গুৱাহাটীত খাদ্য সুৰক্ষা-মানক কৰ্তৃপক্ষৰ প্ৰতিনিধিৰ সৈতে অসমৰ কেইবাটাও সংস্থাৰ বৈঠক

আজি গুৱাহাটীৰ তাজ ভিভাণ্টা হোটেলত ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক কৰ্তৃপক্ষৰ বিষয়-ববীয়াৰ উপস্থিতিত অসমৰ কেঁচা চাহপাত তথা খাদ্যৰ গুণগত মাণদণ্ড সন্দৰ্ভত বিশেষ বৈঠক অনুষ্ঠিত হয়৷ ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক কৰ্তৃপক্ষ কাৰ্যবাহী সঞ্চালক ইনোশী শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত খাদ্য সুৰক্ষা আইন আৰু অসমৰ চাহপাতৰ গুণগত মাণদণ্ড সন্দৰ্ভত আলোচনা কৰা হয়৷ গুৰুত্বপূৰ্ণ বৈঠকত এনইটিএৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতি, এবিএলটিএমএৰ চন্দ্ৰজিৎ বৰুৱা, আশ্লাম খান, টাটা গ্ৰুপৰ পুতুল বৰা, নৰ্থ ইষ্ট কনফেডাৰেচন স্মল টি গ্ৰেয়াৰৰ্ছ এচোছিয়েচনৰ বিনোদ বুঢ়াগোঁহাই, উজনি অসম ক্ষুদ্ৰ চাহ ৰোপণকাৰী সংস্থাৰ দিগন্ত হাজৰিকা, অল বো স্মল টি গ্ৰাৱাৰচ এছ’চিয়েচনৰ তৰুণ মুছাহাৰী আৰু ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিনিধি উপস্থিত থাকে। বৈঠকত সকলো সংগঠনে নিজ নিজ দাঙি ধৰে। নতুন বছৰৰ আৰম্ভণিৰ পৰা কেঁচা চাহপাতত বিষাক্ত দ্ৰব্য ব্যৱহাৰ কৰা যাতে নহয় তাক লৈ গুৰুত্ব প্ৰদান কৰা হয়৷ চাহ বাগিচা, উদ্যোগৰ সৈতে জড়িত সংস্থাসমূহক ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত সজাগতা আনিবলৈ অসমৰ প্ৰতিখন জিলাতে সজাগতা সভা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ বৈঠকত প্ৰতিখন জিলাতে কেঁচা চাহপাতৰ পৰীক্ষাগাৰ স্থাপন কৰা জোৰ দিয়া বুলি নৰ্থ ইষ্ট কনফেডাৰেচনৰ সচিব প্ৰধান বিনোদ বুঢ়াগোঁহায়ে জানিবলৈ দিয়ে।

  • Related Posts

    ইছলামিক ৰাষ্ট্ৰত নামাজ পঢ়াৰ প্ৰশিক্ষণ লৈছে গৌৰৱ গগৈয়েঃ মুখ্যমন্ত্ৰী

    জম্মু-কাশ্মীৰৰ পেহেলগামৰ ঘটনাক লৈ দেশ উত্তাল হৈ থকাৰ সময়তে পুনৰ গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ আজি আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ নাম নোলোৱাকৈ অসমৰ এজন সাংসদ বুলি…

    জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণ, নিহত ২৫ পৰ্যটক

    জম্মু-কাশ্মীৰৰ পেহেলগামৰ বাইছাৰন উপত্যকাত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত কমেও ২৫ জন পৰ্যটক নিহত হৈছে আৰু বহুজন আহত হৈছে। এই ঘটনাই অমৰনাথ যাত্ৰাৰ আগমুহূৰ্তত উপত্যকাত আতংকৰ সৃষ্টি কৰিছে। আক্ৰমণটোৰ সময়ত পৰ্যটকসকলে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…