
ওদালগুৰি জিলাৰ ৰৌতাৰ কঠালবাৰী গাঁৱৰ লালমোহন ৰায় নামৰ লোকজনক তামোল চুৰিৰ সন্দেহত হত্যা কৰা ঘটনাৰ পাছত ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত ইকৰাবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতি প্ৰাঞ্জল শৰ্মাক ৰিজাৰ্ভ ক্ল’জ কৰে। ঘটনা সংঘটিত হোৱাৰ পাছতো উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰি কৰ্তব্যত গাফিলতিৰ ফলস্বৰূপে আজি এই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে জিলা আৰক্ষী অধীক্ষক পুস্কিন জৈনে। োৱা ১৩ মাৰ্চত কঠালবাৰী গাঁৱত নিশা প্রায় ১১ মান বজাত তামোল চোৰৰ সন্দেহত স্থানীয় কঠালবাৰী গাঁৱৰ ৩ জন লোকৰ বিৰুদ্ধে ভয়ংকৰ ভাৱে প্রহাৰ কৰিছিল। অতি নির্মমভাৱে হাত-ভৰি বান্ধি শাৰীৰিক প্ৰহাৰ কৰিছিল লালমোহন ৰায় নামৰ লোকজনক। ঘটনাৰ পাছতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অভিযুক্ত লালমোহন ৰায়ক ৰৌতা আৰক্ষী থানালৈ লৈ গৈছিল যদিও পৰৱৰ্তী সময়ত আৰক্ষীয়ে ৰৌতা আদৰ্শ চিকিৎসালয়ত অভিযুক্ত গৰাকীক স্বাস্থ্য পৰীক্ষা কৰাত স্বাস্থ্য অধিক অৱনতি ঘটাত তেওঁক প্ৰেৰণ কৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ। কিন্তু দুর্ভাগ্যজনকভাৱে যোৱা ২০ মাৰ্চত জিএমচিএইছত মৃত্যুক আঁকোৱালি লৈছিল লালমোহন ৰায় নামৰ লোকজনে৷ এই সমগ্র ঘটনাৰ পাছতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ঘটনা সন্দৰ্ভত ৰৌতা আৰক্ষী থানাত পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰুজু হোৱা গোচৰৰ ভিত্তিতেই ২১ মাৰ্চৰ নিশা চুৰিৰ অভিযোগত অভিযুক্ত ৰায়ক হত্যাৰ অভিযোগত ২ জনক গ্ৰেপ্তাৰ কৰিছিল। সমান্তৰালভাৱে নিহতৰ মৃতদেহক লৈ ইকৰাবাৰী আৰক্ষী চকীৰ অন্তর্গত কঁঠালবাৰী গাঁৱত সৃষ্টি হৈছিল ভয়ংকৰ পৰিস্থিতিৰ৷ লালমোহন ৰায়ৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াত তথা কৰ্তব্যত গাফিলতিৰ অভিযোগত আৰক্ষী বিষয়া জেপি শৰ্মাক ৰিজাৰ্ভ ক্ল’জ কৰে।