংগ্ৰেছৰ সভাপতি হোৱাৰ বাবে সেই সুবিধা পাইছো৷ মোৰ দলৰ স্বাভিমান, মৰ্যাদা, প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ প্ৰতি দলৰ নিষ্ঠাৱান কৰ্মীসকলৰ যি আস্থা সেই আস্থাক বাদ যদি বন্ধুত্ব কেনেকৈ হ’ব৷ আজিলৈকে বিনা যুদ্ধই মই একো পোৱা নাই৷ আনহাতে অখিল গগৈয়ে শিৱসাগৰত সমষ্টিত কংগ্ৰেছৰে মিত্ৰতা নোহোৱাৰ ফলত চাৰি জিলা পৰিষদত একপ্ৰকাৰ বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাৰ ইংগিত দিয়াৰ বিষয়টোত চিন্তা ব্যক্ত কৰি ভূপেন বৰাই কয় যে কালিৰ পৰাহে প্ৰচাৰ আৰম্ভ হৈছে৷ প্ৰচাৰ আৰম্ভ হোৱাৰ পূৰ্বেই যদি এজন বিধায়কে তেনেদৰে কয় তেন্তে চাৰি বছৰে বিধায়কজনে ৰাইজৰ সৈতে কি সম্পৰ্ক গঢ়িলে৷ সমষ্টিত জনপ্ৰিয়তা কিমান, অৱদান কিমান, সাংগঠনিক ক্ষমতা কিমান তাক লৈ প্ৰশ্ন উঠিব৷ ৰঙানদী সমষ্টিত ৰাইজৰ দলৰ চাৰিগৰাকী প্ৰাৰ্থী থকা বুলি উল্লেখ কৰি বৰাই কয় যে জনগাঁথনি নথকাৰ পিছতো তাত ৰাইজৰ দলৰ প্ৰাৰ্থী আছে৷ মোৰ ৰঙানদী সমষ্টিত ৰাইজৰ দলে বিজেপি দলৰ মতে প্ৰাৰ্থী দিছে৷ মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি, মোৰ ৰঙানদী সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী আছে৷ কেৱল শিৱসাগৰতে নহয় গোটেই অসমত পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা কৰাত অসুবিধা আছে৷ অগপ-বিজেপিৰ মিত্ৰতা আছে৷ কিন্তু কৰবাত মিত্ৰতা হৈছে ক’ৰবাত মিত্ৰতা কৰা নাই৷ কিন্তু তেওঁলোকে বিষয়টো এৰি চলিছে৷ যদি অখিল গগৈয়ে ভাবিছে যে ভূপেন বৰা বেলেগ, গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়া বেলেগ৷ তেন্তে সেয়া ভুল৷ আমি এটা কংগ্ৰেছ পৰিয়াল৷ এতিয়া পৰিৱেশ বিনষ্ট হৈছে৷ পৰিৱেশ বিনষ্ট হোৱাৰ সীমা চেৰাই গৈছে৷