
পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস কাণ্ড কাণ্ড সংঘটিত হৈছে কলকাতাত৷ কলকাতাৰ আইন মহাবিদ্যালয়ৰ ভিতৰত গণধর্ষণ কাণ্ড সংঘটিত হৈছে৷ ইতিমধ্যে তিনিজন আটক কৰিছে কলকাতা আৰক্ষীয়ে৷ বুধবাৰে সন্ধিয়া ক’লকাতাৰ দক্ষিণ কলকাতা ল’ কলেজৰ ভিতৰতে এজনী যুৱতীক গণধর্ষণ কৰাৰ অভিযোগ উঠিছে৷ এই ঘটনাত জড়িত বুলি সন্দেহত তৃণমূল কংগ্ৰেছৰ ছাত্ৰ শাখাৰ এজন নেতা আৰু দুজন ছাত্ৰক ধৰি মুঠ তিনিজনক আটক কৰা হৈছে। প্ৰাক্তন ছাত্ৰ, বৰ্তমান দক্ষিণ ক’লকাতা জিলা তৃণমূল কংগ্ৰেছ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক মনোজিত মিশ্ৰ (৩১), ছাত্ৰ জাইব আহমেদ (১৯) আৰু প্ৰমিত মুখাৰ্জী (২০)। ধর্ষণকাৰ্য্য সন্ধিয়া ৭:৩০ বজাৰ পৰা ১০:৫০ বজালৈকে কলেজৰ প্ৰাংগণৰ ভিতৰত সংঘটিত হয় বুলি অভিযোগ উঠিছে। যুৱতীৰ অভিযোগ অনুসৰি, তেওঁৰ ওপৰত যৌন কাৰ্য সংঘটিত হৈছে৷ মুখ্য গেট বন্ধ কৰি দিয়া হৈছিল৷ সুৰক্ষা কৰ্মীৰ কোঠাৰ ভিতৰত এই ঘটনাটো সংঘটিত হয়। ২৪ বছৰীয়া যুৱতীয়ে সেইদিনা পূৰ্বে পৰীক্ষাৰ ফৰ্ম জমা দিবলৈ কলেজলৈ আহিছিল আৰু প্ৰথমে কলেজ ইউনিয়নৰ কোঠাৰ ভিতৰত বহি থকাৰ পিছতে সুৰক্ষা কৰ্মীৰ কোঠাৰ ভিতৰলৈ নি অপকৰ্ম সংঘটিত হয়৷ বৃহস্পতিবাৰে সন্ধিয়া কাসবা অঞ্চলৰ পৰা মনোজিত আৰু জাইবক গ্ৰেপ্তাৰ কৰা হয়৷ তেওঁলোকৰ মোবাইল ফোন জব্দ কৰা হয়। প্ৰমিতক ৰাতিপুৱা তেওঁৰ ঘৰৰ পৰা আটক কৰা হয় আৰু তেওঁৰ ফোনো জব্দ কৰা হৈছে। অভিযুক্তসকলক আদালতত হাজিৰ কৰা হয়৷ পাঁচদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়া হৈছে৷ যুৱতীৰ প্ৰাথমিক চিকিৎসা পৰীক্ষা সম্পন্ন কৰি সাক্ষীৰ সাক্ষ্য সংগ্ৰহ কৰা হৈছে। ঘটনাস্থলটো ফৰেনছিক পৰীক্ষাৰ বাবে সংৰক্ষিত কৰা হৈছে। এই ঘটনাই ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। বিৰোধী দলৰ নেতা শুভেন্দু অধিকাৰীয়ে আৰক্ষীয়ে গাফিলতি কৰাৰ অভিযোগ তুলি কয় যে সমগ্ৰ ক’লকাতা পুলিচক ৰথযাত্ৰাৰ বাবে দিঘালৈ লৈ যোৱা হৈছে। কলকাতা পুলিচে তাত কি কৰিছে? মুখ্যমন্ত্ৰীৰ তেখেতৰ আসনত থকা ন্যায্যতা নাই। বিজেপিৰ আইটি চেলৰ নেতা অমিত মালব্যই কয় যে এই ঘটনা ‘ভয়াৱহ’৷ পশ্চিমবঙ্গক মহিলাসকলৰ বাবে ভয়ংকৰ স্থানলৈ ৰূপান্তৰ কৰিছে। আৰ জি কৰ হাস্পতালত হোৱা গণধর্ষণ কাণ্ডৰ কথাও উল্লেখ কৰে আৰু কয় বিজেপিয়ে পীড়িত মহিলাগৰাকীৰ বাবে ন্যায় নিশ্চয়তা দিব। এই অভিযোগৰ প্ৰতি প্ৰতিক্ৰিয়া জনাই ক’লকাতা মহানগৰপালিকা মেয়ৰ ফিৰহাদ হাকিমে কয় যে এইটো অত্যন্ত গুৰুত্বপূর্ণ বিষয়। মই ইয়াৰ বিষয়ে এতিয়া অৱগত নহয়, পুলিচৰ পৰা তথ্য সংগ্ৰহ কৰি তাৰপাছত মতামত দিম।