
গুৱাহাটীত অনা-অসমীয়াৰ গুণ্ডাগিৰি দিনে দিনে বৃদ্ধি পাইছে৷ অসমীয়া যুৱক-যুৱতীক অনা-অসমীয়া মালিকে নিৰ্যাতন কৰাৰ ঘটনা সংঘটি হৈ থকাৰ লগতে থলুৱাৰ ওপৰত ভিন্ন প্ৰকাৰৰ গুণ্ডাগিৰী দিনেক দিনে বৃদ্ধি পাইছে৷ জাতি-মাটি, ভেটি ৰক্ষাৰ শ্ল’গান দি ৰাজ্যৰ শাসনভাৰ দখল কৰা বিজেপিৰ দিনত থলগিৰীৰ সুৰক্ষা নোহোৱা হৈছে৷ বিজেপি দিনত আজি অসমীয়াই য’তে-ততে অনা-অসমীয়াৰ প্ৰহাৰৰ বলি হ’বলগীয়া হৈছে৷ আৰক্ষীৰ সন্মুখতে থলিগৰী অসমীয়াক বৰ্বৰভাৱে প্ৰহা কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে৷ এইবাৰ গুৱাহাটী মহানগৰীত আৰক্ষীৰ সন্মুখতে অসমীয়াক দলবদ্ধ আক্ৰমণ কৰে অনা-অসমীয়াই৷ নিশা দলবান্ধি আহি প্ৰহাৰ কৰে অসমীয়াক৷ গুৱাহাটীৰ পাথৰ কোৱাৰীত হোলীৰ নিশা উদণ্ড অনা-অসমীয়াই থলুৱাক আক্ৰমণ কৰি মূৰ ফালি পেলাইছিল৷ নিশা প্ৰায় ১২ জনীয়া অনা-অসমীয়া গুণ্ডাৰ দলে থলুৱা লোকে চলোৱা এখন হোটেলত প্ৰৱেশ কৰে৷ হোটেলত আহি বিভিন্ন প্ৰকাৰে হোটেলৰ মালিক, মহিলা কৰ্মচাৰী আৰু অসমীয়া যুৱকক ভাবুকি দিবলৈ ধৰে৷ ফলত এজন থলুৱা যুৱকৰ মূৰ ফালি যায়৷ পিছত হোটেলৰ মালিকে তৰা গোচৰৰ ভিত্তিত ছয়জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ বিশ্বজিৎ দাস, অজিত বাহাদুৰ, সুৰেশ ৰায়, গোলচান্দ সিং, দেৱেশ ৰায়, গৌতম ৰায়ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, পাথৰকোৱাৰীৰ সাগৰিকা বিবাহ ভৱনৰ সমীপৰ মিষ্টান ভাণ্ডাৰ নামৰ হোটেলৰ গৰাকী জয়ন্ত তালুকদাৰক আক্ৰমণ কৰে বিহাৰী যুৱকৰ দলটোৱে৷ ছয়জন যুৱকে জয়ন্ত তালুকদাৰক যিয়ে যেনেকৈ পাৰে তেনেকৈ প্ৰহাৰ কৰে৷ এজনে লোৰ সামগ্ৰীৰে আক্ৰমণ কৰাত তালুকদাৰৰ মূৰ ফালি যায়৷ অত্যাধিক সুৰা পান কৰি ১০-১২ জনীয়া অনা-অসমীয়া গুণ্ডাৰ দলটোৱে প্ৰথমে হোটেলখনলৈ আহি অশ্লীল ভাষাৰে গাল-গালাজ কৰে৷ বাৰে বাৰে হোটেলৰ ভিতৰত সোমাই মালিক আৰু কৰ্মচাৰীক প্ৰহাৰ কৰিবলৈ প্ৰয়াস কৰে৷ সেই সময়ত আৰক্ষীৰ দল এটা আহে৷ আৰক্ষীৰ দলটো আহি পোৱাৰ পিছতে অনা-অসমীয়া যুৱকৰ দলটো অধিক আক্ৰমণাত্মক হৈ হোটেলৰ চকী-মেজ, আচবাব লণ্ড ভণ্ড কৰিবলৈ ধৰে৷ হোটলৰ মালিক আৰু কৰ্মচাৰীয়ে বাধা দিয়াত প্ৰায় ১২ জনীয়া দলটোৱে হোটেলৰ মালিক জয়ন্ত তালুকদাৰসহ কেইবাজনো যুৱকক আক্ৰমণ কৰে৷ অসমীয়া যুৱক জয়ন্ত তালুকদাৰক অনা-অসমীয়াই প্ৰহাৰ কৰাত অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। আৰক্ষীৰ সন্মুখতে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি মূৰ ফালি দিছিল জয়ন্ত তালুকদাৰৰ৷ অনা-অসমীয়া যুৱকে দলে-বলে আহি হোটেলৰ মালিক আৰু কৰ্মচাৰীক আক্ৰমণ কৰা এটা ভিডিঅ’ ভাইৰেল হয়৷ ভিডিঅ’ ভাইৰেল হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ পিছত যুৱকেইজন বজৰং দলৰ সৈতে জড়িত আৰু অনা-অসমীয়া যুৱক বুলি জানিব পৰা যায়৷ অনা-অসমীয়াই থলুৱা ব্যৱসায়িক প্ৰহাৰ কৰাত আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত ৬জনক গ্ৰেপ্তাৰ কৰে নুনমাটিৰ আৰক্ষীয়ে।