
গুৱাহাটীঃ অসমত বহিৰাগত বণিয়াৰ দপদপনিৰ বিৰুদ্ধে মাত মতা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ বিৰুদ্ধে গুৱাহাটীত দ্বিতীয়খন এজাহাৰ দাখিল কৰাৰ পিছতে পুনৰ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
উল্লেখ্য যে, দিছপুৰ থানাত শৃংখল চলিহাৰ বিৰুদ্ধে গৌৰৱ সোমানী নামৰ এজন লোকে দাখিল কৰা এজাহাৰ আলফা স্বাধীনৰ সকিয়নীৰ পিছত উঠাই লোৱাৰ ঠিক পিছতে ভৰলুমুখ থানাত আন এখন এজাহাৰ দাখিল কৰা হয় শৃংখল চলিহাৰ বিৰুদ্ধে।
সৰ্ব হিন্দুস্তানী যুৱ পৰিষদ নামৰ কোনো এটা সংগঠনৰ সভাপতি শংকৰ সিং নামৰ লোকজনে বীৰ লাচিত সেনাৰ নেতাজনৰ বিৰুদ্ধে ভৰলু থানাত দাখিল কৰে এজাহাৰ। আৰু ইয়াৰ পিছতে অসমীয়া থলগিৰিৰ ওপৰত বহিৰাগতৰ দপদপনিক লৈ পুনৰ এবাৰ সৰৱ উঠিছে সমগ্ৰ ৰাজ্য।
শৃংখল চলিহাৰ বিৰুদ্ধে দ্বিতীয়খন এজাহাৰ দাখিল সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কণ্ঠশিল্পী ৰাজীৱ শদিয়াই সামাজিক মাধ্যমত লিখিছে, ”এইয়া শৃংখল চলিহাক নহয়, বহিৰাগত বণিয়াই অসমীয়া জাতিটোকহে প্ৰত্যাহ্বান জনাইছে। এতিয়াও আমি মনে মনে বহিয়েই থাকিম নে! ধিক অসমীয়া ধিক!’’ তেওঁ আগলৈ লিখিছে, ”এচামে শিৱসাগৰত আঁঠু লৈ ক্ষমা খুজিছে আৰু তাৰ বিপৰীতে এচামে কিন্তু এতিয়াও অসমীয়াক প্ৰত্যাহ্বান জনাইয়ে আছে।’’
উল্লেখ্য যে, শিৱসাগৰত এগৰাকী অসমীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক বহিৰাগত বণিয়াই শাৰীৰিক আক্ৰমণ কৰাক সমগ্ৰ জিলাখন প্ৰতিবাদমুখৰ হৈ পৰাৰ পিছতে আজি শিৱসাগৰত যুৱদলৰ সন্মুখত আঁঠু লৈ ক্ষমা বিচাৰে অভিযুক্ত অনা-অসমীয়া কেইজনৰ লগতে শিৱসাগৰৰ মাৰোৱাৰী সমাজে।
৩০টাকৈ সংগঠন আৰু সহস্ৰাধিক খিলঞ্জীয়াই ৰাজপথলৈ ওলাই আহি শিৱসাগৰত বহিৰাগতক কোনোপধ্যেই ব্যৱসায় কৰিবলৈ দিয়া নহ’ব বুলি হুংকাৰ দিয়াৰ পিছতে হাতত শৰাই লৈ আঁঠু কাঢ়ি ক্ষমা-ভিক্ষা মাগে তেওঁলোকে।