উপমন্যু হাজৰিকাসহ ছয়গৰাকী লোকৰ বিৰুদ্ধে মানহানি গোচৰ ৰিণিকি ভূঞা শৰ্মাৰ

জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাসহ ছয়গৰাকী লোকৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই৷ গুৱাহাটীৰ সত্ৰ ন্যায়াধিশৰ আদালতত এই গোচৰ ৰুজু কৰিছে মুখ্যমন্ত্ৰী পত্নীয়ে৷ ন্যায় সংহিতা ৩৫৬, ৩(৫), ৩(৬) ধাৰাত ৰুজু গোচৰত ১০ ফেব্ৰুৱাৰীত শুনানিৰ দিন ধাৰ্য কৰা হৈছে৷ উপমন্যু হাজৰিকাৰ সৈতে গোচৰ ৰুজু কৰা আনকেইবাগৰাকী লোক হৈছে কলিয়াবৰৰ চাৰিলেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ দাবী সমিতিৰ বিষয়-ববীয়া৷ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ দাবী সমিতিৰ সভাপতি মিনু শইকীয়া আৰু সম্পাদক প্ৰদীপ লস্কৰৰসহ মুঠ ছয়জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷ কেইদিন মান পূৰ্বে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি উপমন্যু হাজৰিকা আৰু কলিয়াবৰৰ চাৰিলেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ দাবী সমিতিয়ে এখন সংবাদমেল সম্বোধন কৰিছিল৷ সংবাদমেলত প্ৰস্তাৱিত চাৰিলেন যুক্ত কলিয়াবৰৰ পৰা নুমলীগড়লৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দিশ মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ স্বাৰ্থত কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল৷ মুখ্যমন্ত্ৰীৰ পত্নী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ স্বাৰ্থত পুৰণি ৰাস্তাটো সম্প্ৰসাৰণ কৰাৰ পৰিৱৰ্তে ৰিণিকি ভূঞা শৰ্মাৰ মাটি থকা এলেকাৰে পথটো নিয়াৰ অভিযোগ আনিছিল৷ মুখ‍্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই কিছুদিন পূৰ্বে সেই অঞ্চলত ক্ৰয় কৰিছিল ১০৬ বিঘা মাটি৷ ব‍্যৱসায়িক মূল‍্য বৃদ্ধিৰ স্বাৰ্থত ৰাষ্ট্ৰীয় ঘাইপথটো জখলাবন্ধাৰ মাজেৰে নিনিয়াকৈ কলিয়াবৰৰ পৰা অন্য দিশেৰে নুমলিগড়ৰ নিব খোজাৰ অভিযোগ আনিছিল৷ মুখ্যমন্ত্ৰীৰ পত্নী তথা প্ৰাইড ইষ্ট এণ্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ত কলিয়াবৰৰ ৬৫ জনকৈ লোকে দাখিল কৰা ৩৮/২০২৪ নম্বৰৰ ৰাজহুৱা সাব্ৰাথ জড়িত আৱেদনক লৈ ২০ জানুৱাৰীত শুনানি হৈছিল উচ্চ ন্যায়ালয়ত৷ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক দুসপ্তাহৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। গোচৰটোত চৰকাৰী পক্ষসমূহৰ উপৰি মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট লিমিটেডকে ধৰি কেইবাটাও ব্যক্তিগত প্রতিষ্ঠানক পক্ষ কৰা হৈছে। প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট লিমিটেডৰ কৃষিভূমিৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথটো নতুনকৈ সম্প্ৰসাৰণৰ বাবে ব্যৱস্থা গ্ৰহণৰ গুৰুতৰ অভিযোগ আনে৷

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে