কুখ্যাত সুদখোৰ ফণী মণ্ডলক গ্ৰেপ্তাৰ, সমগ্ৰ নগাঁৱত অভিযান কেতিয়া?

সমগ্ৰ নগাঁও জিলাত সুদখোৰে অবৈধ বেহা চলাই থকাৰ অভিযোগৰ মাজতে বটদ্ৰৱাৰ কুখ্যাত সুদখোৰ ফণী মণ্ডলক গ্ৰেপ্তাৰ কৰিছে বটদ্ৰৱা আৰক্ষীয়ে৷ এগৰাকী মহিলাৰ এজাহাৰৰ ভিত্তিত বটদ্ৰৱা আৰক্ষীয়ে গ্রেপ্তাৰ কৰে সুদখোৰ ফণী মণ্ডলক৷ ভুক্তভোগী মহিলাগৰাকীক সুদত টকা দি সোণৰ আ-অলংকাৰ জব্দ কৰি ৰাখিছিল ফণী মণ্ডলে৷ ইতিমধ্যে মহিলাগৰাকীৰ আ-অলংকাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে৷ সমগ্ৰ নগাঁও জিলাৰ চুকো-কোণে চলা সুদৰ অবৈধ বেহাই বহু পৰিয়ালক বৰবাদ কৰিছে৷ মাহেকত ১২ৰ পৰা ২০ টকা পৰ্যন্ত সুদ সংগ্ৰহ কৰি গৈছে সুদখোৰসকলে৷ চাকৰিজীৱি, শ্ৰমিক, ব্যৱসায়ীক সুদত টকা দি ২০ শতাংশ পৰ্যন্ত টকা সংগ্ৰহ কৰা হয়৷ সুদ আদায় দিব নোৱাৰা পৰিয়ালৰ সা-সামগ্ৰী উঠাই অনা হয়৷ আনকি হত্যাৰ ভাবুকি পৰ্যন্ত দিয়া বুলিও অভিযোগ উত্থাপন হৈছে৷

বটদ্ৰৱা আৰক্ষীয়ে ফণী মণ্ডলক গ্ৰেপ্তাৰৰ পাছতে জুৰীয়া আৰক্ষী থানা, কচুৱা আৰক্ষী থানা আৰু নগাঁও সদৰ আৰক্ষী থানাই সুদখোৰৰ বিৰুদ্ধে অভিযান নচলোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ জুৰীয়া, কচুৱা, সদৰ আৰক্ষী থানা এলেকাত পিয়াপি দি আছে সুদখোৰ৷ জুৰীয়া, কচুৱা আৰু নগাঁও সদৰত কেইবাজনো কুখ্যাত সুদোখেৰে মুকলিকৈ সুদৰ বেহা চলাই গৈছে৷ যদি বটদ্ৰৱা আৰক্ষীয়ে অভিযান চলাব পাৰে তেন্তে এই তিনিখন আৰক্ষী থানাই অভিযান চলাব নোৱাৰাৰ ৰহস্য কি?

তাফাজ্জুল হক মৰল ওৰফে তাইক্কা গুণ্ডা, মোজ্জাম্মিল হক মৰল ওৰফে মুজা মৰল, এমদাদুল হক ওৰফে এণ্ডা, আবুল কাছেম, খবিৰুদ্দিন, আবুল কালাম আজাদ, মজিবুৰ ৰহমান, আব্দুল মতিনে সুদৰ বেহা চলাইছে৷ নগাঁও সদৰত মফিজুল ইছলাম, ইমতিয়াজ হুছেইন, ফজৰ আলী দেৱান, মোকলেছ আলী দেৱান, চামচুদ্দিন ওৰফে চামচু, আব্দুল চালাম আৰু ইশ্ৰাফুল আলীয়ে সুদৰ মুকলি বেহা চলাই থকা হৈছে৷ কচুৱাত মতিবুৰ ৰহমান, ইক্ৰামূল ইছলাম, ওমৰ আলী আৰু মজিবুৰ ইছলাম সুদৰ ব্যৱসায় চলাই গৈছে৷

অভিযোগ মতে, জুৰীয়া, নগাঁও সদৰ, কচুৱাৰ সুদখোৰে আৰক্ষীক মাহেকত কমিচন দি ৰমৰমীয়া বেহা চলাই গৈছে৷ তাফাজ্জুল হক মৰল ওৰফে তাইক্কা গুণ্ডা, মোজ্জাম্মিল হক মৰল ওৰফে মুজা মৰল, এমদাদুল হক ওৰফে এণ্ডা, আবুল কাছেম, খবিৰুদ্দিন, আবুল কালাম আজাদ, মজিবুৰ ৰহমান, আব্দুল মতিন, মফিজুল ইছলাম, ইমতিয়াজ হুছেইন, ফজৰ আলী দেৱান, মোকলেছ আলী দেৱান, চামচুদ্দিন ওৰফে চামচু, আব্দুল চালাম, ইশ্ৰাফুল আলী, মতিবুৰ ৰহমান, ইক্ৰামূল ইছলাম, ওমৰ আলী আৰু মজিবুৰ ইছলামক কেতিয়া কৰিব গ্ৰেপ্তাৰ কৰিব নগাঁও আৰক্ষীয়ে?

 

  • Brahmaputra Times

    Related Posts

    নৃত্যাচাৰ্য যতীন গোস্বামীলৈ ‘বংশধৰ’ এ ট্ৰেডিচনেল কাল্‌চাৰেল ফাউণ্ডেচন অব আছামৰ ‘নটবৰ ৰত্ন’ বঁটা

    ডিজিটেল ডেস্কঃ  সোমবাৰে অসমৰ সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰখনৰ বটবৃক্ষ স্বৰূপ মহান শিল্পী, সাহস, অনুপ্ৰেৰণাৰ প্ৰতীক পদ্মশ্ৰী, নৃত্যাচাৰ্য যতীন গোস্বামীক ‘বংশধৰ’ এ ট্ৰেডিচনেল কাল্‌চাৰেল ফাউণ্ডেচন অব আছামৰ ‘নটবৰ ৰত্ন’ বঁটা প্ৰদান কৰে।…

    অশ্ৰুসিক্ত নয়নেৰে মা দুৰ্গাক বিদায় মঙলদৈবাসীৰ

    ডিজিটেল ডেস্কঃ  আজি বিজয়া দশমী। অশ্ৰুসিক্ত নয়নেৰে মা দুৰ্গাক বিদায় দিলে ভক্তগণে। ৰাজ্য়ৰ প্ৰায়ভাগ ঠাইতে নদীত বিসৰ্জন দিয়ে দুৰ্গা দেৱীৰ মৃণ্ময় প্ৰতিমা । মহিলাসকলে পৰম্পৰাগতভাৱে খেলিলে সেন্দুৰ । লগে লগে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক