খিলঞ্জীয়া লোকে বসতি কৰি থকা ভূমিত উচ্ছেদ অভিযান নচলোৱাৰ সিদ্ধান্ত

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হয়৷ জনতা ভৱনত অনুষ্ঠিত বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ আজিৰ কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি সিদ্ধান্তসমূহ ৰাজহুৱা কৰে৷ ডিব্ৰুগড় আৰু শোণিতপুৰ জিলাৰ দুটা চাহ পৰ্যটন প্ৰকল্প, অসমত দুগ্ধ বিপ্লৱৰ সূচনা, মন্দিৰ-নামঘৰকে ধৰি ৰাজহুৱা অনুষ্ঠানৰ ভূমি আৱণ্টন, ক্ষুদ্ৰ বিক্ৰেতাক মহলদাৰী মাচুলৰ পৰা ৰেহাই, নগৰ পৰিকল্পনা খণ্ডৰ বিকাশৰ পৰিকল্পনাক লৈ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই৷ মুখ্যমন্ত্ৰীয়ে সংবাদমেল যোগে কয় যে মিছন বসুন্ধৰা ৩.০ত নামঘৰ, মন্দিৰ, স্কুল, কলেজকে ধৰি বিভিন্ন ৰাজহুৱা অনুষ্ঠানে পট্টাৰ বাবে প’ৰ্টেলত আৱেদন কৰিব পৰা নাই সেইসকলে হাতে হাতে নথি দি মেনুৱেলী আৱেদন কৰিব পাৰিব। ৩০ জানুৱাৰীলৈ মেনুৱেলী আৱেদন কৰিব পাৰিব। কেবিনেটে ২০০৬ চনত প্ৰাদেশিকীকৰণৰ পৰা বাদ পৰা বিদ্যালয়সমূহক প্ৰাদেশিকীকৰণ কৰাৰ সিদ্ধান্ত লয়। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ নেতৃত্বত ৩ জনীয়া সদস্যৰ সমিতি গঠনত অনুমোদন জনাই কেবিনেটে। বনভূমিক ৰাজহ গাঁও কৰাৰ সিদ্ধান্ত লয়৷ ডিব্ৰুগড় জিলাৰ বনভূমিৰ মাটিৰ শ্ৰেণী পৰিবৰ্তন কৰি ৰাজহ গাঁও কৰা হ’ব৷ ইপিনে কেবিনেটে খিলঞ্জীয়াৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়৷ খিলঞ্জীয়া লোকে বসতি কৰি থকা ভূমিত উচ্ছেদ অভিযান নচলোৱাৰ সিদ্ধান্ত লয়। ক্ষুদ্ৰ ব্যৱসায়ী তথা খেতিয়কক মাচুল ৰেহাই দিয়াৰ সিদ্ধান্ত লয়৷ শাক-পাচলি বিক্ৰী কৰি অহা সাধাৰণ লোকৰ পৰা মহলদাৰে মাচুল ল’ব নোৱাৰিব৷

  • Related Posts

    সাংবাদিকক বিনাচৰ্তে মুক্তিৰ দাবী ভূপেন বৰাৰ

    চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ নামত থকা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰি পৰিৱেশন কৰাৰ পিছত এজন সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনা গণতন্ত্ৰৰ পৰিপন্থী। সংবাদ পৰিৱেশন কৰাৰ স্বাধীনতা সাংবাদিকৰ পূৰামাত্ৰাই…

    গীত-কবিতাৰে জীপাল জ্যোতিপ্ৰসাদৰ জ্যোতিতীৰ্থ ভৱন, পোনাকণ বৰুৱাৰ ওপজা দিন পালন

    আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান আৰু জীৱনজোৰা সাধনাৰ স্মৃতি বিজড়িত তামোলবাৰী চাহ বাগিচাৰ জ্যোতি তীৰ্থ ভৱনত চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই ব্যতিক্ৰৰ্মী ওপজা দিন পালন কৰে৷ সুধীসমাজ, জ্যেষ্ঠ নাগৰিক, শুভকাংক্ষী, দলীয় সতীৰ্থ,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…