বাংলাদেশত হিন্দুৰ ওপৰত হৈ অহা নিৰ্যাতনৰ বিৰুদ্ধে ভাৰতত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে৷ দেশৰ মুখ্য বিৰোধী দল কংগ্ৰেছে ইতিমধ্যে পত্ৰযোগে বিষয়টোত হস্তক্ষেপ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন ভাৰত চৰকাৰক দাবী জনাইছে৷ কিন্তু ভাৰত চৰকাৰে বিষয়টোক গুৰুত্ব প্ৰদান নকৰাত ক্ষোভিত হৈছে কংগ্ৰেছ৷ আজি কংগ্ৰেছে অসমত প্ৰতিবাদ সাব্যস্ত কৰিছে৷ ৰাজ্যৰ ৰাজধানী গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে৷ গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত অসম প্ৰদেশ কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ কেইবা শতাধিক কংগ্ৰেছেৰ নেতা-কৰ্মীয়ে হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ শ্ল’গান দি আকাশ-বতাই কঁপাই তোলে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ পুত্তলিকা দাহো কৰিছিল যদিও আৰক্ষীয়ে বাধা দিয়ে৷ আৰক্ষীৰ সৈতে হতাহতিও হয় প্ৰতিবাদস্থলীত৷ বাংলাদেশৰ হিন্দুৰ সুৰক্ষা নিশ্চিত কৰক, বিজেপি-আৰএছএছৰ হিন্দু প্ৰীতি ক’লৈ গ’ল, নৰেন্দ্ৰ মোদী হায়ঃ হায়ঃ আজি শ্ল’গান দি ৰাজপথ আৰু আকাশ-বতাই কঁপাই তোলে৷ প্ৰতিবাদত অংশ লৈ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে কয় যে বাংলাদেশত হিন্দু সংখ্যালঘূসকলৰ ওপৰত যি নিৰ্যাতন চলিয়েই আছে৷ সেই লৈ ভাৰত চৰকাৰে কোনো ফলপ্ৰসু পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা নাই৷ ভাৰত চৰকাৰে বাংলাদেশ চৰকাৰৰ সৈতে শীঘ্ৰে আলোচনা কৰি বাংলাদেশৰ সংখ্যালঘূ হিন্দুসকলক সুৰক্ষা প্ৰদান কৰক৷ ইপিনে আন এগৰাকী কংগ্ৰেছ নেত্ৰী ৰূপা কলিতাই কয় যে কংগ্ৰেছে বাংলাদেশত হিন্দু ওপৰত হৈ অহা ঘটনাৰ বিৰোধ কৰিছে৷ হিন্দু আজি নিৰ্যাতিত কিন্তু ননবায়’লজিকেল জন চিনেমা চোৱাতহে ব্যস্ত? আচৰিত!