“কংগ্ৰেছে ভাৰতবাসীক ক্ষমা খুজিব লাগিব”, জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ উপলক্ষে বিজেপিৰ ‘যুৱ সংসদ’

১৯৭৫ চনৰ ২৫ জুন তাৰিখে কংগ্ৰেছ চৰকাৰৰ অধীনত দেশত জৰুৰীকালীন অৱস্থা আৰোপৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি আজি অসম প্ৰদেশ বিজেপি যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ উদ্যোগত গুৱাহাটীৰ ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়ামত ‘যুৱ সংসদ’ আয়োজিত হয়। এই কাৰ্যসূচীত ৰাজ্যজুৰি বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শতাধিক যুৱ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

উক্ত অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু, বিধানসভাৰ উপাধ্যক্ষ নোমল মমিন আদিয়ে উপস্থিত থাকি জৰুৰীকালীন সময়ৰ চৰিত্ৰ, পৰিণাম আৰু ইতিহাস সন্দৰ্ভত যুৱ প্ৰজন্মক অৱগত কৰে।

“জৰুৰীকালীন অৱস্থা — গণতন্ত্ৰৰ ওপৰত এক কালিমা”

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উক্ত অনুষ্ঠানত কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় —

“১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থা আছিল সংবিধান আৰু গণতান্ত্ৰিক অধিকাৰৰ ওপৰত এটা খোলা আক্রমণ। কংগ্ৰেছে আজিলৈকে তাৰ বাবে দেশবাসীৰ ওচৰত ক্ষমা খুজা নাই — যি এক লজ্জাজনক অৱস্থা।”

তেওঁ জলিয়ানৱালাবাগ হত্যাকাণ্ড, হিৰোছিমা-নাগাসাকিত হোৱা পৰমাণু আক্ৰমণৰ বাবে ব্ৰিটিছ আৰু আমেৰিকাৰ নেতৃত্বে ক্ষমা খুজাৰ উদাহৰণ আগবঢ়াই কয় —

“ইংৰাজে জলিয়ানৱালাবাগ হত্যাকাণ্ডৰ বাবে আজিও অনুতপ্ত। আমেৰিকাৰ ৰাষ্ট্ৰপতিসকলে হিৰোছিমা-নাগাসাকিৰ বাবে দুঃখ প্ৰকাশ কৰিছে। কিন্তু কংগ্ৰেছে কেতিয়াও নিজৰ স্বদেশবাসীৰ ওচৰত ক্ষমা খুজা নাই।”

“সংবিধানৰ নামে শপত লোৱাৰ নৈতিক অধিকাৰ কংগ্ৰেছৰ নাই”

মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ নেতৃবৃন্দৰ ওপৰত ব্যক্তিগতভাৱে প্ৰহাৰ কৰি কয় —

“যিসকল নেতাৰ পৰিয়ালে সেই জৰুৰীকালীন অত্যাচাৰৰ নেতৃত্ব দিছিল, তেওঁলোকে আজি সংবিধান ৰক্ষা কৰাৰ দাবী কৰা এটা নৈতিক দুৰ্বলতা। সংবিধানৰ নামত শপত লোৱাৰ অধিকাৰ কংগ্ৰেছৰ নাই।”

নতুন প্ৰজন্মলৈ আহ্বান — “ভাৰতৰ অন্ধকাৰ সময় অধ্যয়ন কৰক”

তেওঁ যুৱপ্ৰজন্মক শ্বাহ আয়োগৰ প্ৰতিবেদন আৰু ঐতিহাসিক নথি-পত্ৰ অধ্যয়ন কৰাৰ আহ্বান জনায় যাতে তেখেতলোকে সেই সময়ৰ সত্য ইতিহাস বুজি পাব পাৰে। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য —

“ভাৰতৰ ইতিহাসৰ এই অন্ধকাৰ সময়খন যাতে পুনৰ নাহে, তাৰ বাবে নতুন প্ৰজন্মই সচেতনতা বৃদ্ধি কৰিব লাগিব। এনে সময় আৰু এনেকুৱা আন ইন্দিৰা গান্ধীৰ জন্ম ভাৰতত নঘটক।”

উচ্চতম ন্যায়ালয়ৰ সমালোচনাও

মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সময়ত উচ্চতম ন্যায়ালয়ে ২:১ সংখ্যাগৰিষ্ঠতাৰে ধাৰা ২১ (জীৱনৰ অধিকাৰ) স্থগিত কৰাৰ সিদ্ধান্ত লৈ চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰিছিল বুলি মন্তব্য কৰে।

“আজিৰ উচ্চতম ন্যায়ালয় সংবিধানৰ মৌলিক অধিকাৰৰ ৰক্ষক — সেয়া বন্দনা কৰিব লগা। কিন্তু ১৯৭৫-ৰ সেই সময়ত উচ্চতম ন্যায়ালয়ে নিজৰ দায়িত্ব পালন কৰিবলৈ ব্যর্থ হৈছিল।”

  • Related Posts

    “খিলঞ্জীয়াৰ মাটি পুঁজিপতিক গতাব”, ভূমি আইন সংশোধনৰ প্ৰস্তাৱক লৈ প্ৰশ্ন লুৰীণজ্যোতি গগৈৰ

    অসমত খিলঞ্জীয়া ৰাইজৰ পুৰুষ-পূৰ্বেৰে ৰক্ষা কৰি অহা ভূমি এতিয়া পুঁজিপতি গোষ্ঠীৰ হাতলৈ দিয়াৰ চেষ্টাত চৰকাৰ লিপ্ত হৈছে — এনে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদ (অজাপ)। আজি গুৱাহাটীত অনুষ্ঠিত…

    ছয়গাঁৱত কুলসী নদীত জলবিদ্যুৎ প্ৰকল্পৰ স্থাপনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

    দক্ষিণ কামৰূপৰ ছয়গাঁৱত আজি প্ৰস্তাৱিত ৫৫ মেগাৱাট ক্ষমতাসম্পন্ন জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে কেইবা হাজাৰ স্থানীয় ৰাইজে প্ৰতিবাদ জনায়। কুলসী নদীত অসম-মেঘালয় চৰকাৰৰ যৌথ প্ৰচেষ্টাত নিৰ্মাণ হ’বলগা বান্ধৰ প্ৰস্তাৱৰ বিপক্ষে এই প্ৰতিবাদ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ