
ভাৰতীয় সংবিধান সলনি কৰাৰ চক্ৰান্ত ৰোধ কৰিবৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছে আজিৰে পৰা এবছৰলৈকে ৰাইজক সজাগ কৰিবলৈ অভিযান চলাব। বিজেপিয়ে ভাৰতীয় সংবিধানৰ পৰিৱৰ্তে পুনৰ মনুস্মৃতি দেশত প্ৰচলন কৰিব খোজে। ইয়াৰ বিৰুদ্ধে সমগ্ৰ দেশত জাগৰণ সৃষ্টি কৰা হ’ব। কংগ্ৰেছ নেতা চিডব্লিউচিৰ সদস্য তথা অনুসূচিত জাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু সংখ্যালঘু বিভাগৰ কংগ্ৰেছৰ কেন্দ্ৰীয় অধ্যক্ষ কে ৰাজুৱে আজি গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত এক সংবাদমেলত এইদৰে কয়। কংগ্ৰেছ নেতাজনে কয় যে দেশৰ সংবিধান সলনি কৰিবলৈ আৰএছএছ আৰু বিজেপিয়ে দীৰ্ঘদিনৰ পৰা প্ৰচেষ্টা চলাই আছিল আৰু সংবিধান গ্ৰহণ কৰা দিনটোত ১৯৫০ চনৰ ২৬ জানুৱাৰীত আৰএছএছে সংবিধানৰ প্ৰতিলিপি দাহ কৰিছিল। বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিলে সংবিধানক নস্যাৎ কৰিবৰ বাবে চলোৱা অপচেষ্টা দেশৰ জনগণে এইবাৰ ধূলিস্যাৎ কৰিছে। বিজেপি আৰু আৰএছএছৰ সংবিধান বদলিৰ এই দীৰ্ঘদিনীয়া অভিযান নোহোৱা কৰিবৰ বাবে কংগ্ৰেছে আজিৰে পৰা এবছৰলৈকে ৰাইজৰ ওচৰলৈ সংবিধান সুৰক্ষাৰ বাণী লৈ যাব। কংগ্ৰেছ নেতাজনে এই বক্তব্যৰে সংবাদমেল সম্বোধন কৰাৰ পূৰ্বে শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুসূচিত বিভাগৰ এক বিশাল প্ৰতিনিধিমূলক সভাত বাবা ভীমৰাও আম্বেদকাৰে সংবিধান প্ৰস্তুত কৰি বিশ্বৰ ভিতৰতে ভাৰতক এখন সকলো শ্ৰেণীৰ নাগৰিকৰ সমঅধিকাৰ থকা দেশলৈ পৰিৱৰ্তন কৰিছিল। ১৯২৭ চনতে ভীমৰাও আম্বেদকাৰে মনুস্মৃতি দাহ কৰি ইয়াৰ প্ৰতিবাদ কৰিছিল। তেতিয়াৰে পৰা দেশৰ ব্ৰাহ্মণ্যবাদী চেতনাত আঘাত হনাৰ বাবে সকলো শ্ৰেণীৰ নাগৰিকৰ সমবিকাশ আৰু সম ন্যায়ৰ সংগ্ৰাম চলোৱা ভীমৰাও আম্বেদকাৰৰ বিৰোধিতা কৰি আহিছে আৰএছএছে। কংগ্ৰেছে ভীমৰাও আম্বেদকাৰৰ সংগ্ৰামক সন্মান কৰি তেখেতৰ নেতৃত্বত দেশৰ বাবে সমন্যায় আৰু সমবিকাশৰ ভাৰতীয় সংবিধান গ্ৰহণ কৰে। এই সংবিধান থকালৈকে দেশৰ সকলো শ্ৰেণীৰ নাগৰিকৰ সুৰক্ষা নিশ্চিত বুলি কংগ্ৰেছ নেতা কে ৰাজুৱে উল্লেখ কৰে। তেখেতে অ’বিচি অৰ্থাৎ অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ সুৰক্ষাৰ বাবে মণ্ডল আয়োগৰ পূৰ্বে কি কি পদক্ষেপ গ্ৰহণ কৰিছিল সেই কথা বিস্তৃতভাৱে উল্লেখ কৰে। পিছপৰা শ্ৰেণীৰ লোকসকলৰ অৰ্থনৈতিক বিকাশ আৰু জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে দেশৰ নেতা ৰাহুল গান্ধীয়ে সদনৰ বাহিৰে-ভিতৰে যুঁজ অব্যাহত ৰাখিছে। তাৰে অংশ হিচাপে সংবিধান সুৰক্ষা কৰাতো ভাৰতীয় নাগৰিকৰ এতিয়া দায়িত্ব হৈ পৰিছে। সংবাদমেলত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সম্পাদক মনোজ চৌহানে আৰএছএছ প্রধান মোহন ভাগৱত তীব্ৰ ভাষাৰে সমালোচনা কৰি ৰাম মন্দিৰ নিৰ্মাণ আৰম্ভ হোৱাৰে পৰাহে দেশে স্বাধীনতা লাভ কৰা বুলি কোৱা কাৰ্যক ভৰ্ৎসনা কৰে আৰু মোহন ভাগৱতৰ এই নিকৃষ্ট মন্তব্য ভাৰতীয় সংবিধানৰ প্ৰতি চূড়ান্ত অপমান বুলি উল্লেখ কৰে। মোহন ভাগৱতৰ বিৰুদ্ধে গোচৰ ৰুজু নকৰি সংবিধান আৰু সাংবিধানিক অধিকাৰ সুৰক্ষাৰ স্বাৰ্থত কাম কৰা ৰাহুল গান্ধীৰ বিৰুদ্ধেহে অসমত গোচৰ ৰুজু কৰাত চৌহানে আশ্চৰ্য প্ৰকাশ কৰে। সংবাদমেলত অসমৰ অনুসূচিত জাতি কংগ্ৰেছৰ ৰাজ্যিক অধ্যক্ষ তৃষ্ণা দাসেও সংবিধান সুৰক্ষাৰ অভিযানৰ তাৎপৰ্য ব্যাখ্যা কৰে। সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, বিধায়ক নন্দিতা দাস, সম্পাদক ৰামান্না বৰুৱা আৰু মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা উপস্থিত থাকে। সংবিধান ৰক্ষা অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই উদাত্ত ভাষণেৰে দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ অত্যাচাৰী মন্ত্ৰী-বিধায়কসকলৰ দুৰ্নীতিৰ শিপা উঘালি ২০২৬ত ব্ৰহ্মপুত্ৰত দলিয়াই দিব বুলি উল্লেখ কৰে। বৰাই কয় যে অসমৰ নমস্যা গুৰু আৰু দাৰ্শনিকসকলৰ ধ্যান-ধাৰণাক এতিয়া বিজেপিয়ে নস্যাৎ কৰি দীনদয়াল উপাধ্যায় আৰু শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নীতি-আদৰ্শ জাপি দিব খুজিছে।