এডভাণ্টেজ আছাম, ৩৭ দেশৰ ৰাষ্ট্ৰদূত-বাণিজ্যিক প্ৰতিনিধিক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ

আজি নতুন দিল্লীত ৩৭খন দেশৰ ৰাষ্ট্ৰদূত আৰু বাণিজ্যিক প্ৰতিনিধিসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ফেডাৰেচন অৱ ইউৰোপিয়ান বিজনেছ ইন ইণ্ডিয়া আৰু ইউৰোপিয়ান ইউনিয়নৰ সদস্যসকলৰ সৈতেও আলোচনাত মিলিত হয়৷ এডভাণ্টেজ অসম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনিক লৈ নতুন দিল্লীত ৩৭খন দেশৰ ৰাষ্ট্ৰদূত আৰু বাণিজ্যিক প্ৰতিনিধিসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি উত্তৰ-পূবলৈ ঔদ্যোগিক ক্ষেত্ৰত মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সাংবাদিকক সম্বোধন কৰি উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ শান্তিপূৰ্ণ পৰিৱেশ, হাইড্ৰ’কাৰ্বন সম্পদ, পৰ্যটনৰ অপৰিসীম সম্ভাৱনা আৰু প্ৰচুৰ পানীৰ ভাণ্ডাৰকে গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মানীয় উপস্থিতিত এডভাণ্টেজ অসম ২.০ সন্মিলন প্ৰভাৱশালী আৰু ৰোমাঞ্চকৰ হ’ব কৈ
উত্তৰ-পূবত ঔদ্যোগিক বিনিয়োগ বৃদ্ধি কৰাটোৱে লক্ষ্য বুলি দোহাৰে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে আজি কয় যে দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হৈছে অসম৷ অসমে ভূটান, নেপাল, বাংলাদেশ, ইণ্ডোনেছিয়া, ভিয়েটনাম, লাওছ, ব্ৰুনাই, থাইলেণ্ড, ম্যানমাৰ, ফিলিপাইনছ, কম্বোদিয়া, ছিংগাপুৰ আৰু মালয়েছিয়াৰ বজাৰ দখলৰ সম্ভাৱনীয়তা আছে৷ মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰাষ্ট্ৰদূত আৰু বাণিজ্যিক প্ৰতিনিধিসকলৰ সৈতে বৈঠক কৰি আশ্বস্ত হৈ কয় যে এডভাণ্টেজ আছাম ২.০-এ অসমৰ ঔদ্যোগীকৰণৰ নতুন সূচনাৰ সৃষ্টি কৰিব৷ মোৰ লক্ষ্য হৈছেঅসমলৈ মানুহ আহক। অসমলৈ যিসমূহ উদ্যোগ আহিব তেখেতসকলক গ্ৰীণ পাৱাৰ দিয়া হ’ব। মুখ্যমন্ত্ৰীয়ে অসম দেশৰ ভিতৰত তৃতীয় ডিফেন্স কৰিডৰ হ’ব বুলি দাবী কৰি কয় ডিফেন্সে কৰিডৰৰ তৃতীয় ৰাজ্য হ’ব অসম। আজি উদ্যোগপতিক উদ্দেশ্যে ড০ শৰ্মাই আৰু কয় যে চাহ, পেট্ৰ’লিয়াম, কৃষি, খাদ্য সংশাধন, পৰ্যটন, হস্ততাত শিল্প, তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত অসম আগবাঢ়িছে৷ এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অসমৰ উন্নয়নৰ ৰূপৰেখা সলনি হ’ব। এডভাণ্টেজ আছাম নামৰ সন্মিলনৰ পিছতে তথ্য-প্ৰযুক্তি, প্ৰতিৰক্ষা, এৰস্পেছ, শক্তি, বাহন নিৰ্মাণ, স্বাস্থ্য, কৃষি, পৰ্যটনত বহু উদ্যোগীয়ে বিনিয়োগ কৰাৰ সম্ভাৱনা আছে বুলি দাবী কৰিছে৷ ইপিনে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলৰ উপস্থিতিত নতুন দিল্লীত আলোচনাত মিলিত হয়৷ অসমৰ আৰ্থিক বিকাশ আৰু উন্নয়নৰ লগতে বিনিয়োগ সন্দৰ্ভত আলোচনা কৰা হয়৷ এডভাণ্টেজ আছামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অংশগ্ৰহণ কৰিব৷ মুম্বাই আৰু নতুন দিল্লীৰ পিছতে মুখ্যমন্ত্ৰীয়ে উদ্যোগপতিক সাক্ষাৎ কৰিবলৈহায়দৰাবাদ, আহমেদাবাদ, কলকাতা, বাংগালুৰুলৈ যাব৷ ২৫-২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব এডভাণ্টেজ আছাম ২.০৷

 

  • Related Posts

    সাংবাদিকক বিনাচৰ্তে মুক্তিৰ দাবী ভূপেন বৰাৰ

    চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ নামত থকা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰি পৰিৱেশন কৰাৰ পিছত এজন সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনা গণতন্ত্ৰৰ পৰিপন্থী। সংবাদ পৰিৱেশন কৰাৰ স্বাধীনতা সাংবাদিকৰ পূৰামাত্ৰাই…

    গীত-কবিতাৰে জীপাল জ্যোতিপ্ৰসাদৰ জ্যোতিতীৰ্থ ভৱন, পোনাকণ বৰুৱাৰ ওপজা দিন পালন

    আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান আৰু জীৱনজোৰা সাধনাৰ স্মৃতি বিজড়িত তামোলবাৰী চাহ বাগিচাৰ জ্যোতি তীৰ্থ ভৱনত চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই ব্যতিক্ৰৰ্মী ওপজা দিন পালন কৰে৷ সুধীসমাজ, জ্যেষ্ঠ নাগৰিক, শুভকাংক্ষী, দলীয় সতীৰ্থ,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…