গাফিলতা কৰিছিল অভিযন্তা-ঠিকাদাৰে, ভাঙি পেলোৱা হ’ব পাৰে ২০০৪ত নিৰ্মাণ কৰা ছয়মাইল সেঁতু

গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ গণেশগুৰি-খানাপাৰা সংযোগী পথত নিতৌ পথচাৰীয়ে যমৰ-যাতনা ভূগিবলীয়া হৈছে৷ অসম সচিবালয়, প্ৰশাসনিক কলেজ, পশু চিকিৎসা মহাবিদ্যালয়, চাহ নিলাম কেন্দ্ৰ, ব্যক্তিগত-চৰকাৰী বহু কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ আহ-যাহত ব্যৱহাৰ কৰা সদাব্যস্ত গণেশগুৰি-খানাপাৰা সংযোগী পথত যান-জঁট পৰিব লগা হৈছে পথচাৰী৷ পথত যান-জঁট লগাৰ কাৰণ হৈছে ছয়মাইলৰ উৰণীয়া সেঁতু৷ চাৰিমাহে বাঁহৰ বেৰিকেট লগাই ৰখা হৈছে সেঁতুখন৷ দীৰ্ঘদিনে সেঁতুখনত আহ-যাহ বন্ধ হৈ আছে৷ এটা খুঁটাত ফাট মেলাত প্ৰশাসন তথা লোক নিৰ্মাণ বিভাগে সেঁতুখনত যাতায়ত বন্ধ কৰি ৰাখিছে৷ যাৰ ফলত পথটোত চলাচল কৰা সকলো বাহৰে উৰণীয়া সেঁতুখনৰ তলেৰে সৰু পথেৰে আহ-যাহ কৰিবলগীয়া হোৱা দুয়োটো দিশে খানাপাৰা আৰু গণেশগুৰি দিশত প্ৰায়ে যান-জঁট লগা পৰিলক্ষিত হয়৷ যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ২০০৪ চনত নিৰ্মাণ আৰম্ভ কৰা আৰু ২০০৯ চনত মুকলি কৰা সেঁতুখন মাথো ১৭ বছৰৰ পিছতে অকমিলা হৈ পৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ তদানীন্তন তৰুণ গগৈ চৰকাৰৰ দিনত নিৰ্মাণ কৰা সেঁতুখন নিৰ্মাণত ঠিকাদাৰ আৰু গড়কাপ্তীনি বিভাগে দুৰ্নীতিৰ আশ্ৰয় লৈছিল নেকি তাকে লৈ আৰম্ভ হৈছে চৰ্চা৷ নিৰ্মাণৰ ১৬ বছৰ পিছতেই সেঁতুখনৰ চাৰি নং খুঁটাটোত বৃহৎ ফাঁট মেলে৷ উৰণীয়া সেঁতুখনৰ পুনৰ নিৰ্মাণৰ দায়িত্ব প্ৰদান কৰা হৈছিল গৌতম কনষ্ট্ৰাকচনক। লোকনিৰ্মাণ বিভাগে বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰি পুনৰ নিৰ্মাণ কৰিবলৈ প্ৰয়াস কৰিছিল৷ আগশাৰীৰ ৰে’লৱেৰ অভিযন্তা, ৰাজস্থান, কলকাতাৰ বিশেষজ্ঞৰ দলে সেঁতুখন পৰীক্ষা কৰিছে। বিশেষজ্ঞই মেৰামতি কৰিব নোৱাৰিব বুলি মত দিয়া বুলি জানিব পৰা গৈছে৷ যদি তেনেকৈয়ে সেঁতুখন ব্যৱহাৰ কৰা তেন্তে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে৷ ২৪ বছৰ পূৰ্বে নিৰ্মাণত জড়িত ঠিকাদাৰী প্ৰতিষ্ঠান ছিমপ্লেক্স আৰু লোকনিৰ্মাণ বিভাগৰ একাংশ বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হ’ব ধৰিছে৷ যদি সঁচাকৈয়ে মেৰামতি কৰিব নাযায় তেন্তে সেঁতুখন ভাঙি পেলাবলগীয়া হ’ব পাৰে৷ যদি ভাঙি পেলাবলগীয়া হয় তেন্তে ৰাজ্যৰ ৰাজকোষৰ কেইবা কোটি টকা পানীত পৰিব৷ অৱসৰৰ পাছতো লোকনিৰ্মাণ বিভাগৰ বিশেষ দায়িত্বত থকা অভিযন্তা দীব্যজ্যোতি চহৰীয়া জড়িত উৰণীয়া সেঁতুখন নিৰ্মাণৰ সময়ত লোকনিৰ্মাণ বিভাগত চাকৰি কৰি আছিল৷ সেঁতুখনত নিৰ্মাণত হোৱা দুৰ্নীতিত এইগৰাকী অভিযন্তাৰ নামত উচ্চাৰণ হ’ব ধৰিছে৷ সেঁতুখনৰ জৰিয়তে মহানগৰবাসীৰ যাতায়ত সহজ হৈ পৰিছিল যদিও এতিয়া তীব্ৰ যানজঁটৰ মাধ্যম হৈ পৰিছে। নিম্নমানৰ সামগ্ৰী, অভিযন্তাৰ দুৰ্নীতি আদিৰ বাবে আজি ৰাইডে যমৰ-যাতনা ভূগিবলীয়া হৈছে৷

  • Related Posts

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

    গৌৰৱ গগৈৰ প্ৰেৰণাৎসূত বটল নিক্ষেপ? ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ গোলাঘাটত বটল নিক্ষেপৰ ঘটনাক লৈ ৰাজ্যজুৰি বিজেপিৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নানা অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে