মেঘালয় কংগ্ৰেছত খহনীয়া।
কংগ্ৰেছ এৰি নেশ্যনেল পিপলছ পাৰ্টিত যোগদান দুই নিলম্বিত কংগ্ৰেছ বিধায়কসহ তিনি বিধায়কৰ।
সোমবাৰে আনুষ্ঠানিকভাৱে এন পি পিত যোগদান কৰিছে তিনি কংগ্ৰেছ বিধায়ক ক্ৰমে- মাউহাটীৰ চাৰ্লছ মাৰ্ংগাৰ, নংষ্ট’ইনৰ গেব্ৰিয়েল ৱাহলাং আৰু উমছনিঙৰ চেলেষ্টিন লিংডোহে।
শেহতীয়াকৈ কংগ্ৰেছ দলৰ পৰা দুজন বিধায়কক নিলম্বন কৰাৰ পিছতে সংঘটিত হৈছে এই ঘটনা।
উল্লেখ্য যে, দল বিৰোধী কাৰ্যকলাপ আৰু মেঘালয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ চৰকাৰৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত প্ৰদেশ কংগ্ৰেছে নিলম্বন কৰিছিল দুই বিধায়ক ক্ৰমে চাৰ্লছ মাৰংগাৰ আৰু গেব্ৰিয়েল ৱাহলাঙক।
অৱশ্যে নিলম্বিত নোহোৱাকৈও এই দুই বিধায়কৰ সৈতে আজি এন পি পিত যোগ দিয়ে চেলেষ্টিন লিংডোহেও।