কামাখ্যা মন্দিৰ-আহোম সম্প্ৰদায়ক অপমান কৰা শুকুৰক গ্ৰেপ্তাৰ

অসম আৰক্ষীয়ে বিতৰ্কিত শুকুৰ আলিক গ্ৰেপ্তাৰ কৰিছে৷ আজি গোৱালপাৰা আৰক্ষীয়ে শুকুৰ আলিক গ্ৰেপ্তাৰ কৰিছে। ভাইৰেল ভিডিঅ’ৰ আলমত ৰুজু গোচৰৰ ভিত্তিত শুকুৰ আলীক গ্ৰেপ্তাৰ কৰা হয়৷ ধৰ্মীয় ভাবাবেগ লৈ উচটনি দি বিভেদ সৃষ্টিৰ চেষ্টা আৰু ইতিহাস বিকৃতি কৰাৰ দৰে গুৰুতৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে৷ গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে৷ চামগুৰিত নিৰ্বাচনী সভাত কামাখ্যা মন্দিৰ আৰু আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে বিতর্কিত আৰু ইতিহাসবিৰোধী মন্তব্য কৰাত ৰাজ্যজুৰি প্ৰচণ্ড ক্ষোভৰ সৃষ্টি হৈছিল। শুকুৰ আলিয়ে দাবী কৰিছিল যে মোগল সম্ৰাট ঔৰংজেবে ৰাম মন্দিৰ আৰু কামাখ্যা মন্দিৰ উভয়ৰ বাবে ভূমি দান কৰিছিল। ইতিহাসবিদসকলে এই দাবী সম্পূৰ্ণ মিথ্যা আৰু উদ্দেশ্যপ্ৰণোদিত বুলি আখ্যা দিয়ে। শুকুৰ আলিয়ে ইয়াৰে উপৰিও কয় যে আহোমসকলে অসমৰ বাবে কিবা কৰাই নাই বুলি কৈছিল৷ ফলত কেইবাটাও সংগঠনে উজনি অসমৰ কেইবাখনো আৰক্ষ্ষী থানা, গুৱাহাটীত এজাহাৰ দাখিল কৰা হয়। বজৰং দল, মছলিম পৰিষদকে ধৰি বহু সংগঠনে শুকুৰ আলিৰ গ্ৰেপ্তাৰৰ দাবী জনাইছিল। শুকুৰ আলিৰ এই মন্তব্যে সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰে। ইতিহাসবিদ, বুদ্ধিজীৱী, আৰু সাধাৰণ ৰাইজে কামাখ্যা মন্দিৰ আৰু আহোম ৰজাসকলৰ ঐতিহাসিক অৱদানক লৈ হোৱা এই ধৰণৰ বিকৃতিৰ তীব্ৰ ভাষাৰে নিন্দা কৰে।

 

  • Related Posts

    গোমাংসক লৈ সুৰ সলনি, হাচিলা বিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা আৰু ধুবুৰী জিলাৰ দৌৰা কৰি উচ্ছেদ অভিযানৰ পৰিস্থিতি পৰ্যালোচনা কৰে। পুৱা গোৱালপাৰাৰ হাচিলা বিলত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰোনৰ সহায়ত এলেকা পৰিদৰ্শন কৰে আৰু…

    চাহ জনগোষ্ঠী-আদিবাসীক বছৰৰ পিছত বছৰ ধৰি বিজেপিয়ে প্ৰতাৰণা কৰাৰ অভিযোগ ৰ’জনীলা তিৰ্কীৰ

    ৰাজ্যৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলক বিজেপি দল আৰু চৰকাৰে চৰম প্ৰতাৰণা কৰা বুলি আজি তথ্যসমৃদ্ধ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কীয়ে। গুৱাহাটীৰ ৰাজীৱ ভৱনত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ