কলকাতা ধৰ্ষণ-হত্যাকাণ্ডক লৈ চৰকাৰ-আৰক্ষীক প্ৰশ্ন সৰ্বোচ্চ ন্যায়ালয়ৰ, তদন্তৰ বাবে টাস্ক ফ’ৰ্চ গঠন

ডিজিটেল ডেস্কঃ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ এগৰাকী মহিলা চিকিৎসকৰ সৈতে সংঘটিত ধৰ্ষণ আৰু হত্যা গোচৰত আজি শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এই বিষয়ত স্বতঃ সংজ্ঞান লৈ আজি গ্ৰহণ কৰিছে শুনানি। আজি আদালতে কলকাতা ধৰ্ষণ আৰু হত্যা কাণ্ডত ৰাজ্য চৰকাৰ, আৰক্ষী আৰু হাস্পতাল প্ৰশাসনক কঠোৰ প্ৰশ্ন উত্থাপন কৰে। শুনানিৰ সময়ত আদালতে আঠজনীয়া নেশ্যনেল টাস্ক ফ’ৰ্চ গঠনৰো নিৰ্দেশ দিয়ে।

উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰে যে অধ্যক্ষগৰাকীয়ে কি কৰি আছে। আদালতে প্ৰশ্ন কৰে যে আৰক্ষীয়ে অপৰাধস্থলীক কিয় সুৰক্ষা নিদিলে। এফআইআৰ দাখিল কৰাত কিয় পলম হ’ল? একে সময়তে আদালতে কয় যে চিকিৎসালয়খনত চলি থকা চিকিৎসকৰ প্ৰতিবাদ বলপূৰ্বকভাৱে বন্ধ কৰিব নালাগে। উচ্চতম ন্যায়ালয়ে ২২ আগষ্টত চিবিআইৰ স্থিতি প্ৰতিবেদন চমন কৰিবলৈ নিৰ্দেশ দিছে। এই গোচৰৰ পৰৱৰ্তী শুনানি এতিয়া ২২ আগষ্টত হ’ব।

আদালতে কয় যে এইটো কেৱল হত্যাৰ গোচৰ নহয়। চিকিৎসকৰ সুৰক্ষাৰ প্ৰতিও উদ্বেগ প্ৰকাশ কৰিছে আদালতে। একে সময়তে আদালতে ছ’চিয়েল মিডিয়াত ভুক্তভোগীৰ পৰিচয় প্ৰকাশ কৰাত উদ্বেগ প্ৰকাশ কৰে।

আনহাতে ভুক্তভোগীৰ পিতৃ-মাতৃক মৃতদেহটো চাবলৈ নিদিয়াৰ অভিযোগ সঁচা নেকি বুলিও প্ৰশ্ন কৰে মুখ্য ন্যায়াধীশে। এই সন্দৰ্ভত পশ্চিম বংগ চৰকাৰৰ অধিবক্তাই কয় যে এনে অভিযোগ সঁচা। আদালতে প্ৰশ্ন কৰে যে মৃতদেহ অভিভাৱকক গতাই দিয়াৰ চাৰে তিনি ঘণ্টাৰ পিছত কিয় এফআইআৰ দাখিল কৰা হয়।

এই ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কাৰ্যক লৈ প্ৰশ্ন উত্থাপন কৰে আদালতে। শুনানিৰ সময়ত আদালতে বহু কঠিন প্ৰশ্ন উত্থাপন কৰিছে। আদালতে প্ৰশ্ন কৰে যে ভুক্তভোগীৰ পৰিচয় কেনেকৈ প্ৰকাশ পালে? যেতিয়া ৭ হাজাৰ লোক চিকিৎসালয়ত প্ৰৱেশ কৰিছিল তেতিয়া তাত আৰক্ষীয়ে কি কৰি আছিল? আমি বৃহস্পতিবাৰৰ ভিতৰত চিবিআইৰ পৰা ষ্টেটাছ ৰিপৰ্ট বিচাৰো। আমি এটা নেশ্যনেল টাস্ক ফ’ৰ্চ গঠন কৰিবলৈ ওলাইছো। এই টাস্ক ফ’ৰ্চত থাকিব এইমছৰ সঞ্চালক। তিনি সপ্তাহৰ পাছত টাস্ক ফ’ৰ্চে দাখিল কৰিব অন্তৱৰ্তীকালীন প্ৰতিবেদন।

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে শুনানিৰ সময়ত কয় যে পিতৃতান্ত্রিক চিন্তাধাৰাৰ বাবে মহিলা চিকিৎসকক অধিক লক্ষ্য কৰি লোৱা হয়৷ অধিক সংখ্যক মহিলাই কৰ্মশক্তিত যোগদান কৰাৰ লগে লগে তেওঁলোকৰ সুৰক্ষাৰ প্ৰতিও চিন্তা বাঢ়িছে।

আনহাতে সূত্ৰ অনুসৰি প্ৰাক্তন অধ্যক্ষই ভুল তথ্য দি আছে। তেওঁৰ বক্তব্যত অসামঞ্জস্যতা দেখা গৈছে। ইফালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিবলৈ দিল্লীত উপস্থিত হৈছে বংগৰ ৰাজ্যপাল চি ভি আনন্দ বসু। তথ্য অনুসৰি ৰাজ্যপাল বসুৱে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাকো সাক্ষাৎ কৰিব পাৰে।

ইয়াৰ পূৰ্বে সোমবাৰে ৰাজ্যপালগৰাকীয়ে বংগৰ আইন-শৃংখলাৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ ৰাজভৱনত মহিলা নেত্ৰী আৰু চিকিৎসকক সাক্ষাৎ কৰে। ৰাজ্যপালগৰাকীয়ে কয় যে বংগ মহিলাৰ বাবে নিৰাপদ স্থান নহয়। বৰ্তমানৰ চৰকাৰখনে ৰাজ্যখনক মহিলাৰ বাবে অসুৰক্ষিত কৰি তুলিছে।

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে