
চৰ্চাৰ কেন্দ্ৰস্থল হৈ থকা ছাত্ৰ নেতা শংকৰজ্যোতি বৰুৱা অবশেষত ডিব্ৰুগড় কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছে। সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰাৰ পাছতে তেওঁ ৩০ হাজাৰ টকাৰ বেইল বণ্ডত কাৰামুক্ত হয়।
কাৰাগাৰৰ পৰা ওলোৱাৰ পাছতে সংবাদ মাধ্যমৰ আগত আবেগাপ্লুত হৈ পৰে শংকৰজ্যোতি। মাকৰ কথা উল্লেখ কৰি কান্দি উঠে তেওঁ। কয়, “জামিন হোৱাৰ দিনাখন সংবাদ মাধ্যমত মাৰ মুখখন দেখিছিলো। মোৰ মনত মাৰ কথা সদায় আহি আছিল। মা অসুস্থ, গুৱাহাটীত চিকিৎসা কৰি আছে। মাক মইয়ে চোৱা-চিতা কৰোঁ। মাৰ টোপনি নহা অসুখ আছে, টোপনি নাহিলেই স্বাস্থ্য বেয়া হয়। মই জে’লত থাকোতেই মা মোক লৈ চিন্তাত আছিল। এইবোৰ ভাবি প্ৰতিদিনে অনুশোচনা হৈছিল।”
তেওঁ আৰু কয়, কাৰাগাৰৰ ভিতৰত থকা সময়ছোৱাত শিৱ আৰু হনুমান মন্দিৰত সদায় মাকৰ সুস্বাস্থ্য কামনাৰে প্ৰাৰ্থনা কৰিছিল।
উল্লেখযোগ্য যে, শংকৰজ্যোতিৰ বিৰুদ্ধে দুলীয়াজানত মাৰপিটৰ অভিযোগত দুটাকৈ গোচৰ ৰুজু কৰা হৈছিল।
সংবাদ মাধ্যমৰ আগত তেওঁ কয়, “জনতাই সকলো দেখা পাইছে। স্বাভিমানৰ পক্ষে মাত দিয়া সকলোৰে বাবে কৃতজ্ঞ। বিশেষকৈ অসমৰ সংবাদ মাধ্যম, দুলীয়াজানৰ ৰাইজ আৰু বিভিন্ন দল-সংগঠনক ধন্যবাদ জনাইছোঁ।”
ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱাৰ বিষয়ে প্ৰশ্নত তেওঁ উত্তৰ দিয়ে, “মই ৯ দিন জে’লত আছিলো। বাহিৰৰ কথা গম পোৱা নাই। এতিয়া পৰ্যবেক্ষণ কৰি পৰৱৰ্তী সময়ত প্ৰতিক্ৰিয়া দিম।”
হেণ্ডকাফ প্ৰসংগত তেওঁ কয়, “মোক গ্ৰেপ্তাৰ কৰাৰ সময়ত ৩০৭ ধাৰা আৰোপ কৰা হোৱা নাছিল। পাঁচ বজাৰ পাছতহে ৩০৭ লগোৱা হৈছিল। কাৰোবাৰ নিৰ্দেশত হেণ্ডকাফ খুলি দিছিল। ফেচবুক পোষ্টৰ বাবেহে মোক গ্ৰেপ্তাৰ কৰা হৈছিল।”
কাৰামুক্ত হোৱাৰ লগে লগে নতুন বিতৰ্কৰ সৃষ্টি হয়। তেওঁ বিজেপিৰ প্ৰতীক থকা এখন বাহনত যাত্ৰা কৰা দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। এই সন্দৰ্ভত শংকৰে স্পষ্টীকৰণ দি কয়, “বহু গাড়ী ৰৈ আছিল। প্ৰথমে এখন গাড়ীত উঠিলো, পিছত আন এখনত। এখনত বিজেপিৰ চিহ্ন আছিল। গাড়ীখন মোৰ এখন ঘৰুৱা দাদাৰ, তেখেতে ছেকেণ্ড হেণ্ডকৈ কিনিছিল। বিষয়টো উদ্দেশ্যমূলক নহয়। সেয়ে বিতৰ্ক নকৰিবলৈ অনুৰোধ জনাইছোঁ।”
অন্তত, নিশা ডিব্ৰুগড়ৰ কাৰাগাৰৰ পৰা ওলাই ৮ দিনৰ পাছত দুলীয়াজানৰ মধুটিঙৰ নিজৰ বাসগৃহত উপস্থিত হয় শংকৰজ্যোতি। ঘৰলৈ ঘূৰি অহাৰ লগে লগে সমৰ্থক, অনুৰাগী আৰু স্থানীয় ৰাইজে উষ্ম আদৰণি জনায়।
এই মুক্তিৰ পিছত শংকৰজ্যোতিৰ ভবিষ্যৎ পদক্ষেপ আৰু প্ৰতিক্ৰিয়া লৈ ৰাজ্যজুৰি আগ্ৰহ বৃদ্ধি পাইছে।