
অসমত খিলঞ্জীয়া ৰাইজৰ পুৰুষ-পূৰ্বেৰে ৰক্ষা কৰি অহা ভূমি এতিয়া পুঁজিপতি গোষ্ঠীৰ হাতলৈ দিয়াৰ চেষ্টাত চৰকাৰ লিপ্ত হৈছে — এনে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদ (অজাপ)। আজি গুৱাহাটীত অনুষ্ঠিত সংবাদমেলত অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যক্ষভাৱে দায়ী কৰি কয় — “ভূমি আইন সংশোধন নাটকৰে খিলঞ্জীয়াৰ অধিকাৰ হৰণৰ পথ প্ৰস্তুত কৰা হৈছে।”
ভূমি শাসন আয়োগ গঠন: উদ্দেশ্য সন্দেহজনক?
লুৰীণজ্যোতি গগৈয়ে কয়, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰশান্ত কুমাৰ ডেকাৰ নেতৃত্বত গঠন কৰা ‘ভূমি শাসন আয়োগ’ৰ মূল উদ্দেশ্য হ’ল অসমৰ খিলঞ্জীয়াৰ ভূমি আইনসমূহ বাতিল বা ব্যাপকভাৱে সংশোধন কৰা।
৯ মে’ত প্ৰকাশ কৰা চৰকাৰী জাননীৰ অনুসৰি, আয়োগখনে অসমৰ ভূমি আইনসমূহ পুনৰীক্ষণ কৰি ‘অগতিশীল’ আইনসমূহ বাতিল কৰিব, আৰু অপ্ৰয়োজনীয় দফা সংশোধন কৰিব। জনসাধাৰণক revenuedm@gmail.com ই-মেইলযোগে ৭ জুনৰ ভিতৰত ওজৰ-আপত্তি দাখিল কৰিবলৈ আহ্বান জনোৱা হয়।
গুৰুতৰ সন্দেহ: পূৰ্বেৰে খচৰা তৈয়াৰ?
অজাপ সভাপতিগৰাকীয়ে কয় —
“চৰকাৰৰ মাত্ৰ ৮-৯ মাহ সময় থাকোতে হঠাতে ১৩৯ বছৰীয়া ভূমি আইন সংশোধনৰ তৎপৰতাৰ আড়ালত ৰাজনৈতিক উদ্দেশ্য লুকাই আছে। ইতিমধ্যে খচৰা তৈয়াৰ কৰি আয়োগৰ অনুমোদনৰ নাটক চলি থকা সন্দেহ স্পষ্ট।”
তেওঁ লগতে কয় যে চৰকাৰে এতিয়ালৈকে কোনো খচৰা জনসাধাৰণৰ আগত অনা নাই, সেয়ে ৰাইজে ঠিক কোন দফাৰ ওপৰত আপত্তি জনাব, সেইটো নিজেই অস্পষ্ট।
ভূমিহীনতাৰ আশংকা আৰু জনজাতিৰ অধিকাৰৰ সংকট
লুৰীণজ্যোতি গগৈয়ে সন্দেহ প্ৰকাশ কৰে যে এই প্ৰস্তাৱিত আইনি পৰিৱর্তনে বহু আৱণ্টন পত্ৰধাৰী, একচনা পট্টাদাৰ, ৰায়ত আদি ভূমিহীন কৰি পেলাব পাৰে, যাৰ বাবে কোনোপধ্যেই জনমত সংগ্ৰহ নকৰাকৈ আইন প্ৰণয়ন অনুচিত।
তেওঁ সোধে —
-
“ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহ সুৰক্ষিত থাকিবনে?”
-
“পুৰণি জমাবন্দী, চিঠা আদিৰ নথি ৰক্ষা হ’বনে?”
-
“পট্টাদাৰৰ অধিকাৰ সুৰক্ষিত থাকিবনে?”
চিলিং আইন, নামজাৰী প্ৰথা আৰু মাফিয়াক সুবিধা?
গগৈয়ে কয় —
“নতুন আইনত নামজাৰী প্ৰথা পোনে পোনে হোৱাৰ ব্যৱস্থা থাকিলে, জাল দলিল বা বেআইনী নামজাৰী অধিক হাৰতে হ’ব পাৰে। বৰ্তমান আইনত থকা আপীল ব্যৱস্থাই পট্টাদাৰক সুৰক্ষা দিয়ে — সেয়া বজাই ৰখা হ’ব লাগে।”
নতুন আইন প্ৰৱৰ্তনৰ ক্ষেত্ৰত গণশুনানি কিয় নহ’ল?
গগৈয়ে আয়োগৰ ই-মেইলযোগে মতামত লোৱাৰ ব্যৱস্থাক “ৰাইজৰ পৰা আঁতৰ কৰি লোৱা প্ৰয়াস” বুলি অভিহিত কৰে। তেওঁ দাবী কৰে —
“এনে গুৰুত্বপূর্ণ বিষয়ত জিলাত জিলাত গণশুনানি অনুষ্ঠিত হ’ব লাগিছিল। চৰকাৰে ইচ্ছাক ৰাইজৰ মত বুলি দেখুৱাব নালাগে।”
সময়সীমা বৃদ্ধি আৰু তথ্যৰ দাবী
অজাপে ইতিমধ্যে ৩ জুনত পত্ৰযোগে আয়োগক ৩০ ছেপ্টেম্বৰৰ ভিতৰত সময়সীমা বৃদ্ধিৰ দাবী জনাইছে। যদিও আয়োগে ৫ জুনত সময়সীমা ৩০ জুনলৈ বঢ়ায়, আজি ২৫ জুন — হাতে মাত্ৰ ৫ দিন সময়।
গগৈয়ে দাবী কৰে —
“সভাৰ কার্য্যবিৱৰণি, খচৰা আইন, পৰামৰ্শ আদিও জনসাধাৰণৰ বাবে উন্মুক্ত হ’ব লাগিব। ইয়াৰ অভাৱতে স্বচ্ছতা থাকিবই নোৱাৰিব।”