

হাৰিয়ানাত কংগ্ৰেছৰ চৰকাৰ হ’ব বুলি বিভিন্ন এগজিট পলে কৰা অনুমানক লৈ উৎসাহী অসমৰ কংগ্ৰেছ নেতাসকলে আজিৰ দিনৰ ১২টা বজালে কংগ্ৰেছ চৰকাৰ গঠনৰ আশা পুহি ৰাখিছিল৷ সেই কথা স্পষ্ট হয় যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ মন্তব্যত৷ আজি দিনৰ ভাগত দিয়া এক মন্তব্য কৰি কংগ্ৰেছৰ চৰকাৰ হ’ব বুলি দাবী কৰিছিল গগৈয়ে৷ কিন্তু সময় যোৱাৰ লগে লগে আশাহত হয় গৌৰৱ গগৈ৷ গৌৰৱ গগৈয়ে সাংবাদিকৰ মুখামুখি হৈ কৈছিল যে সকলো এগজিট পলে কৈছিল হাৰিয়ানাত কংগ্ৰেছ আৰু জম্মু-কাশ্মীৰত কংগ্ৰেছ-এনচিৰ চৰকাৰ হ’ব৷ আমাৰ গ্ৰাউণ্ডৰ পৰা পোৱা ফিডবেকত কংগ্ৰেছ চৰকাৰ হোৱাৰ কথা৷ আমি আশা কৰো যে দুয়ো ৰাজ্যত আমাৰ চৰকাৰ হ’ব৷