

অখিল গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত বাকযুদ্ধ অব্যাহত আছে৷ গুৱাহাটীৰ বি.বৰুৱা কলেজৰ অধ্যাপিকা গীতাশ্ৰী তামুলীৰ চাকৰিক লৈ সদনৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে সন্দেহ ব্যক্ত কৰাত একাংশ লোকে মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰিছিল৷ আনকি বি.বৰুৱা কলেজৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীয়ে আজি মুখ্যমন্ত্ৰীৰ ভাষ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে৷ সদনত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ প্ৰাইভেট স্কুল নিৰ্মাণ আৰু অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীৰ চাকৰি আৰু চানমাৰিত ঘৰ ক্ৰয় কৰাৰ প্ৰসংগই ঠাই পাইছিল। বিশেষকৈ মুখ্যমন্ত্ৰীয়ে অখিল পত্নী গীতাশ্ৰী তামূলীৰ চাকৰি কেনেকৈ লৈছিল সেই প্ৰশ্ন কৰি বহু অভিযোগ থকা বুলি কৈছিল। ইজনে সিজন নেতাৰ পত্নীৰ প্ৰসংগ উল্লেখ কৰাত একাংশ লোকে বিধানসভাত পত্নীৰ চৰ্চা কৰিবলৈ নেকি বুলি প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে অখিল গগৈ আৰু পত্নী গীতাশ্ৰী তামূলীয়ে পৃথকে পৃথকে বি. বৰুৱা কলেজ কৰ্তৃপক্ষ আৰু উচ্চ শিক্ষা সঞ্চালকক পৃথকে পৃথকে পত্ৰ প্ৰদান কৰি চাকৰি সাক্ষাতকাৰকৈ ধৰি প্ৰক্ৰিয়াটোৰ তদন্ত কৰিবলৈ দাবী উত্থাপন কৰিছিল৷ কিন্তু আজি মুখ্যমন্ত্ৰীয়ে অখিল গগৈৰ পত্ৰ সন্দৰ্ভত নিজেহে নিজৰ তদন্ত কৰিব লাগে বুলি কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে উচ্চতৰ মাধ্যমিকত দ্বিতীয় বিভাগহে পাইছিল। এই কথা এতিয়া ৰাইজেই কৈ আছে। অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীৰ নিযুক্তিক লৈ ঢেকিয়াজুলিৰ এগৰাকী অধ্যাপকে দিয়া উত্তৰৰ উদ্ধৃতি দি মুখ্যমন্ত্ৰীয়ে কয় যে গীতাশ্ৰী তামুলীতকৈ অধ্যাপকগৰাকীৰ মাৰ্কশ্বীট ভাল আছিল। বিষয়টোক লৈ বিধায়ক অখিল গগৈ আৰু তেওঁৰ পত্নী গীতাশ্ৰী তামুলীয়ে তদন্ত বিচৰা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় তেওঁ নিজেহে নিজৰ তদন্ত কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ থাকোঁতেই এই অনিয়মৰ কথা জানিছিল বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে। একেদৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়তো গীতাশ্ৰী তামুলীয়ে কোনো সোণৰ পদক পোৱা নাছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় সেই সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সোণৰ পদক দিয়া ব্যৱস্থাই নাছিল। গতিকে তদন্তৰ কোনো দৰকাৰ নাই, সকলো কথা জলজল পটপট হৈ আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে তেওঁলোকক নৈতিকভাৱে নিজৰ দায়িত্ব স্বীকাৰ কৰিবলৈ আহ্বান জনায়। আনক নীতি শিক্ষা দিয়াতকৈ নিজে নীতি নিয়ম পালন কৰক বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে। চৰকাৰে তদন্ত কৰি সময় নষ্ট কৰাতকৈ ৰাইজে দুয়োগৰাকীৰে মাৰ্কশ্বীট দুখন চালেই গম পাব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে অখিল গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে মুখ্যমন্ত্ৰীয়ে মিছা অপবাদ দি ধৰা পৰিল আৰু এতিয়া পলাব খুজিছে। এইবাৰ পলাবলৈ দিয়া নহ’ব। নৈতিকতাৰ কথা ক’ৰ পৰা আহিল? কেলেংকাৰী কৰিছো যদি তদন্ত কৰি আমাক শাস্তি দিয়াটোহে মুখ্যমন্ত্ৰীৰ কাম। মুখ্যমন্ত্ৰীয়ে চালে-বেৰে কোবোৱা কথা কৈ পলাব নোৱাৰে। গীতাশ্ৰীৰ নিযুক্তি আৰু ঘৰ ক্ৰয়ৰ তদন্ত লাগে।গীতাশ্ৰীয়ে চাকৰি এৰিবলৈ আৰু আমি ঘৰ চৰকাৰক চমজাই দিবলৈ ৰৈ আছোঁ।