
কিনকিনিয়া বৰষুণৰ মাজতে ভূমিকম্পই কপাই গ’ল ৰাজ্য৷ আজিৰ দিনৰ প্ৰায় ৪ বাজি ৩০ মিনিটত বৃহৎ কম্পন অনুভূত হয়। ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীৰ লগতে কেবাখনো ৰাজ্যত কম্পন অনুভূত হয়৷ ৪.৬ প্ৰাবল্য আছিল ভূমিকম্প। উৎপত্তিস্থল আছিল কামৰূপ মহানগৰ ৫ কিলোমিটাৰ আঁতৰত। ভূমিকম্পত মানুহৰ জীৱন-সম্পত্তিৰ ক্ষতিৰ হোৱাৰ খবৰ লাভ কৰা হোৱা নাই।