কাটাৰৰ আমেৰিকাৰ সেনাৰ ঘাটিত ইৰাণৰ আক্ৰমণ

আমেৰিকাই ইৰাণৰ নিউক্লিয়াৰ ঘাটিত আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে আজি ইৰাণে কাটাৰত থকা আমেৰিকান সেনাৰ বেছত ছয়টা মিছাইলেৰে আক্ৰমণ কৰে৷ আক্ৰমণৰ পিছতে কাতাৰৰ আকাশপথ সাময়িকভাৱে বন্ধ কৰা হৈছে৷ আজি ইৰানে কাটাৰৰ আকাশপথ সাময়িকভাৱে বন্ধ হোৱাৰ কিছু সময়ৰ পিছতেই কমেও ছয়টা মিছাইল কাটাৰত থকা আমেৰিকান সেনা ঘাঁটিত পেলায়। ইৰাক আৰু কাটাৰত থকা আমেৰিকান ঘাঁটিক লক্ষ্য কৰি চলোৱা হৈছিল। ইৰাক আৰু কাটাৰত থকা আমেৰিকান বেছত ইৰানৰ ‘বিজয়ৰ ঘোষণা’ শীৰ্ষক অভিযান নামেৰে মিছাইল আক্ৰমণ কৰে৷ কাটাৰৰ ৰাজধানী দোহাত একাধিক বিস্ফোৰণৰ শব্দ শুনা গৈছে৷ ৰয়টাৰ্ছে উল্লেখ কৰিছে যে ইৰানে ‘বিজয়ৰ ঘোষণা’ নামৰ মিছাইল অভিযান আৰম্ভ কৰিছে৷ লক্ষ্য আছিল ইৰাক আৰু কাটাৰত থকা আমেৰিকান সেনাৰ ঘাঁটি। কাটাৰে জাননী যোগে কয় যে আকাশপথ সাময়িকভাৱে বন্ধ কৰা হৈছে৷ কিছু সময় আগতেই আমেৰিকা আৰু ব্ৰিটেইন চৰকাৰে কাটাৰত থকা নিজৰ নাগৰিকসকলক পুনৰ নিৰ্দেশনা না অহা পৰ্যন্ত সুৰক্ষিত ঠাইত থাকিবলৈ পৰামৰ্শ দিছে৷ ইৰাণে আমেৰিকান বেছত সম্ভাৱ্য আক্ৰমণৰ আশংকাত বিমান প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰিছে। এই আক্ৰমণৰ পটভূমিত আছিল চাৰিদিন আগতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প নেতৃত্বাধীন প্ৰশাসনে ইৰানৰ তিনিটা নিউক্লিয়াৰ কেন্দ্ৰত কৰা বোমা আক্ৰমণ। ইৰানে এই আক্ৰমণৰ প্ৰতিশোধ লোৱাৰ হুমকি দিয়াৰ পাছত কাটাৰে নিজ আকাশপথ সাময়িকভাৱে বন্ধ ঘোষণা কৰে। সংবাদ সংস্থা ৰয়টাৰ্ছে ইৰানৰ সংবাদ সংস্থা তাছনিমৰ উদ্ধৃতি দি কয় যে মিছাইল আক্ৰমণক ‘বিজয়ৰ ঘোষণা’ নাম দিয়া হৈছে৷ ফক্স নিউজে সূত্রৰ উদ্ধৃতি দি প্ৰকাশ কৰা বাতৰি অনুসৰি কাটাৰত থকা আমেৰিকান ঘাঁটিত ইৰানৰ বিমান আক্ৰমণ কৰা হৈছে৷ ইৰানৰ ফৰডো, নাতাঞ্জ আৰু এছফাহানস্থিত নিউক্লিয়াৰ কেন্দ্ৰত আমেৰিকাৰ আক্ৰমণৰ ইৰাণে উত্তৰ দিব বুলি কাটাৰ চৰকাৰে আকাশপথ বন্ধ কৰাৰ সিদ্ধান্ত লয়।

  • Related Posts

    ৭১ত পাকিস্তানে জমা দিয়া বন্দুককেইটা ১০টাকৈ গুলী ভৰাই আমাক দিয়কঃ বেলুচ আৰ্মী

    পাকিস্তানৰ বেলুচিস্তান অঞ্চলৰ স্বাধীনতা দাবীত বিদ্ৰোহ কৰি অহা বেলুচিস্তান লিবাৰেচন ফ্ৰণ্ট চমুকৈ বিএলএফে শেহতীয়াকৈ পুনৰবাৰ সক্ৰিয় হৈছে৷ বেলুচ জাতিতাত্ত্বিক বিচ্ছিন্নতাবাদী সশস্ত্ৰ গোটে বেলুচিস্তান অঞ্চলৰ মুক্তিৰ দাবীত দীৰ্ঘকালে বিদ্ৰোহ কৰি গৈছে৷…

    ভয়াবহ ভূমিকম্প এক হাজাৰৰ মৃত্যু

    ২৮ মাৰ্চত ৭.৭ ৰিখটাৰ স্কেলৰ এক ভয়াবহ ভূমিকম্পই ম্যানমাৰক তচ-নচ কৰি পেলাইছে। বৰ্তমানলৈকে  ১,০০০  লোকে প্ৰাণ হেৰুওৱাৰ লগতে ১,৫০০ জন আঘাতপ্ৰাপ্ত হৈছে বুলি ৰাষ্ট্ৰীয় টেলিভিছনে প্ৰকাশ কৰিছে। সেনা-নিয়ন্ত্ৰিত চৰকাৰে আনুষ্ঠানিকভাৱে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ