
উত্তৰ-পূৰ্বাঞ্চলৰ খনিজ আৰু কয়লাৰ সম্ভাৱনাক বিকশিত কৰিবলৈ আজি গুৱাহাটীত দ্বিতীয় উত্তৰ-পূৱ ভূতত্ত্ব আৰু খনি মন্ত্ৰীসকলৰ সন্মিলন উদ্বোধন কৰা হয়। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে মাননীয় কেন্দ্ৰীয় কয়লা আৰু খনি দপ্তৰৰ মন্ত্ৰী মহোদয়, কয়লা আৰু খনি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী মহোদয়, আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ খনি মন্ত্ৰী তথা প্ৰতিনিধিয়ে । অনুষ্ঠানৰ আৰম্ভণিতে খনিজৰ অন্বেষণ সম্পৰ্কীয় কাৰ্য্যকলাপ, বহনক্ষম খনন পদ্ধতি আৰু অঞ্চলটোৰ বাবে অনুকূল প্ৰযুক্তিগত উদ্ভাৱনক প্ৰতিফলিত কৰিব পৰাকৈ এখন প্ৰদৰ্শনী উদ্বোধন কৰা হয়।অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ ডিমা হাছাও জিলাৰ উমৰাংছ’ অঞ্চলত সাতটা চূণশিলৰ ব্লক নিলামৰ কাম আৰম্ভ কৰা হৈছে আৰু ইতিমধ্যে পাঁচটা চূণশিলৰ ব্লকৰ নিলাম সম্পন্ন হৈছে , বাকী থকা কেইটাৰ বাবেও লেটাৰ অৱ ইনটেণ্ট জাৰি কৰা হৈছে। তেওঁ লগতে কয় যে বাকী দুটা ব্লক ২০২৫ চনৰ আগষ্টৰ ভিতৰত নিলাম হোৱাৰ সম্ভাৱনা আছে । মুখ্যমন্ত্ৰী শৰ্মাই এইবুলি আশা প্ৰকাশ কৰে যে ভাৰত চৰকাৰ আৰু ভাৰতীয় খনি ব্যুৰোৰ সমৰ্থনত ২০২৫ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত এই চূণশিলৰ ব্লকসমূহৰ ভিতৰত অন্ততঃ এটা ব্লক কাৰ্যকৰী কৰিব পৰা যাব।মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে এডভান্টেজ আছাম ২.০ শীৰ্ষ সন্মিলনৰ সময়ত খনি আৰু খনিজ বিভাগে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীৰ পৰা ৪৬,০০০ কোটি টকাতকৈও অধিক বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰাৰ লগতে ১৪খন বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। তেওঁ অসমত অনুকূল কৰ্ম পৰিবেশৰ আশ্বাস দি ঘোষণা কৰে যে ৰাজ্যৰ মন্ত্ৰীসভাই বহনক্ষম খনন আৰু লঘু খনিজ অন্বেষণৰ প্ৰসাৰৰ বাবে অসম ৰাজ্যিক খনিজ ন্যাস গঠনত অনুমোদন জনাইছে। তেওঁ লগতে কয় যে অসম খনিজ নীতি প্ৰণয়নৰ অন্তিম পৰ্যায়ত আছে আৰু এমাহৰ ভিতৰত সেয়া কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। সৰ্বাংগীন উন্নয়নৰ বিষয়ত গুৰুত্ব আৰোপ কৰি তেওঁ প্ৰধানমন্ত্ৰী খনিজ ক্ষেত্ৰ কল্যাণ যোজনাৰ অধীনত শিক্ষা, খোৱাপানী, অনাময় ব্যৱস্থা , মহিলা আৰু শিশুৰ কল্যাণ, জ্যেষ্ঠ নাগৰিক তথা দক্ষতা বিকাশৰ ক্ষেত্ৰত সম্প্ৰদায় পৰ্যায়ত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়তো আলোকপাত কৰে। তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যকে ৰাজ্যৰ ৰাজহ সৰ্বাধিক কৰিবলৈ ভাৰত চৰকাৰৰ সহযোগত খনিজ অন্বেষণ সক্ৰিয়ভাৱে প্ৰসাৰিত কৰিবলৈ আহ্বান জনায়।
সন্মিলনত ভাষণ আগবঢ়াই কেন্দ্ৰীয় কয়লা আৰু খনি দপ্তৰৰ মাননীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে ভাৰতৰ খনন আৰু শক্তিৰ দৃশ্যপটত উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে আলোকপাত কৰে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলৰ খনিজ সমৃদ্ধ ৰাজ্যসমূহে এতিয়া অব্যৱহৃত সম্পদসমূহক অৰ্থনৈতিক বিকাশ, কৰ্মসংস্থাপন আৰু স্থানীয় সৱলীকৰণৰ চালিকা শক্তিলৈ ৰূপান্তৰিত কৰাৰ বিষয়ত মনোনিৱেশ কৰিছে ।মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যকে ৰাজ্য-নিৰ্দিষ্ট খনন কাৰ্য্যৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰই পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি পুনৰ দৃঢ়তাৰে কয় । তেওঁ লগতে পৰিৱেশৰ প্ৰতি দায়বদ্ধ, প্ৰযুক্তিগতভাৱে উন্নত খনন পদ্ধতিৰ বিষয়তো গুৰুত্ব আৰোপ কৰে। তেওঁ খনিজ অন্বেষণৰ পদক্ষেপসমূহক দুৰ্যোগৰ বাবে প্ৰস্তুতি, বৈজ্ঞানিক গৱেষণা আৰু সম্প্ৰদায়ৰ উন্নয়নৰ সৈতে একাকাৰ কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়তো আলোকপাত কৰে।
সন্মিলনত কয়লা আৰু খনি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী সতীশ চন্দ্ৰ ডুবেই ভাষণত প্ৰসংগত এই সন্মিলনক আঞ্চলিক অৰ্থনৈতিক পুনৰুত্থানৰ দিশত এক ঐতিহাসিক পদক্ষেপ হিচাপে প্ৰশংসা কৰে। তেওঁ সমগ্ৰ অসম, মেঘালয়, আৰু ছিকিমত চূণশিল তথা অক্সাইডৰ প্ৰচুৰ মজুত থকাৰ কথা উল্লেখ কৰি এই বুলি কয় যে এনে সম্পদৰ খননে কেৱল কৰ্মসংস্থাপনৰ সৃষ্টি কৰাই নহয়, স্বাৱলম্বী ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰতো প্ৰত্যক্ষভাৱে অৰিহণা যোগাইছে। তেওঁ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহৰ প্ৰগতিশীল দৃষ্টিভংগী তথা ৰাজ্যসমূহে ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ সৈতে একত্ৰিত হ’বলৈ সাজু হোৱাৰ বাবে প্ৰশংসা কৰে।ভাষণ প্ৰসংগত কয়লা মন্ত্ৰালয়ৰ সচিব বিক্ৰম দেৱ দত্তই কয়লাত চহকী অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম আৰু ছিকিমে ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত আগবঢ়োৱা অৱদানৰ কথা স্বীকাৰ কৰে। তেওঁ খনিজ সম্পদৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ কৌশলগত গুৰুত্বৰ বিষয়তো আলোকপাত কৰে। উত্তৰ-পূৰ্বাঞ্চলত মজুত থকা কয়লাৰ বৈশিষ্ট্য হৈছে ইয়াৰ উচ্চ কেলৰি মূল্য, কম ছাই আৰু তুলনামূলকভাৱে অধিক ছালফাৰ থকা গুণ। তেওঁ কয় যে কেন্দ্ৰীয় খণ্ডৰ পুঁজিৰে খনিজ অন্বেষণৰ বাবে গ্ৰহণ কৰা আঁচনিৰ অধীনত ১০% পুঁজি বিশেষভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। তেওঁ লক্ষ্য নিৰ্ধাৰিত খনিজ অন্বেষণৰ পদক্ষেপৰ প্ৰয়োজনীয়তাৰ বিষয়তো গুৰুত্ব আৰোপ কৰে। সচিবগৰাকীয়ে লগতে কয় যে অঞ্চলটোৰ পাঁচটা কয়লা ব্লক সফলতাৰে নিলাম কৰা হৈছে, যাৰ মুঠ ক্ষমতা বছৰি ১.২ নিযুত টন, ইয়াৰ ফলত প্ৰায় ১৬৫০টা চাকৰিৰ সৃষ্টি হ’ব আৰু ৰাজ্যসমূহৰ বাবে বছৰি প্ৰায় ৮০০ কোটি টকা ৰাজহ আহৰণ হ’ব বুলি আশা কৰা হৈছে। তেওঁ পুনৰ কয় যে অঞ্চলটোত মন্ত্ৰালয়ে কয়লা উন্নয়ন কৌশলৰ ক্ষেত্ৰত বহনক্ষমতা নিশ্চিত কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি আহিছে।
খনি মন্ত্ৰালয়ৰ সচিব ভি এল কান্ত ৰাৱে এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰতৰ ভূতাত্ত্বিক জৰীপে উত্তৰ-পূৰ্বাঞ্চলৰ ৩৬ হাজাৰ বৰ্গ কিলোমিটাৰতকৈও অধিক ঠাই খনিজ সম্ভাৱনা থকা বুলি চিনাক্ত কৰিছে, যাৰ অৰ্থ হ’ল প্ৰায় ৩ হাজাৰ সম্ভাৱ্য খনিৰ উপস্থিতি। তেওঁ আলোকপাত কৰে যে অসমে এতিয়া দৃঢ়তাৰে ৰাষ্ট্ৰীয় নিলামৰ মানচিত্ৰত প্ৰৱেশ কৰিছে, যিয়ে খনিজ উন্নয়নৰ এক নতুন যুগৰ সংকেত বহন কৰিছে। তেওঁ খনিজ আৱিষ্কাৰত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগকে ধৰি খনিজ অন্বেষণ আৰু এই বিষয়ত গৱেষণা সম্প্ৰসাৰণৰো আহ্বান জনায়। উল্লেখযোগ্য যে উত্তৰ-পূৰ্বাঞ্চলতে ৰাষ্ট্ৰীয় খনিজ অন্বেষণ ট্ৰাষ্টৰ অধীনত অনুমোদিত ভাৰতৰ প্ৰথমটো এআই সমৰ্থিত অন্বেষণ প্ৰকল্প আছে। সচিবগৰাকীয়ে সকলো ৰাজ্য চৰকাৰক প্ৰত্যাহ্বানমূলক ভূ-প্ৰকৃতিৰ কথা বিবেচনা কৰি খনিজ অন্বেষণৰ বাবে দুৰ্গম অঞ্চলত কাম কৰা ভূতত্ত্ববিদসকলৰ বাবে বহনক্ষমতা আৰু পৰ্যাপ্ত সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনায়।সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত উত্তৰ-পূব ভাৰতৰ ভূতাত্ত্বিক সম্ভাৱনাক সামৰি উল্লেখযোগ্য নথি-পত্ৰৰ লগতে জিঅলজিকেল পটেনচিয়েল অব নৰ্থ ইষ্ট ইণ্ডিয়া শীৰ্ষক নথিও প্ৰকাশ কৰা হয়, য’ত উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ বিশাল অথচ অন্বেষণ নোহোৱাকৈ থকা খনিজ সম্পদৰ সবিশেষ তথ্য সন্নিবিষ্ট কৰা হৈছে। এই নথিত কৌশলগত অন্বেষণ, গৱেষণা, বৃদ্ধি আৰু বহনক্ষম উন্নয়নৰ পথ-মেপ ৰচনা কৰা হৈছে। অনুষ্ঠানত ইণ্ডিয়ান ব্যুৰো অৱ মাইনছৰ দ্বাৰা ভাৰতৰ উত্তৰ-পূবত খনি সম্পৰ্কীয় নথিখনো প্ৰকাশ কৰা হয়। খনি মন্ত্ৰালয়ে ভৱিষ্যতৰ বিনিয়োগৰ পথ প্ৰদৰ্শনৰ বাবে ডিব্ৰুগড় (অসম), পূব কামেং (অৰুণাচল প্ৰদেশ), কামজং (মণিপুৰ), পূব গাৰো (মেঘালয়), আইজল (মিজোৰাম), ফেক (নাগালেণ্ড), নামচি (চিকিম), আৰু গোমটি (ত্ৰিপুৰা)ক সামৰি উন্নীতকৃত জিলা সম্পদ মানচিত্ৰ উন্মোচন কৰে। এক উল্লেখযোগ্য পদক্ষেপ হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উত্তৰ গুৱাহাটীৰ ২ বিঘা মাটি ভাৰতীয় ভূতাত্ত্বিক জৰীপ বিভাগক নতুন আঞ্চলিক কাৰ্যালয় স্থাপনৰ বাবে অৰ্পণ কৰে। টিৰাপ আৰু টিকক মুক্ত কয়লা খনিৰ সম্প্ৰসাৰণৰ বাবেও কয়লা ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষক আবণ্টন পত্ৰ প্ৰদান কৰা হয়, যাৰ ফলত আঞ্চলিক উৎপাদন ক্ষমতা আৰু অধিক বৃদ্ধি পাব বুলি আশা কৰা হৈছে। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অসমৰ খনি মন্ত্ৰী কৌশিক ৰায়; ছিকিমৰ খনি মন্ত্ৰী পিন্টছ’ নামগ্যাল লেপচা; অৰুণাচল প্ৰদেশৰ খনি মন্ত্ৰী ৱাংকি লোৱাং; নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ উপদেষ্টা তথা বিধায়ক ডব্লিউ চিংগাং কন্যাক ;মেঘালয়ৰ শক্তি মন্ত্ৰী এ টি মণ্ডল আদি ব্যক্তিসকল উপস্থিত থাকে।উদ্বোধনী অনুষ্ঠানত খনিজ অন্বেষণ কাৰ্যকলাপ, ৰাজ্য সংস্কাৰ, উদগনি , বহনক্ষম কয়লা খনন, উত্তৰ-পূৰ্বাঞ্চলৰ নবীকৰণযোগ্য শক্তিৰ সম্ভাৱনা, খনিৰ সুৰক্ষা ব্যৱস্থাৰ বিষয়ত কাৰিকৰী অধিৱেশন আদি অনুষ্ঠিত হয়। অধিৱেশনৰ দ্বিতীয় দিনা উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যই তেওঁলোকৰ খনিজ খণ্ড সন্দৰ্ভত বিশদ উপস্থাপন, ৰাজ্যৰ খনি মন্ত্ৰীসকলৰ ভাষণ আৰু দায়িত্বশীল খনিজ উন্নয়নৰ সহযোগিতামূলক কৌশলৰ বিষয়ত আলোকপাত কৰি আলোচনা কৰা হ’ব।
ভাৰতৰ খনিজ নিলামৰ কাঠামোই যোৱা কেইমাহমানৰ পৰা শক্তিশালী গতি লাভ কৰিছে। ২০২৪–২৫ বিত্তীয় বৰ্ষৰ পৰা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে মুঠ ২৮৩টা খনিজ ব্লক নিলামৰ বাবে সাজু কৰিছে। ইয়াৰে ১৬১টা খনিজ ব্লক সফলভাৱে নিলাম কৰা হৈছে, যাৰ ফলত ইয়াৰ সংখ্যা ৫১৫লৈ বৃদ্ধি পাইছে।ইয়াৰ ভিতৰত অসমৰ ৫টা খনিজ ব্লক আৰু অৰুণাচল প্ৰদেশৰ চাৰিটা জটিল খনিজ ব্লক অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ফলত অঞ্চলটোত ঔদ্যোগিক বিকাশ আৰু কৰ্মসংস্থাপনৰ নতুন পথ মুকলি হৈছে। এই নিলামসমূহে ভাৰতৰ জটিল খনিজ কৌশলত কেন্দ্ৰীয় ভূমিকা গ্ৰহণ কৰিবলৈ উত্তৰ-পূবৰ প্ৰস্তুতিৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। এই কথাই সম্পদ আবণ্টনৰ ক্ষেত্ৰত স্বচ্ছতা তথা প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধিৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। এই সন্মিলনে বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি উত্তৰ-পূব অঞ্চলৰ খনিজ আৰু কয়লা খণ্ডত বিনিয়োগ, উদ্ভাৱন তথা সৰ্বাংগীন বৃদ্ধি ত্বৰান্বিত কৰাৰ বাবে অনুঘটক হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে । ২০২২ চনৰ অক্টোবৰ মাহত নাগালেণ্ডত অনুষ্ঠিত হৈছিল প্ৰথম উত্তৰ-পূব ভূতত্ত্ব আৰু খনি মন্ত্ৰীসকলৰ সন্মিলন।