
বহু জনপ্রিয় গীতত কণ্ঠদান কৰা হীৰা দাসে আজি পুৱা ৩.৩০ বজাত কেতিয়াও উভতি নহা বাটেৰে গুছি যায়৷ ৭৩ বছৰ বয়সত মহানগৰীৰ এপ’ল’ হাস্পতালত শেষ নিশ্বাস ত্যাগ। জনপ্রিয় কণ্ঠশিল্পীগৰাকী ২৩ মাৰ্চত অসুস্থ হোৱাত পৰিয়ালে এপ’ল’ হাস্পতালত ভৰ্তি কৰিছিল যদিও চিকিৎসকে জীৱন ৰক্ষা কৰিব নোৱাৰিলে৷ মৃত্যুৰ খবৰ প্ৰকাশ হোৱাৰ পিছতে বহু গুণমুগ্ধৰে ঘৰ ভৰি পৰিছিল৷ হাস্পতালৰ পৰা নশ্বৰদেহ নিজ ঘৰলৈ নিয়া হয়৷ বিভিন্ন দল-সংগঠনে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ জনপ্রিয় কণ্ঠশিল্পীগাৰকীৰ মৃত্যুক ৰাজ্যত শোক ছাঁ পৰিছে৷ নৱগ্রহ শ্মশানত শিল্পীগৰাকীৰ নশ্বৰদেহ শেষকৃত্য সম্পন্ন কৰা হয়। প্ৰবীণ কণ্ঠশিল্পী হীৰা দাসে কেইবাটাও কালজয়ী গীত গাই অসমৰ সংগীত জগত সমৃদ্ধ কৰিছিল৷ আকাশবাণীৰ এ গ্ৰেড স্বীকৃতিপ্ৰাপ্ত কণ্ঠশিল্পী আছিল। হীৰা দাস শিল্পী, গীতিকাৰ জে.পি দাসৰ পত্নী আছিল৷ পত্নীক হেৰুৱাই শিল্পী জে.পি. দাস শোকত ভাগি পৰে৷ জে.পি. দাসে পত্নী হীৰা দাসক জীৱিতকালৰ স্মৃতি স্মৰণ কৰি কয় যে মই তেওঁৰ মাতৰ প্ৰেমত পৰিছিলো৷ দেখা নাছিলো৷ গান শুনি প্ৰেমত পৰিছিলো।