কলকাতাৰ মহিলা চিকিৎসক ধৰ্ষণ-হত্যাকাণ্ডৰ চিবিআই তদন্তৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

ডিজিটেল ডেস্কঃ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ চি বি আইৰ তদন্তৰ নিৰ্দেশ দিছে কলকাতা উচ্চ ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ে শীঘ্ৰে সকলো নথি-পত্ৰ চিবিআইক গতাই দিবলৈ কয়। এই সময়ছোৱাত উচ্চ ন্যায়ালয়ে এখন চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষক আন এখন মহাবিদ্যালয়ৰ অধ্যক্ষ বনোৱাৰ বাবে পশ্চিম বংগ চৰকাৰক সমালোচনা কৰে।

মহিলা চিকিৎসকৰ হত্যাকাণ্ডৰ সৈতে জড়িত সকলো নথি-পত্ৰ বুধবাৰে (১৪ আগষ্ট) পুৱা ১০ বজাৰ ভিতৰত চিবিআইক গতাই দিবলৈ আৰক্ষীক নিৰ্দেশ দিছে কলিকতা উচ্চ ন্যায়ালয়ে। ইয়াৰ সমান্তৰালকৈ উচ্চ ন্যায়ালয়ে ধৰ্মঘটত বহি থকা চিকিৎসকসকলক ধৰ্মঘটৰ অন্ত পেলাবলৈ আহ্বান জনাইছে। আদালতে কয় যে সেয়া চিকিৎসকৰ ‘পবিত্ৰ দায়িত্ব’। কালি ভুক্তভোগী চিকিৎসকৰ ঘৰলৈ যোৱাৰ পিছত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছিল যে যদি দেওবাৰৰ ভিতৰত কলকাতা আৰক্ষীয়ে গোচৰটো সমাধান কৰিব নোৱাৰে তেন্তে সেয়া চিবিআইক গতাই দিয়া হ’ব।

কলকাতা ধৰ্ষণ গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষক নিজাববীয়াকৈ ছুটীত যাবলৈ কয়, অন্যথা আদালতে নিৰ্দেশ প্ৰদান কৰিব। শুনানিৰ সময়ত উচ্চ ন্যায়ালয়ে এই প্ৰশ্ন উত্থাপন কৰিছে যে যেতিয়া এজন ছাত্ৰৰ মৃত্যু হৈছিল তেতিয়া সেই গোচৰত অধ্যক্ষই কিয় কোনো অভিযোগ দিয়া নাছিল? ইয়াৰ ফলত সন্দেহৰ সৃষ্টি হয়।

ইফালে সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা কথা-বতৰাত অধিবক্তা বিলাৱদল ভট্টাচাৰ্যই কয়, “…মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে চিবিআইক গোচৰটো গতাই দিয়াত কোনো আপত্তি নাই বুলি বিবৃতি দিছিল, কিন্তু সময় নিৰ্ধাৰণ কৰা হৈছিল যে এই বিশেষ সময়সীমা সম্পূৰ্ণ হোৱাৰ পিছত, আমি কওঁ যে এই পলমটো অতি মাৰাত্মক হ’ব কাৰণ হাইকোৰ্টেও পক্ষসমূহৰ যুক্তি শুনিছে।

অধিবক্তা বিলৱাদল ভট্টাচাৰ্যই আৰু কয় যে মই মোৰ ক্লায়েণ্টৰ হৈ যুক্তি দিলোঁ যে এই জঘন্য হত্যাকাণ্ডৰ পিছতো মৃতদেহটো ইমান ৰক্তাক্ত অৱস্থাত থকা আৰু অৰ্ধনগ্ন হোৱাৰ পিছতো আত্মহত্যাৰ গোচৰ ৰুজু কৰাত আৰক্ষীয়ে অৱহেলা কৰিছে। যাৰ বাবে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তাৰ পিছত কাৰোবাক গ্ৰেপ্তাৰ কৰিবলৈ বহু সময় লৈছিল। গতিকে আৰক্ষীৰ মনোভাৱ কিমান অসাৱধান আছিল সেয়া দেখুৱাবলৈ এইটোৱেই যথেষ্ট আছিল।

তেওঁ কয় যে আমি উচ্চ ন্যায়ালয়ৰ ওচৰত কৃতজ্ঞ যে গোচৰটো এতিয়া চিবিআইৰ হাতত গতাই দিয়া হৈছে। আমিও বিচাৰিছিলো যে আদালতে তদন্তৰ ওপৰত নজৰ ৰাখিব। অৱশ্যে এতিয়া উচ্চ ন্যায়ালয়েও চিবিআইক সময়ে সময়ে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। মৃত ছোৱালীজনীৰ পিতৃ-মাতৃয়ে যদি ভাবুকি অনুভৱ কৰে তেন্তে চিবিআইয়ে সদায় সাক্ষী সুৰক্ষা আঁচনিৰ অধীনত তেওঁলোকক সুৰক্ষা প্ৰদানৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব লাগে।

FAIMA (Federation of All India Medical Association)-এ (মঙলবাৰ, ১৩ আগষ্ট)ৰ পৰা দেশজুৰি ধৰ্মঘটৰ ঘোষণা কৰিছিল। ইয়াত সমগ্ৰ দেশতে অ’পিডি সেৱা বন্ধ কৰিবলৈ কোৱা হৈছিল। অৱশ্যে ইয়াৰ পূৰ্বে FORDA (Federation of All India Resident Doctors Association) য়েও দেশজুৰি ধৰ্মঘট হ’ব বুলি ঘোষণা কৰিছিল।

  • Related Posts

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    কালি নিশা নতুন দিল্লী ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ মহাকুম্ভত স্নানৰ বাবে প্ৰয়াগৰাজলৈ যাত্ৰাৰ বাবে কেইবা হাজাৰ যাত্ৰীয়ে ঠেলা-হেঁচা কৰাত তিনিটা শিশুসহ ১৮ জন লোক নিহত হয়। কুৰিগৰাকী লোক…

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহা কুম্ভমেলা মেলা ৷ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাৰ সময়ত তীর্থযাত্রীসকলৰ প্রত্যাশিত ভিৰ নিয়ন্ত্রণ কৰিবলৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেই দুখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে । উত্তৰ-পূব…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…