
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিলচৰ ভ্ৰমণৰ সময়তে শনিবাৰে তেওঁক এক বিশেষ উপহাৰ প্ৰদান কৰিলে এজন যুৱকে।
মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব অহা যুৱকজনে উপহাৰ হিচাপে প্ৰদান কৰিলে কাঠৰ ওপৰত নিখুঁতভাৱে চিত্ৰিত কৰা ৰাধা-কৃষ্ণৰ এখন ছবি।
মুছলমান সম্প্ৰদায়ৰ এই যুৱকজনৰ পৰা এনে সনাতনী উপহাৰ লাভ কৰি আহ্লাদিত হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
যুৱ চিত্ৰশিল্পীজনৰ শিল্পকৰ্মৰ প্ৰশংসা কৰি মুখ্যমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, ”এটা অতুলনীয় উপহাৰ। শিলচৰৰ চৈয়দ আহমেদ লস্কৰ (বাবু)ৰ পৰা আজি এক বিশেষ উপহাৰ লাভ কৰি আহ্লাদিত হৈছোঁ৷’’
মুখ্যমন্ত্ৰীয়ে আগলৈ লিখিছে, ”এয়া আমাৰ বাবে সঁচাকৈয়ে আনন্দৰ বিষয় যে তেওঁৰ দক্ষতাৰে কাঠৰ টুকুৰা এটাত আমাৰ সনাতনী সভ্যতা-সংস্কৃতিৰ অতি পূজ্য ৰাধা-কৃষ্ণৰ ছবি খোদিত কৰিছে। সনাতনী সংস্কৃতিৰ প্ৰসাৰ আৰু দৰ্শনৰ প্ৰতি থকা তেওঁৰ অনুৰাগ আৰু শ্ৰদ্ধাৰ বাবে মই হৃদয়ৰ পৰা তেওঁক আৰু তেওঁৰ শিল্পকৰ্মক প্ৰশংসা কৰিছোঁ৷’’