গীৰ গাইক লৈ বিধায়ক দিগন্ত কলিতাৰ স্বীকাৰোক্তি- ‘গাই কিনি গৰু চোৰ নাম পালো’

গীৰ গাই কেলেংকাৰীৰ জোঁৱালত নাম সোমাই যোৱা কমলপুৰৰ বিধায়ক তথা দাদা ব্ৰিগেডৰ সদ্য সদস্য দিগন্ত কলিতাই আজি সংবাদ মাধ্যমৰ সন্মুখত ৰঙিয়া ৰে’ল ষ্টেচনৰ পৰা গাই নিয়াৰ কথা স্বীকাৰ কৰি পশ্চাতাপ প্ৰকাশ কৰিছে।

কংগ্ৰেছৰ পৰা অহা দিগন্ত কলিতাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ জয়ন্তমল্ল বৰুৱা, ভূৱন পেগু আদিয়ে ‘গৰুখুঁটি প্ৰকল্প’ৰ বাবে অনা গীৰ গাই আত্মসাৎ কৰাৰ অভিযোগত নাম সাঙোৰ খাইছে।

নিবিদা নকৰাকৈ পানীৰ দৰত গাই বিক্ৰী কৰাৰ অভিযোগ পোহৰলৈ আহোঁতে, চৰকাৰী বৃত্ত আৰু ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া দেখা দিয়ে। এই কেলেংকাৰীক কেন্দ্ৰ কৰি “গৰু চোৰ” বুলি সম্বোধন কৰা আৰম্ভ হৈছে দিগন্ত কলিতাক, যি এতিয়া ৰাজনৈতিক বাতাবৰণত অন্যতম বিতৰ্কিত বিষয় হিচাপে শিৰোনাম দখল কৰিছে।

আজিৰ সংবাদ মাধ্যমৰ সন্মুখত দিগন্ত কলিতাই কয়ঃ

“ময়ো দুটা গীৰ গাই ২০২২ চনত কিনিছিলো। ৯০ হাজাৰ টকাত এটা গাই লৈছিলো। মোৰ ঘৰ কমলপুৰত, পিতৃৰ ঘৰৰ পৰা লোৱা হৈছিল। গাখীৰ উত্পাদন নোহোৱাৰ বাবে আৰু টেনকিনেকল ডিফেক্ট আছিল বুলি গাই দুটা ঘুৰাই দিছিলো। কিন্তু এইটোৱেই এতিয়া ইমান বিতৰ্কত পৰিছে, নাম ধৰা হৈছে ‘গৰু চোৰ’ বুলি। মই সমগ্ৰ কথা ৰাজহুৱা কৰিলো কিয়নো বিষয়টো এতিয়া সৰ্বসাধাৰণৰ মাজত আহি পৰিছে।”

নিবিদা অবিহনে গাই বিক্ৰী কৰা সন্দৰ্ভত দিগন্ত কলিতাৰ মন্তব্য আছিলঃ

“এই বিষয়ে মই একো নাজানো। যদি কিবা খেলিমেলি হৈছে, তেন্তে গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই উত্তৰ দিব লাগিব।”

উল্লেখযোগ্য যে, গৰুখুঁটি প্ৰকল্পৰ অধীনত অনা প্ৰায় ৯০টা গীৰ গাই কিছুমান বাছি লোৱাৰ অভিযোগত বহুজনৰ নাম পোহৰলৈ আহিছে। অকল বিধায়ক নহয়, ব্যৱসায়ীসকলো গাই লোৱাৰ বিষয়টো দিগন্ত কলিতাই উল্লেখ কৰিছে।

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে