

ডিজিটেল ডেস্কঃ অহা ৬ মাহৰ ভিতৰত কাৰাগাৰৰ পৰা জামিন বিচাৰি দৌৰিবলগীয়া হ’ব কৰ্ণাটকৰ আধাতকৈও অধিক সংখ্যক বিজেপি নেতাই। – এই সময়সীমা নিৰ্ধাৰণ কৰিছে কৰ্ণাটক চৰকাৰৰ মন্ত্ৰী তথা কংগ্ৰেছ নেতা প্ৰিয়াংক খাৰ্গেয়ে। তেওঁ কয় যে শীঘ্ৰে কৰ্ণাটক চৰকাৰে পূৰ্বৰ বিজেপি চৰকাৰৰ সময়ত সংঘটিত কেলেংকাৰীসমূহ পোহৰলৈ আনিব আৰু তাৰ পিচত বিজেপি নেতাসকলে হয় জে’লত থাকিব লাগিব, অন্যথা জামিনৰ বাবে দৌৰিব লাগিব।
ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ বিৰুদ্ধে এম ইউ ডি এত আবণ্টন কেলেংকাৰী গোচৰত ৰাজ্যৰাল থাৱাৰচান্দ গেহলটে প্ৰদান কৰা অনুমতি প্ৰসংগত প্ৰিয়াংক খাৰ্গেয়ে কয় যে কংগ্ৰেছে কোনো যাদু-মন্ত্ৰ কৰি থকা নাই। এই চৰকাৰখনৰ প্ৰথম দায়িত্ব হৈছে সুশাসন।
নিউজ সংস্থা পিটিআইৰ মতে, প্ৰিয়াংক খাৰ্গেয়ে দেওবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত কয়, ‘চৰকাৰ হিচাপে আমাৰ প্ৰথম অগ্ৰাধিকাৰ হৈছে সুশাসন প্ৰদান কৰা, যাদু-মন্ত্ৰ কৰা নহয়। কিন্তু হয়, ক’ব পাৰি যে পূৰ্বৰ চৰকাৰখনত বহুত বিসংগতি আছিল।’’ তেওঁ কয় যে বিজেপিৰ নেতাৰ বিৰুদ্ধে ৩৫ টাতকৈও অধিক গোচৰ আছে আৰু তিনি-চাৰিটা গোচৰত অন্তৱৰ্তীকালীন প্ৰতিবেদন দাখিল কৰা হৈছে।
ৰাজ্য চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্য চৰকাৰে অপৰাধমূলক তদন্ত বিভাগৰ এটা বিশেষ তদন্তকাৰী দল গঠন কৰিছে। তেওঁ কয়, ‘আমি পূৰ্বৰ চৰকাৰৰ দুৰ্নীতিক গুৰুত্বসহকাৰে লৈছো। আমি ইয়াৰ গভীৰতালৈ যাম। সময় লাগিব পাৰে। পূৰ্বৰ চৰকাৰখনত অত্যধিক দুৰ্নীতি হৈছিল। মই নিশ্চিত যে অহা ছমাহত বিজেপিৰ আধা সংখ্যক নেতাই হয় জামিনৰ বাবে দৌৰিব, নহ’লে জে’লত দিন কটাব।’
ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতিৰ বাবে ৰাজ্যপালক গেহল’টক দোষাৰোপ কৰি খাৰ্গেয়ে কয় যে ৰাজ্যপাল কৰ্ণাটকৰ সাংবিধানিক মুৰব্বী নহয় বৰঞ্চ কেন্দ্ৰীয় চৰকাৰৰ পুতলাহে। খাৰ্গেয়ে অভিযোগ কৰি কয়, “দুৰ্ভাগ্যজনকভাৱে (গৱৰ্ণৰৰ) পদৰ লগত আপোচ কৰা হৈছে আৰু তেওঁ বিজেপিৰ কৰ্মীৰ দৰে আচৰণ কৰিছে।” এটা প্ৰশ্নৰ উত্তৰ দি তেওঁ অভিযোগ কৰে যে জনসাধাৰণৰ আদেশৰ জৰিয়তে বিজেপি কেতিয়াও ক্ষমতালৈ অহা নাছিল কিন্তু আদেশ চুৰি কৰিছিল। কৰ্ণাটক বা আন ঠাইত বিজেপি ক্ষমতালৈ আহিব পৰা একমাত্ৰ উপায় আছিল এইটোৱেই।