কন্নড় চিনেমাত অভূতপূর্ব AI বিপ্লৱ, বিশ্বৰ প্ৰথম সম্পূৰ্ণ AI-ত নিৰ্মিত চলচ্চিত্ৰ ‘লাভ ইউ’

কর্ণাটকৰ চিনেমা জগতখনলৈ এনে এক AI বিপ্লৱৰ আৰম্ভ হৈছে৷ যিয়ে বিশ্বজুৰি চলচ্চিত্ৰ নিৰ্মাণৰ ধাৰণাকে সলনি কৰিব বুলি আশা কৰা হৈছে। শ্ৰী নৰসিংহমুৰ্তি পৰিচালিত আৰু প্ৰযোজিত “লাভ ইউ” নামৰ চলচ্চিত্ৰখনক বিশ্বৰ প্ৰথম সম্পূৰ্ণভাৱে কৃত্ৰিম বুদ্ধিমত্তাৰে (AI) সৃষ্টি কৰা বোলছবি হিচাপে ঘোষণা কৰা হৈছে। কৰ্ণাটকৰ পৰা ওলোৱা এই প্ৰথম AI চলচ্চিত্ৰখন ৯৫ মিনিটৰ এক ৰোমান্টিক ড্ৰামা, য’ত ১২টা AI-জেনেৰেট কৰা গান সন্নিৱিষ্ট হৈছে।

নিৰ্মাতা নৰসিংহমুৰ্তিয়ে কয়, “প্ৰতিটো ফ্ৰেম, সংলাপ, চৰিত্ৰৰ এনিমেশ্যন, লিপ-চিংক, কেমেৰাৰ চলন-থলন—সকলো AI-ৰ দ্বাৰা সৃষ্টি। AI ইঞ্জিনিয়াৰ নুতান আৰু সৃষ্টিশীল দিশত সুন্দৰ ৰাজ গুণ্ডুৰাওৰ সহযোগিতাত এই ডিজিটেল অদ্ভুতকৈ গঢ় দিয়া হৈছে।” তেওঁৰ মতে, AI-য়ে মানৱ কল্পনাক ইমানেই প্ৰতিধ্বনিত কৰিছে যে কলা আৰু টেকন’লজিৰ মাজৰ ৰেখা অস্পষ্ট হৈ পৰিছে।

চেন্সৰ বৰ্ডৰ (CBFC) প্ৰমাণপত্ৰ (U/A) লাভ কৰি “লাভ ইউ” এখন থিয়েটাৰিকেল মুক্তিৰ বাবে অনুমোদিত প্ৰথম AI চলচ্চিত্ৰ হৈ পৰিছে। নৰসিংহমুৰ্তিয়ে গৌৰৱেৰে কয়, “কন্নড় চিনেমাই এই নতুন যুগৰ নেতৃত্ব দিয়া দেখি মোৰ গৌৰৱ অনুভৱ হৈছে। AI আৰু কল্পনাৰ সহ-সৃষ্টিয়েই ভৱিষ্যত।” অতি সোনকালে বিশ্বজুৰি মুক্তিৰ বাবে তৈয়াৰ হৈ থকা এই চলচ্চিত্ৰৰ তাৰিখ শীঘ্ৰে ঘোষণা কৰা হ’ব। “লাভ ইউ”-এ AI-ৰ জৰিয়তে কাহিনী বৰ্ণনাৰ এক নতুন ভাষাৰ সূচনা কৰিছে, যাৰ প্ৰভাৱ বিশ্বজুৰি চিনেমাপ্ৰেমীসকললৈকে অনুভৱ হ’ব বুলি নিৰ্মাতাসকলে আশা কৰিছে। চলচ্চিত্ৰখনৰ সৈতে কন্নড় শিল্পই নৱ প্ৰযুক্তিৰে সৃষ্টিৰ এক নতুন দিগন্তৰ সূচনা কৰিলে।

  • Related Posts

    “কংগ্ৰেছে ভাৰতবাসীক ক্ষমা খুজিব লাগিব”, জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ উপলক্ষে বিজেপিৰ ‘যুৱ সংসদ’

    ১৯৭৫ চনৰ ২৫ জুন তাৰিখে কংগ্ৰেছ চৰকাৰৰ অধীনত দেশত জৰুৰীকালীন অৱস্থা আৰোপৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি আজি অসম প্ৰদেশ বিজেপি যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ উদ্যোগত গুৱাহাটীৰ…

    “খিলঞ্জীয়াৰ মাটি পুঁজিপতিক গতাব”, ভূমি আইন সংশোধনৰ প্ৰস্তাৱক লৈ প্ৰশ্ন লুৰীণজ্যোতি গগৈৰ

    অসমত খিলঞ্জীয়া ৰাইজৰ পুৰুষ-পূৰ্বেৰে ৰক্ষা কৰি অহা ভূমি এতিয়া পুঁজিপতি গোষ্ঠীৰ হাতলৈ দিয়াৰ চেষ্টাত চৰকাৰ লিপ্ত হৈছে — এনে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদ (অজাপ)। আজি গুৱাহাটীত অনুষ্ঠিত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ