বিলাসীপাৰাৰ আটানি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ধনঞ্জয় ৰাভাক তৎকালে চাকৰিৰ পৰা নিলম্বন কৰিছে ধুবুৰী জিলা আৰক্ষী অধীক্ষকে৷ অবৈধভাৱে ধন সংগ্ৰহ কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগ উত্থাপিত হোৱাৰ লগতে গোচৰ মীমাংসাৰ বাবে উৎকোচ লোৱাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাত আৰক্ষী অধীক্ষকে ধনঞ্জয় ৰাভাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ভিডিঅ’ ভাইৰেল হোৱাত জনসাধাৰণৰ মাজত ধুবুৰী আৰক্ষীক লৈ ক্ষোভৰ সৃষ্টি হৈছে৷ আটানিৰ বাসিন্দা আৰু দল-সংগঠনে ক্ষোভ প্ৰকাশৰ পিছে ধনঞ্জয় ৰাভাক প্ৰথমে তলৱ, তাৰ পিছতে চাকিৰৰ পৰা নিলম্বন কৰিছে৷ ব্যক্তিগত লাভৰ বাবে পদবীক ব্যৱহাৰ কৰি ধন দাবী কৰছিলি ধনঞ্জয় ৰাভাই৷ জানিব পৰা মতে, ৰাভাই দুৰ্ঘটনাত পতিত গাড়ী মুকলি কৰি দিবলৈ ধন দাবী কৰিছিল৷ সেই ধন পৰিবহন কাৰ্যালয়লৈ মানুহ পঠিয়াবলৈ লৈছিল৷ পৰিবহন কাৰ্যালয়লৈ প্ৰেৰণ কৰা লোকজনক হাজিৰা দিব লাগে বুলি বাৰে বাৰে টকা বঢ়াই দিবলৈ কৈ কেবাখনো পাচশটকীয়া নোট লোৱা দেখা গৈছিল৷ সেই ধন দিয়াৰ সময়ত কোনো লোকে ভিডিঅ’ ৰেকৰ্ড কৰি ভাইৰেল কৰে৷ ধনঞ্জয় ৰাভাই আন এক দুৰ্ঘটনাৰ কথা কৈ ট্ৰাক আৰু বাছ উদ্ধাৰৰ নামত তেওঁৰ পকেটৰ পৰা ২০ হাজাৰ টকা খৰছ হোৱা বুলি দাবী কৰিছে৷ এইগৰাকী আৰক্ষী বিষয়া ধনঞ্জয় ৰাভাই ইয়াৰ পূৰ্বেও বহু এনে ঘটনা সংঘটিত কৰাৰ অভিযোগ আছে৷
দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…
প্ৰধানমন্ত্ৰী আৰু জ্যোতিৰাদিত্য সিন্ধিয়াৰ পাছত মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ,কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ নিজ…