এপিএছচি কেলেংকাৰীক লৈ প্ৰকাশ পোৱা বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনক আদৰণি প্ৰদেশ কংগ্ৰেছৰ

অসম লোকসেৱা আয়োগৰ নিযুক্তি খেলিমেলি সন্দৰ্ভত বিপ্লৱ শৰ্মা আয়োগে দাখিল কৰা প্ৰতিবেদনক অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আদৰণি জনাইছে। ২০১৩-১৪ বৰ্ষত নিয়ম বৰ্হিভূতভাৱে যদি নিযুক্তি হৈছিল তাৰ উচিত তদন্ত হ’ব লাগে আৰু অনিয়ম সংঘটিত কৰা লোকসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই অসম লোকসেৱা আয়োগক কেতিয়াও ৰাজনীতিকৰণ কৰা নাছিল আৰু আয়োগক সম্পূৰ্ণ নিকা আৰু স্বচ্ছতাৰে কাম কৰাৰ সুযোগ আৰু সুবিধা প্ৰদান কৰিছিল। এই কথা সেই সময়ৰ আয়োগৰ লগত জড়িত সকলো বিষয়া-কৰ্মচাৰী আৰু অসম চৰকাৰৰ উচ্চপদস্থ আমোলাসকলে জানে। লক্ষণীয় কথাটো হ’ল লোকসেৱা আয়োগৰ অধ্যক্ষৰ লগত অতি ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মাধ্যমত এইবুলিও বাতৰি প্ৰকাশ হৈছিল যে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই সময়ত প্ৰস্তুত কৰা প্ৰাৰ্থীৰ তালিকা লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পালৰ ফ্লেটত পোৱাৰ বাবে তদন্ত লেহেমীয়া হৈছিল। এইখন চৰকাৰে বৰ্তমানলৈকে ৰাকেশ পালৰ ভাতৃৰ সন্ধানেই উলিয়াব পৰা নাই। ৰাকেশ পালৰ ভাতৃৰ ছপাশালতেই এপিএছচিৰ প্ৰশ্নকাকত প্ৰস্তুত হোৱা বুলি অভিযোগ উঠিছিল। লক্ষণীয়ভাৱে বিজেপিৰ এজন বিধায়ক গুৰুজ্যোতি দাসৰ খুলশালীসহ ৯ আত্মীয় লীনা দাস, নিৰ্মালী দাস, ভাৰ্গৱমুণি দাস, মনদীপ দাস, ড০ দেৱাশিষ দাস, নৰেশ্বৰ দাস, কল্পনা দাস, থানুৰাম দাস আৰু দেৱেন্দ্ৰ দাসক বক্ৰপথেৰে চাকৰি দিছিল। আগতীয়াকৈ প্ৰশ্নকাকত দিয়া হৈছিল ভাৰ্গৱমণি দাসক। সহকাৰী পৰীক্ষা নিয়ন্ত্ৰক পৱিত্ৰ কৈৱৰ্তৰ ঘনিষ্ঠ প্ৰাক্তন বিধায়ক দাসৰ নাম ৰহস্যজনকভাৱে প্ৰতিবেদনত অন্তৰ্ভুক্ত কৰা হোৱা নাই৷ স্বচ্ছ আৰু নিকা প্ৰশাসনৰ নামত বিজেপি চৰকাৰে কিমান দুৰ্নীতি কৰিছে সেই কথা কেগৰ পৃষ্ঠাই পৃষ্ঠাই লিপিৱদ্ধ হৈছে। দুৰ্নীতিৰ সদাগৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰক্ষণাবেক্ষণ দিবলৈ গৈ আজি বিজেপিৰ সভাপতিয়ে যি নিকা ভাৱমূৰ্তিৰ প্ৰমাণপত্ৰ দিছে সেয়া হাস্যকৰ। উল্লেখ্য যে, এই প্ৰতিবেদনখন ৩ বছৰ ধৰি পেলাই থোৱা হৈছিল। এতিয়া নিৰ্বাচনলৈ এবছৰ বাকী থকা অৱস্থাত প্ৰতিবেদনখন ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিব খোজা হৈছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই এক বিবৃতিত এইদৰে কয়।

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে