
ৰাজ্যত সংঘটিত আন এক ভয়ংকৰ ঘটনা।
উদণ্ড যুৱকৰ দলৰ আক্ৰমণত মৃত্যুক সাৱটিলে ৰাজ্যৰ এগৰাকী জনপ্ৰিয় গীটাৰিষ্টে।
উদণ্ড যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৰাণৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ থকা সময়তে মৃত্যু ঘটে সংগীত জগতত ফৰিদ নামেৰে পৰিচিত গীটাৰিষ্ট জিয়াউৰ ৰহমানে।
মৰাণৰ পিয়লি নগৰৰ নিৱাসী আছিল জিয়াউৰ ৰহমান।
জানিব পৰা মতে, দেওবাৰে সন্ধিয়া প্ৰায় ৮ বজাত ঘৰৰ নাতিদূৰৈৰ দোকানত বজাৰ কৰি খোজকাঢ়ি ওভতাৰ পথতে উদণ্ড যুৱকৰ এটা দলে আগভেটি ধৰি আক্ৰমণ কৰিছিল জিয়াউৰ ৰহমানক।
পলাশ দাস নামৰ এজন যুৱকৰ নেতৃত্বত দলটোৱে গীটাৰিষ্টজনক আক্ৰমণ কৰাৰ অভিযোগ।
ইফালে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জিয়াউৰ ৰহমানক ততাতৈয়াকৈ ভৰ্তি কৰা হয় মৰাণৰ এখন ব্যক্তিগত হাস্পতালত।
তাতেই জীৱন-মৃত্যুৰ সৈতে যুঁজি অৱশেষত বুধবাৰে সন্ধিয়া হাৰ মানিলে জনপ্ৰিয় গীটাৰিষ্টজনে।