কৃষক মুক্তিৰ বিস্ফোৰণ, হাতীয়েই নহয় ঘোং, গঁড়, কাছোও নিছে মুকেশ আম্বানীয়ে

উত্তৰ-পূৰ্বাঞ্চলৰ পৰা মুকেশ আম্বানীৰ ব্যক্তিগত চিৰিয়াখানালৈ হাতী সৰবৰাহক লৈ ৰাজ্যত অভিযোগ-প্ৰতিভিযোগ অব্যাহত আছে৷ এদিন পূৰ্বে আম্বানীৰ ব্যক্তিগত চিৰিয়াখানা বনতাৰাই এক বিবৃতি হাতীসমূহ অসমৰ পৰা নিয়া নাই বুলি স্পষ্টীকৰণ দিয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে অসমৰ হাতী সৰবৰাহ হোৱা নাই বুলি দাবী কৰিছিল৷ তাৰ পিছতে পুনৰ আক্ৰমণাত্মক হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম পৰিষদ৷ অসম-অৰুণাচল সীমান্তৰ নামচাইৰ পৰা হাতী সৰবৰাহক লৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা স্পষ্টীকৰণ দি কয় যে অসমৰ এটাও হাতী গুজৰাটলৈ স্থানান্তৰ কৰা হোৱা নাই৷ কিন্তু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ স্পষ্টীকৰণত অসমৰ ৰাইজ আশ্বস্ত নহয়৷ অৰুণাচলৰ পৰা হাতী নিয়াৰ তথ্য প্রকাশ কৰিলেও সেই হাতী অসমৰ হাতীৰ লগতে অন্য বন্যপ্ৰাণীৰো সৰবৰাহ হোৱাৰ আশংকা আছে৷ অসমৰ পৰা বনতাৰাক দিয়া দুষ্প্রাপ্য বন্যজীৱসমূহ শীঘ্ৰে ঘুৰাই আনক। অসমৰ হাতীৰ গৰাকী আৰু হাতীৰ মাউতসকলক চৰকাৰী আঁচনিৰ অধীনত সাহায্য দিয়া বন্যসম্পদ সংৰক্ষণ কৰি পৰ্যটন উদ্যোগক উন্নত কৰাৰ দাবী জনাইছে কৃষক মুক্তি সংগ্ৰাম পৰিষদ৷ আজি কৃষক মুক্তি সংগ্ৰাম পৰিষদে এখন সংবাদমেল সম্বোধন কৰি অসমৰ হাতী, বন্যপ্ৰাণী সৰবৰাহক লৈ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ গান্ধীবস্তিৰ কার্যালয়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিতু সোণোৱাল আৰু মুখ্য সাংগঠনিক সম্পাদক আকাশ দলেয়ে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাৰে দায়িত্ব লোৱাৰ পিছৰে পৰা ধাৰাবাহিক অসমৰ চিৰিয়াখানাৰ পৰা বিৰল প্ৰজাতিৰ বন্যপ্রাণী আম্বানীৰ চিৰিয়াখানালৈ গোপনে সৰবৰাহ হৈ থকা বুলি কয়৷ দুয়ো নেতাই গুৱাহাটী ৰাজ্যিক চিৰিয়াখানাক বন্যপ্ৰাণী সৰবৰাহৰ নতুন ৰাজধানী আখ্যা দিয়ে৷ অসম ৰাজ্যিক চিৰিয়াখানা কর্তৃপক্ষই আম্বানীৰ বাবে বনতাৰাক চাৱ চেণ্টাৰ গণ্য কৰি বন্যপ্ৰাণী গটাই গৈছে৷ বিৰল প্ৰজাতিৰ বন্যপ্ৰাণীৰ গোপন সৰবৰাহে অসমৰ পৰ্যটন উদ্যোগলৈ ভাবুকি আহিছে৷ কেৱল হাতীয়েই নহয় দুষ্প্রাপ্য বন্যপ্রাণী সৰবৰাহৰ ফলত অসমৰ চিৰিয়াখানা উদং কৰি বনতাৰা শুৱনি কৰাত ব্যস্ত ৰাজ্যৰ মুখ্যমন্ত্রী, বন বিভাগ আৰু অসম ৰাজ্যিক চিৰিয়াখানা কর্তৃপক্ষ। দুয়োগৰাকী নেতাই সংবাদমেলত কিছু তথ্য জাৰি কৰি কয় যে ২০২২ চনৰ ৯ ছেপ্টেম্বৰত অসম ৰাজ্যিক চিৰিয়াখানা আৰু মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ মাজত গোপন বুজাবুজিৰ চুক্তি হয়। চুক্তি অনুসৰি ৰাজ্যিক চিৰিয়াখানাৰ পৰা ২০২২ চনৰ পৰা বৰ্তমানলৈকে স্থানান্তৰ কৰি আহিছে ৬৬টা বন্যপ্রাণী। চুক্তি স্বাক্ষৰ কৰাৰ পূৰ্বেও হিমন্ত বিশ্ব শৰ্মাই নিজৰ প্ৰভাৱ খটুৱাই ২০২১ চনতেই দুটা ব্লেক পেন্থাৰ বনতাৰাক দিছিল৷ কিন্তু ব্লেক পেন্থাৰে নহয় মুঠ ৬৬ বিধ বন্যপ্ৰাণী আম্বানীক গটাইছিল অসম চৰকাৰে৷ সেই তথ্য লুকুৱাই ৰাখিছিল৷ ২০২২-২৩ বৰ্ষত অসমৰ চিৰিয়াখানা উদং কৰি দুটা ঘোং, এশিঙিয়া দুটা গঁড়, ১৭টা আফ্রিকান কাছ, এটা বিয়াৰডেড কাপুচিন, দুটা ব্লেক ক্রেষ্টেড মংগাবে, ৬টা বুটেড মাকাও, এটা হোৱাই চেকড গিবন, এটা ডি ব্রাজাছ মাংকিটা, দুটা ইউৰোপিয়ান হেডগেহগ, চাৰিটা হেক’ছ মাকাও, তিনিটা ইও চাইনিজ চিলভাৰড লেংগুৰ, এটা কলছ গিবন, এটা লাৰ গিবন, চাৰিটা লেজাৰ স্পষ্ট ন’জড গুৱেনন, এটা মীৰকাট, ৮টা মৰ মাকাও, এটা পিলেটেড গিবন, এটা বেড চেইলড গুবেনন, ৫টা টনকিন মাকাও আৰু দুটা হোৱেষ্ট মাংকি বনতাৰক দিছে অসম চৰকাৰে৷ কিন্তু চুক্তি আছিল বিনিময়ৰ৷ বিনিময়ৰ পৰিৱৰ্তে একপক্ষীয়ভাৱে অসম চৰকাৰে বন্যপ্ৰাণী আম্বানীক গটাইছিল৷ অসমৰ চিৰিয়াখানাৰ ৬৬টা বন্যপ্ৰাণী আম্বানীৰ বনতাৰাক দিলে যদিও আম্বানীৰ চিৰিয়াখানাৰ পৰা এটা বন্যপ্ৰাণী আনিব নোৱাৰিলে বুলি কয় কৃষক মুক্তিৰ নেতা বিতু সোণোৱাল আৰু সম্পাদক আকাশ দলেয়ে৷

  • Related Posts

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

    গৌৰৱ গগৈৰ প্ৰেৰণাৎসূত বটল নিক্ষেপ? ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ গোলাঘাটত বটল নিক্ষেপৰ ঘটনাক লৈ ৰাজ্যজুৰি বিজেপিৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নানা অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে