গুজৰাটত অধিক ভয়াবহ বান পৰিস্থিতি, ২৯ জনৰ মৃত্যু

ডিজিটেল ডেস্কঃ একেৰাহে হৈ থকা বৰষুণৰ পিছতে গুজৰাটৰ বিভীষিকাৰ সৃষ্টি কৰিছে বান পৰিস্থিতিয়ে। ৰাজ্য চৰকাৰখনে প্ৰকাশ কৰা তথ্য অনুসৰি, এই বান প্ৰলয়ত এতিয়ালৈকে ২৯ জন লোকৰ মৃত্যু ঘটাৰ লগতে প্ৰভাৱিত হৈছে কেইবা সহস্ৰাধিক লোক।

আনহাতে বতৰ বিভাগে বৃহস্পতিবাৰৰ দিনটোতো ১১ জিলাত ধাৰাসাৰ বৰষুণৰ পূৰ্বাভাস জাৰি কৰাৰ পিছত বান পৰিস্থিতি অধিক জটিল হৈ পৰাৰ আশংকা কৰা হৈছে। ৰাজ্যখনৰ কেইবাখনো জিলাৰ ১৮ হাজাৰৰো অধিক লোকে ইতিমধ্যে নিজৰ ঘৰ-বাৰী এৰি আশ্ৰয় শিৱিৰত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি সৌৰাষ্ট্ৰ আৰু কুচ অঞ্চলত নিম্ন চাপৰ বাবে গুজৰাটত অব্যাহত আছে ধাৰাসাৰ বৰষুণ। বৃহস্পতিবাৰে গুজৰাটৰ ১১খন জিলাত প্ৰবল বৰষুণৰ পূৰ্বাভাস প্ৰকাশ কৰিছে আই এম ডিয়ে। তাত জাৰি কৰা হৈছে ‘ৰেড এলাৰ্ট’। লগতে ২২খন জিলাত ‘ইয়েল’ এলাৰ্ট’ জাৰি কৰা হৈছে।

মৰ্বি, বদোদৰা, ভৰুচ, জামনগৰ, আৰাৱল্লী, পঞ্চমহল, দ্বাৰকা আৰু ডাং জিলাত কমেও ১ জন লোকৰ মৃত্যু হোৱা বুলি গুজৰাট চৰকাৰে জানিবলৈ দিয়ে। লগতে আনন্দত ৬ জন, আহমেদাবাদত ৪ জন, গান্ধীনগৰ, খেদা, মহিসাগৰ, দহোদ আৰু সুৰেন্দ্ৰনগৰত ২ জনকৈ লোকৰ মৃত্যু হয় বানৰ ফলত। বিশ্বমিত্ৰীৰ পৰা আৰম্ভ কৰি আন কেইবাখনো নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। বৃহস্পতিবাৰেও দ্বাৰকা, মৰ্বি, সুৰেন্দ্ৰনগৰ, জুনাগড়, ৰাজকোটত ধাৰাসাৰ বৰষুণ হ’ব পাৰে।

ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক ফোন কৰি পৰিস্থিতিৰ বুজ লৈছে। গুজৰাটৰ মুখ্যমন্ত্ৰীক কেন্দ্ৰৰ পৰা প্ৰয়োজনীয় সকলো সহায়ৰ আশ্বাস দিয়া হৈছে।

  • Related Posts

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    কালি নিশা নতুন দিল্লী ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ মহাকুম্ভত স্নানৰ বাবে প্ৰয়াগৰাজলৈ যাত্ৰাৰ বাবে কেইবা হাজাৰ যাত্ৰীয়ে ঠেলা-হেঁচা কৰাত তিনিটা শিশুসহ ১৮ জন লোক নিহত হয়। কুৰিগৰাকী লোক…

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহা কুম্ভমেলা মেলা ৷ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাৰ সময়ত তীর্থযাত্রীসকলৰ প্রত্যাশিত ভিৰ নিয়ন্ত্রণ কৰিবলৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেই দুখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে । উত্তৰ-পূব…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…