কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন-কৰ্মচাৰী ফেডাৰেচনসমূহে আহ্বান দিয়া ৯ জুলাইৰ দেশজোৰা ধৰ্মঘটক সমৰ্থন

আজি অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ উদ্যোগত বেলতলাস্থিত অমল প্ৰভা ভৱনত মটৰ শ্ৰমিকৰ ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হয়। অসম চৰকাৰে গ্ৰহণ কৰা অসম মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনিখন অতিশীঘ্ৰে কাৰ্যকৰী কৰা, চালকৰ বাবে বিপদজ্জনক মটৰ ভেহিক’ল সংশোধনী আইন-২০১৯ অতিশীঘ্ৰে বাতিল কৰা, ভাৰতীয় ন্যায় সংহিতা (BNS) হিট এণ্ড ৰাণ বুলি জনাজাত ১০৬ (২) ধাৰা বাতিল কৰা, বিভিন্ন ধৰণৰ জৰিমনা মাত্ৰাধিকভাৱে বৃদ্ধি প্ৰত্যাহাৰ কৰক, ফটো ফাইন পদ্ধতি বন্ধ কৰি প্ৰদূষণৰ প্ৰমাণ-পত্ৰকে আদি কৰি অন্যান্য নথি পত্ৰৰ ক্ষেত্ৰত থকা জটিলতা আঁতৰ কৰা, বাণিজ্যিক বাহনৰ চালকসকলৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ ৬০ কিলোমিটাৰ মূৰে মূৰে জিৰণি ঘৰৰ ব্যৱস্থা কৰি বিশুদ্ধ খোৱাপানী, সুলভ মূল্যৰ কেণ্টিন আৰু শৌচালয় আদিৰ ব্যৱস্থা নিশ্চিত কৰা, বাণিজ্যিক বাহনৰ বাহিৰে ব্যক্তিগত বাহনৰ জৰিয়তে ভাৰা লৈ যাত্ৰী কঢ়িওৱা বন্ধ কৰা আৰু শ্ৰমিকৰ অৰ্জিত অধিকাৰ খৰ্ব কৰা ধৰণৰ আইন বন্ধ কৰক, মটৰ শ্ৰমিকসকলৰ ওপৰত হাৰাশাস্তি আৰু নিৰ্যাতন বন্ধ কৰা আদিৰ দাবীত অনুষ্ঠিত মটৰ শ্ৰমিক অভিৱৰ্তনত যৌথ মঞ্চৰ সৰ্বেশ্বৰ দাস, হৰেশ্বৰ দাস, শংকৰ শ্বাহ আৰু সীমান্ত দাসৰ দ্বাৰা গঠিত সভাপতিমণ্ডলীয়ে পৰিচালিত কৰা ৰাজ্যিক অভিৱৰ্তনত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ডেৰ শতাধিক মটৰ শ্ৰমিক সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। অভিৱৰ্তনৰ মূল বিষয়বস্তু উত্থাপন কৰে অল ইণ্ডিয়া ৰোড ট্ৰেন্সপোৰ্ট ওৱাৰ্কাৰ্চৰ ফেডাৰেচনৰ ৰাজ্যিক সাধাৰণ সম্পাদক বীৰেন শৰ্মাই লগতে অভিৱৰ্তনৰ ঘোষণা পত্ৰ উত্থাপন কৰে সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ সাধাৰণ সম্পাদক এ ৰেজ্জাক আহমেদে।

অভিৱৰ্তনত উদ্যোক্তা সংগঠনসমূহৰ পৰা বক্তব্য ৰাখে নৰ্থ ইষ্ট পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ৰমেন দাস, সদৌ অসম কেব অপাৰেটৰচ ইউনিয়নৰ বিষ্ণু দাস, মটৰ পৰিবহণ সেৱা কৰ্মী সন্মিলিত মঞ্চৰ সম্পাদক নৰেণ পাঠক, অল ইণ্ডিয়া ৰোড ট্ৰেন্সপোৰ্ট ওৱাৰ্কাৰ্চৰ ফেডাৰেচনৰ সীমান্ত দাস, নৰ্থ ইষ্ট হেভি গুডছ কেৰিয়াৰ ওনাৰৰ এণ্ড ড্ৰাইভাৰছ ৱেলফাৰ এচ’ছিয়েচনৰ ত্ৰিদীপ কলিতা, সদৌ অসম ই ৰিক্সা চালক ইউনিয়নৰ সূৰ্য বড়ো, সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ পৰিতোষ চাহা, নৰ্থ ইষ্ট পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নৰ সুধীৰ মাহাটো, দৰং জিলা বেচৰকাৰী মটৰ পৰিবহন সন্থাৰ ৰাহুল আলি, কোকৰাঝাৰ ট্ৰাক শ্ৰমিক ইউনিয়নৰ শিবু সাউ, বৰপেটা জিলা লাইন বাছ চালক সন্থাৰ হৰেন বৰ্মন, উত্তৰ-পুৱ মটৰ শ্ৰমিক কৰ্মচাৰী ইউনিয়নৰ ৰুপু শৰ্মাই। বক্তাসকলে কয় যে বিগত সময়ছোৱাত বিশেষকৈ নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ নেতৃত্বত এন ডি এ চৰকাৰ গঠনৰ পিছত ‘Road Transport and Seftey Bill-২০১৪’ উত্থাপন কৰি চালক-কৰ্মচাৰীকে দেশৰ সাধাৰণ মালিকসকলকো বিপদ পেলোৱাৰ ব্যৱস্থা কৰিছিল। দেশৰ মটৰ শ্ৰমিক সংগঠন সমূহৰ প্ৰতিবাদী কাৰ্যসূচীৰ পিছত এই ক’লা বিলখন বাদ দিবলৈ বাধ্য হ’ল। কিন্তু মটৰ ভেহিক’ল আইন-১৯৮৮ খন নানা ধৰণে সংশোধন কৰি ২০১৭ চনত পুনৰ এক বিপদজনক বিল উত্থাপন কৰে আৰু ২০১৯ এই বিলখন আইনত পৰিণত কৰে। কভিডৰ দ্বাৰা আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত মটৰ শ্ৰমিকসকলক এই আইনৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত অত্যধিক জৰিমনা জাপি দিয়ে যিটো শ্ৰমিক আৰু স্বনিয়োজিত চালকসকলৰ বাবে সাধ্যৰ বাহিৰত। অত্যধিক জৰিমনাৰ বাবে বহুতে গাড়ী চলাবলৈ বন্ধ কৰে। এনে নীতিৰ জৰিয়তে বৰ্তমানৰ চৰকাৰে পৰিবহণ ব্যৱস্থাটোকে ধ্বংস কৰি বৃহৎ মালিকক গতাব খুজিছে। আনহাতে দেশৰ গৃহ আৰু আইন মন্ত্ৰনালয়ে মানুহক ন্যায় দিবলৈ গৈ ভাৰতীয় ন্যায় সংহিতা শ্চট্বত্ত্বত্ৰগ্ৰৰ ১০৬ (২) ধাৰাৰ জৰিয়তে মটৰ শ্ৰমিকৰ ওপৰত এক ভয়াবহ বিপদ জাপি দিলে, যি আইন ‘হিট এণ্ড ৰাণ’ বুলি পৰিচিত। এই আইন প্ৰয়োগ নকৰো বুলি লিখিত আকাৰে প্ৰকাশ কৰিছিল যদিও এতিয়াও প্ৰত্যাহাৰ কৰা নাই।

অভিৱৰ্তনত কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহৰ অসমৰ অন্যতম আহ্বায়ক তথা চি আই টি ইউৰ ৰাজ্যিক সম্পাদক তপন শৰ্মাই অভিৱৰ্তনক সম্বোধন কৰি কয় যে দেশৰ বৰ্তমান পৰিস্থিতি দিনে দিনে অতি জটিল হৈ গৈছে। শ্ৰমিক তথা কৃষককে ধৰি শ্ৰমজীৱী ৰাইজ কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ ফলত এক ভয়াবহ ভৱিষ্যতৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত দেশখনৰ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহে কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত অহা ৯ জুলাই, ২০২৫ তাৰিখে দেশজোৰা ধৰ্মঘটৰ আহ্বান দিছে। অসমতো এই ধৰ্মঘট সফল কৰাৰ বাবে সকলো মটৰ শ্ৰমিকক ঐক্যবদ্ধ হৈ ধৰ্মঘট সফল কৰাৰ আহ্বান জনায়। আজিৰ অভিৱৰ্তনে বৰ্তমানে মটৰ শ্ৰমিককে ধৰি শ্ৰমজীৱী ৰাইজে ভুগি থকা বিশেষ পৰিস্থিতিত সমগ্ৰ দেশত শ্ৰমিক-কৰ্মচাৰীৰ সৰ্বভাৰতীয় সাধাৰণ ধৰ্মঘটক অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই পূৰ্ণ সমৰ্থন কৰে আৰু মটৰ শ্ৰমিকৰো কিছুমান নিজস্ব দাবীৰ ভিত্তিত ৯ জুলাইত ৰাতিপুৱা ৫ বজাৰ পৰা অসমত ২৪ ঘণ্টীয়া চকাবন্ধ কৰি ধৰ্মঘটত যোগ দিবলৈ অসমৰ মটৰ শ্ৰমিক তথা সকলো অংশৰ যান-বাহনৰ সংগঠন সমূহক আহ্বান জনায়। ৰাইজৰ প্ৰতিও এই আন্দোলনক সমৰ্থন কৰিবলৈ আন্তৰিকতাৰে আহবান জনায়।

  • Related Posts

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    গুৱাহাটীত উত্তৰ-পূব খনিজ মন্ত্ৰীসকলৰ দ্বিতীয় সন্মিলন অসমত বন্ধ অবৈধ খননঃ জি কিষান ৰেড্ডী

    উত্তৰ-পূৰ্বাঞ্চলৰ খনিজ আৰু কয়লাৰ সম্ভাৱনাক বিকশিত কৰিবলৈ আজি গুৱাহাটীত দ্বিতীয় উত্তৰ-পূৱ ভূতত্ত্ব আৰু খনি মন্ত্ৰীসকলৰ সন্মিলন উদ্বোধন কৰা হয়। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে