এইবাৰ তেজস্বী যাদৱক উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, ক’লে…

অসমৰ বিধানসভাত শুকুৰবৰীয়া নামাজৰ বাবে প্ৰদান কৰি অহা দুঘণ্টীয়া বিৰতিৰ পৰম্পৰা শেহতীয়াকৈ অসম চৰকাৰে বিলুপ্তি ঘটোৱাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাক তীক্ষ্ণ সমালোচনা কৰিছিল বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা আৰ জে ডিৰ নেতা তেজস্বী যাদৱে।

ইয়াৰ পিছতে আজি তেজস্বী যাদৱক উভতি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেজস্বী যাদৱে যি প্ৰচাৰ কৰে, তাক নিজে পালন কৰিবলৈ পৰামৰ্শ আগবঢ়ায় অসমৰ মুখ্যমন্ত্ৰীয়ে। জেএমএমৰ প্ৰাক্তন নেতা লবিন হেমব্ৰমক বিজেপিত অন্তৰ্ভুক্ত কৰাৰ সময়ত দলৰ মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমৰ সৈতে কথা পাতি এই মন্তব্য কৰে শৰ্মাই।

বিহাৰত এনে প্ৰথা আছে নেকি বুলি প্ৰশ্ন কৰি যাদৱৰ সমালোচনাক লৈ প্ৰশ্ন উত্থাপন কৰি শৰ্মাই পৰামৰ্শ দিয়ে যে যাদৱ যেতিয়া উপ-মুখ্যমন্ত্ৰী আছিল তেতিয়া বিহাৰ বিধানসভাত মুছলমানৰ নামাজৰ বাবে তেওঁ চাৰি ঘণ্টীয়া বিৰতি কাৰ্যকৰী কৰিব লাগিছিল।

উল্লেখ্য যে, নামাজৰ বাবে থকা বিৰতি বাতিল কৰাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সস্তীয়া জনপ্ৰিয়তা বিচাৰি এনে কাৰ্য্য কৰা বুলি সমালোচনা কৰিছিল তেজস্বী যাদৱে। একে প্ৰসংগতে তেওঁ হিমন্ত বিশ্ব শৰ্মাক উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ চীনা কপি বুলিও কটাক্ষ কৰিছিল।

এই সন্দৰ্ভত আজি সাংবাদিকৰ সন্মুখত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে যদি আন আন ৰাজ্যসমূহে প্ৰথমে নামাজৰ বাবে চাৰি ঘণ্টীয়া বিৰতি কাৰ্যকৰী কৰে, তেন্তে তেওঁ পুনৰ দুঘণ্টীয়া বিৰতি কাৰ্যকৰী কৰিবলৈ সাজু আছে।

তেওঁ উল্লেখ কৰে যে দুঘণ্টীয়া জুম্মা বিৰতি ১৯৩৭ চনৰ পৰাই ব্ৰিটিছৰ ঐতিহ্য, যিটো লোকসভা বা ৰাজ্যসভাকে ধৰি আন ক’তো প্ৰচলিত নহয়।

বিৰতি উঠাই দিয়াটো অসমৰ হিন্দু আৰু মুছলমান বিধায়কৰ সামূহিক সিদ্ধান্ত বুলি স্পষ্ট কৰি দি শৰ্মাই কয় যে কোনো মুছলমান বিধায়কে এই ঘোষণাৰ বিৰোধিতা কৰা নাই।

অধ্যক্ষৰ নেতৃত্বত গঠিত নিয়মাৱলী সমিতিখনে সৰ্বসন্মতিক্ৰমে এই প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰে। শৰ্মাই কয় যে এই সিদ্ধান্ত অসমৰ বাহিৰতহে সমালোচনাৰ সন্মুখীন হৈছে, আনহাতে ৰাজ্যৰ বিধায়কসকলে ৰাষ্ট্ৰীয় উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

  • Brahmaputra Times

    Related Posts

    জনতা ভৱনত ধৰা পৰা খকুৱা পাৰ্থৰ ঘৰত টকাৰ উজান, উদ্ধাৰ হ’ল ৪৭ লাখ

    ডিজিটেল ডেস্কঃ  এইবাৰ অসম চৰকাৰৰ বৰঘৰতে হাত দাঙিলে এজন আবকাৰী বিষয়াই ৷ ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড জনতা ভৱনতে হাত দাঙিলে এজন আবকাৰী বিষয়াই । অভিযুক্ত ঘোচখোৰ আবকাৰী বিষয়াজন পাৰ্থ হাজৰিকা ৷…

    বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়া: জয়ন্ত মল্ল

    ডিজিটেল সংবাদঃ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়াৰ হেণ্ডেল বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অভিযোগ কৰিছে। সামাজিক মাধ্যমত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ