উত্তৰ-মধ্য অসমত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ: কংগ্ৰেছত চাকৰিৰ নামত ছোৱালী-বোৱাৰীৰ সতীত্ব হৰণৰ অভিযোগ

পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাই আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উত্তৰ আৰু মধ্য অসমত চলায়। তেওঁ শোণিতপুৰ জিলাৰ বিশ্বনাথ আৰু নগাঁও জিলাৰ বিভিন্ন অঞ্চলত বিজেপি-আগপ মিত্ৰজোঁটৰ সমৰ্থনত সভাত ভাষণ আগবঢ়ায়।

হাজাৰ হাজাৰ লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে, এইবাৰ পদুম ফুলিবই। বিশ্বনাথত আয়োজিত সভাত মুখ্যমন্ত্ৰীয়ে কয়, “ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ লক্ষ্য হ’ল অসমৰ প্ৰতিটো অঞ্চলৰ বিকাশ আৰু ৰাজ্যখনক দেশৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্যৰ ৰূপত গঢ়ি তোলা।” তেওঁ লগতে ঘোষণা কৰে যে অক্টোবৰৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউলৰ লগতে দাইল, চেনী আৰু নিমখ বজাৰৰ তুলনাত যথাক্ৰমে ২০, ৩০ আৰু ১০ টকা কম দৰত বিতৰণ কৰা হ’ব।

মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষাৰ ক্ষেত্ৰত নতুন সুবিধাৰ কথাও ঘোষণা কৰে—এইবাৰৰ পৰা কোনো চক্ৰ বিষয়াৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন নোহোৱাকৈ কেৱল ৰেচন কাৰ্ড থাকিলেই মহাবিদ্যালয়ত নামভৰ্তি বিনামূলীয়া হ’ব।

কংগ্ৰেছৰ ওপৰত তীব্ৰ আক্রমণ চলাই মুখ্যমন্ত্ৰীয়ে কয়, “কংগ্ৰেছৰ দিনত কেৱল টকাৰ বিনিময়তেই নহয়, চৰকাৰী চাকৰিৰ নামত ছোৱালীৰ সতীত্বও হৰণ কৰা হৈছিল। বিপ্লৱ শৰ্মাৰ তদন্ত প্ৰতিবেদনত এই সন্দৰ্ভত সাক্ষ্যো দিয়া হৈছে।” তেওঁ অভিযোগ তোলে যে কংগ্ৰেছে ৰাজহুৱা সম্পদৰ অপব্যৱহাৰ কৰি নিজৰ অট্টালিকা নিৰ্মাণ কৰিছে, কিন্তু সাধাৰণ ৰাইজৰ বাবে একো কৰা নাই।

বৰচলাত অনুষ্ঠিত আন এখন সভাত মুখ্যমন্ত্ৰীয়ে কয়, “পহলগামত হোৱা নাৰকীয় ঘটনা পাকিস্তানী সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিছিল। আৰু সেই পাকিস্তানতে কংগ্ৰেছৰ এগৰাকী সাংসদ ১৫ দিন ধৰি থাকি আহে। তেওঁৰ পত্নীয়ে ভাৰতত চাকৰি কৰি দৰমহা লয় পাকিস্তানৰ পৰা। তেওঁ নিজৰ সন্তানকো ভাৰতৰ নাগৰিক স্বীকৃতি দিব নোখোজে।”

এই সকলো বক্তব্যৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে বিজেপিৰ শাসনকালৰ ‘স্বচ্ছতা’ আৰু ‘উন্নয়ন’ক তুলনা কৰে কংগ্ৰেছৰ ‘ভ্ৰষ্টাচাৰ’ আৰু ‘নৈতিক অধপতনৰ’ সৈতে।

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ