খিলঞ্জীয়াৰ পৰা মিঞাৰ সুৰক্ষা বিচাৰি ৰাজ্যপালক সাক্ষাৎ AIUDFৰ বিধায়কৰ

গুৱাহাটীঃ ধিং কাণ্ডৰ পিছতে যেন মিঞা আৰু সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে ক্ষোভৰ উদগীৰণ ঘটিছে উজনি অসমত। বীৰ লাচিত সেনা, জাতীয় যুৱ মঞ্চকে ধৰি বিভিন্ন খিলঞ্জীয়া দল-সংগঠনে উজনি অসমত বিভিন্ন কামত নিয়োজিত মিঞা আৰু সন্দেহযুক্ত নাগৰিকক শীঘ্ৰে উজনি অসম পৰিত্যাগ কৰিবলৈ সকিয়নী দিছে। মিঞাক উজনি অসম এৰিবলৈ ৭ দিনৰ সময়ো বান্ধি দিছে দল-সংগঠনসমূহে।

ইফালে মিঞা হাতাও এই অভিযানৰ মাজতে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে নাজিৰাৰ এটা ভিডিঅ’। য’ত একাংশ সন্দেহযুক্ত মিঞাক কাণত ধৰি আঁঠু কাঢ়িবলৈ দিয়া লগতে একাংশ অসমীয়াই ‘জয় আই অসম’ ক’বলৈ বাধ্য কৰোৱা পৰিলক্ষিত হয়।

উজনি অসমত মিঞাৰ বিৰুদ্ধে খিলঞ্জীয়া অসমীয়াই গ্ৰহণ কৰা এনে পদক্ষেপৰ মাজতে অসমৰ ৰাজ্যপালক সাক্ষাৎ কৰে এ আই ইউ ডি এফৰ বিধায়ক তথা নেতাৰ এটা সজাতি দলে।

ৰাজ্যপালক সাক্ষাৎ কৰাৰ পিছত এ আই ইউ ডি এফে কয় যে উজনি অসমত মিঞাৰ বিৰুদ্ধে আৰম্ভ হোৱা অত্যাচাৰ প্ৰতিৰোধ কৰিবলৈ তেওঁলোকে ৰাজ্যপালক সাক্ষাৎ কৰি এক স্মাৰক পত্ৰ প্ৰদান কৰে।

দলটোৰ বিধায়ক আমিনুল ইছলামে কয়, ”উজনি অসমত যিদৰে মিঞাৰ ওপৰত আক্ৰমণ আৰম্ভ হৈছে, আঁঠু কাঢ়িবলৈ বাধ্য কৰোৱা হৈছে, এনেবোৰ ঘটনাই অসমত অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। সেয়ে মিঞাৰ ওপৰত হোৱা এনে ঘটনাক লৈ আমি উদ্বিগ্নতা প্ৰকাশ কৰি ৰাজ্যপালক সাক্ষাৎ কৰি মিঞাৰ সুৰক্ষা বিচাৰিছো।’’

প্ৰণিধানযোগ্য যে, শেহতীয়াকৈ ধিঙত এগৰাকী কিশোৰী ছাত্ৰীৰ ধৰ্ষণকাণ্ডৰ সৈতে এটা বিশেষ সম্প্ৰদায় জড়িত থকাৰ তথ্য পোহৰলৈ অহাৰ পিছতে মিঞা আৰু আন সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বীৰ লাচিত সেনাকে ধৰি বিভিন্ন খিলঞ্জীয়া দল-সংগঠন।

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে